--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৰৱৰ্তী লোকসভা নিৰ্বাচন পৰ্যন্ত জেপি নাড্ডাই হৈ থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি৷ বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত সভাপতি হিচাপে সম্প্ৰসাৰণ লাভ কৰিছে নড্ডাই আৰু ২০২৪ৰ  জুনলৈ তেওঁ বিজেপি প্ৰধান হৈ থাকিব।
 
দলটোৰ জ্যেষ্ঠ ৰণনীতিবিদ অমিত শ্বাহে আজি দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ দ্বিতীয় দিনৰ মাজতে কৰে এই বৃহৎ ঘোষণা৷
আশা কৰা হৈছিল যে নড্ডাৰ কাৰ্যকাল বৃদ্ধি কৰা হ'ব৷ কিয়নো, এই বছৰ নখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু ২০২৪ত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনসমূহৰ পূৰ্বে সলনি হোৱাটো বিচৰা নাই বিজেপিয়ে৷

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে সৰ্বসন্মতিক্ৰমে দলৰ সভাপতি জেপি নড্ডাৰ কাৰ্যকাল ২০২৪ৰ জুনলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বুলি অমিত শ্বাহে এখন সংবাদমেলত ঘোষণা কৰে। সংবাদমেলত তেওঁ কয়, আমি নিশ্চিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি সভাপতি নড্ডাৰ অধীনত দলটোৱে ২০১৯তকৈ বৃহৎ জনাদেশৰ সৈতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হ'ব৷

কালি নড্ডাই উল্লেখ কৰিছিল যে দলৰ নেতাসকলে এই বছৰ নখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজয় নিশ্চিত কৰিব লাগিব।

প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকৰ সামৰণি অধিৱেশনত দলটোৰ বাবে ৰাজনৈতিক ৰূপৰেখা প্ৰস্তুত কৰিব বুলি আশা কৰা হৈছে, য'ত কেন্দ্ৰীয় মন্ত্ৰী, বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সমগ্ৰ দেশৰ প্ৰায় ৩৫০জন শীৰ্ষস্থানীয় বিজেপি নেতা উপস্থিত আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক