--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ হায়দৰাবাদৰ পৰা আহিছে গুৰুত্বপূৰ্ণ৷হায়দৰাবাদ আৰক্ষীয়ে ভিক্ষাৰ দ্বাৰা উপাৰ্জন কৰা ভিক্ষা মাফিয়াৰ ৰেকেটক সফলতাৰে কৰায়ত্ত কৰিছে। হায়দৰাবাদৰ পশ্চিম অঞ্চলৰ উপায়ুক্তই গঠন কৰা বিশেষ টাস্ক ফ’ৰ্চে এই দমন অভিযান চলাই ৮ টা শিশুসহ ২৩ জন ভিক্ষাৰীক উদ্ধাৰ কৰে। 

ব্যস্ত যান-বাহন থকা অঞ্চলসমূহত ভিক্ষাবৃত্তি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াসত আৰক্ষীৰ দলটোৱে  ভিক্ষাৰ লগত জড়িত গেঙৰ ওপৰত বিশেষ অভিযান চলায়৷ আৰক্ষীয়ে এক বিবৃতিত কয় যে, "আৰক্ষীয়ে নাবালক ল'ৰা আৰু এজন অভিযুক্ত ভি সূৰ্য প্ৰকাশ নামৰ এজন প্ৰাক্তন ফটোগ্ৰাফাৰক গ্ৰেপ্তাৰ কৰে, যিয়ে ভিক্ষাৰীসকলৰ পৰা ফিল্মচিটী বাছ ষ্টপ আৰু ওচৰৰ বজাৰ কৰা অঞ্চলত প্ৰতিদিনে ১০০০ৰ পৰা ২০০০ টকা সংগ্ৰহ কৰি আছিল।"

আৰক্ষীয়ে গেঙটোৰ পৰা জব্দ কৰে তিনিটা ষ্টীলৰ বাকচ, Phone pay QR codeৰ সৈতে সংযুক্ত এটা স্মাৰ্টফোন উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা প্ৰকাশৰ আয়ৰ নিৰ্দিষ্ট উৎস নাছিল৷ তেওঁ পৰিকল্পনা ৰচনা কৰি ওচৰৰ বস্তিৰ পৰা নাবালক ল’ৰাক ফিল্মচিটী বাছষ্টপ আৰু ওচৰৰ বজাৰ কৰা অঞ্চলত সংগঠিত পাৰ্ট টাইম ভিক্ষাৰ বাবে জোৰকৈ নিযুক্তি দিছিল।

টাস্ক ফ’ৰ্চৰ লোকসকলৰ জেৰাত ভিক্ষাৰী কেইজনে প্ৰতিদিনে ১০০০ৰ পৰা ২০০০টকা পৰ্যন্ত উপাৰ্জন কৰে। প্ৰকাশে দিনটোত ৬০০০ টকা পৰ্যন্ত উপাৰ্জন কৰা বুলি কোৱা হৈছিল।হায়দৰাবাদ আৰক্ষীয়ে আন এটা ভিক্ষাৰী চক্ৰক আটক কৰে। হায়দৰাবাদৰ আয়ুক্তৰ টাস্ক ফ’ৰ্চৰ দক্ষিণ-পূব মণ্ডলৰ দলটোৱে মালাকপেট আৰক্ষীৰ সৈতে মিলি এটা ভিক্ষাৰী মাফিয়া গেঙক কৰায়ত্ত কৰে, যিয়ে ঠগ প্ৰৱঞ্চনাৰে দান-বৰঙণিৰ নামত মানুহৰ পৰা ধন বিচাৰিছিল। তিনিজন দালাল আৰু ৭জন ভিক্ষাৰীকে ধৰি ১০জন লোকক গ্ৰেপ্তাৰ কৰে। লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা দুখন অটোৰিক্সা, ১.৩৮ লাখ টকা আৰু কিছু নথি-পত্ৰ জব্দ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement