--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৰৱৰ্তী লোকসভা নিৰ্বাচন পৰ্যন্ত জেপি নাড্ডাই হৈ থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি৷ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত সভাপতি হিচাপে সম্প্ৰসাৰণ লাভ কৰিছে নড্ডাই আৰু ২০২৪ৰ  জুনলৈ তেওঁ বিজেপি প্ৰধান হৈ থাকিব।
 
দলটোৰ জ্যেষ্ঠ ৰণনীতিবিদ অমিত শ্বাহে আজি দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ দ্বিতীয় দিনৰ মাজতে কৰে এই বৃহৎ ঘোষণা৷
আশা কৰা হৈছিল যে নড্ডাৰ কাৰ্যকাল বৃদ্ধি কৰা হ'ব৷ কিয়নো, এই বছৰ নখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু ২০২৪ত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনসমূহৰ পূৰ্বে সলনি হোৱাটো বিচৰা নাই বিজেপিয়ে৷

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে সৰ্বসন্মতিক্ৰমে দলৰ সভাপতি জেপি নড্ডাৰ কাৰ্যকাল ২০২৪ৰ জুনলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বুলি অমিত শ্বাহে এখন সংবাদমেলত ঘোষণা কৰে। সংবাদমেলত তেওঁ কয়, আমি নিশ্চিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি সভাপতি নড্ডাৰ অধীনত দলটোৱে ২০১৯তকৈ বৃহৎ জনাদেশৰ সৈতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হ'ব৷

কালি নড্ডাই উল্লেখ কৰিছিল যে দলৰ নেতাসকলে এই বছৰ নখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজয় নিশ্চিত কৰিব লাগিব।

প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকৰ সামৰণি অধিৱেশনত দলটোৰ বাবে ৰাজনৈতিক ৰূপৰেখা প্ৰস্তুত কৰিব বুলি আশা কৰা হৈছে, য'ত কেন্দ্ৰীয় মন্ত্ৰী, বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সমগ্ৰ দেশৰ প্ৰায় ৩৫০জন শীৰ্ষস্থানীয় বিজেপি নেতা উপস্থিত আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু