--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ হায়দৰাবাদৰ পৰা আহিছে গুৰুত্বপূৰ্ণ৷হায়দৰাবাদ আৰক্ষীয়ে ভিক্ষাৰ দ্বাৰা উপাৰ্জন কৰা ভিক্ষা মাফিয়াৰ ৰেকেটক সফলতাৰে কৰায়ত্ত কৰিছে। হায়দৰাবাদৰ পশ্চিম অঞ্চলৰ উপায়ুক্তই গঠন কৰা বিশেষ টাস্ক ফ’ৰ্চে এই দমন অভিযান চলাই ৮ টা শিশুসহ ২৩ জন ভিক্ষাৰীক উদ্ধাৰ কৰে। 

ব্যস্ত যান-বাহন থকা অঞ্চলসমূহত ভিক্ষাবৃত্তি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াসত আৰক্ষীৰ দলটোৱে  ভিক্ষাৰ লগত জড়িত গেঙৰ ওপৰত বিশেষ অভিযান চলায়৷ আৰক্ষীয়ে এক বিবৃতিত কয় যে, "আৰক্ষীয়ে নাবালক ল'ৰা আৰু এজন অভিযুক্ত ভি সূৰ্য প্ৰকাশ নামৰ এজন প্ৰাক্তন ফটোগ্ৰাফাৰক গ্ৰেপ্তাৰ কৰে, যিয়ে ভিক্ষাৰীসকলৰ পৰা ফিল্মচিটী বাছ ষ্টপ আৰু ওচৰৰ বজাৰ কৰা অঞ্চলত প্ৰতিদিনে ১০০০ৰ পৰা ২০০০ টকা সংগ্ৰহ কৰি আছিল।"

আৰক্ষীয়ে গেঙটোৰ পৰা জব্দ কৰে তিনিটা ষ্টীলৰ বাকচ, Phone pay QR codeৰ সৈতে সংযুক্ত এটা স্মাৰ্টফোন উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা প্ৰকাশৰ আয়ৰ নিৰ্দিষ্ট উৎস নাছিল৷ তেওঁ পৰিকল্পনা ৰচনা কৰি ওচৰৰ বস্তিৰ পৰা নাবালক ল’ৰাক ফিল্মচিটী বাছষ্টপ আৰু ওচৰৰ বজাৰ কৰা অঞ্চলত সংগঠিত পাৰ্ট টাইম ভিক্ষাৰ বাবে জোৰকৈ নিযুক্তি দিছিল।

টাস্ক ফ’ৰ্চৰ লোকসকলৰ জেৰাত ভিক্ষাৰী কেইজনে প্ৰতিদিনে ১০০০ৰ পৰা ২০০০টকা পৰ্যন্ত উপাৰ্জন কৰে। প্ৰকাশে দিনটোত ৬০০০ টকা পৰ্যন্ত উপাৰ্জন কৰা বুলি কোৱা হৈছিল।হায়দৰাবাদ আৰক্ষীয়ে আন এটা ভিক্ষাৰী চক্ৰক আটক কৰে। হায়দৰাবাদৰ আয়ুক্তৰ টাস্ক ফ’ৰ্চৰ দক্ষিণ-পূব মণ্ডলৰ দলটোৱে মালাকপেট আৰক্ষীৰ সৈতে মিলি এটা ভিক্ষাৰী মাফিয়া গেঙক কৰায়ত্ত কৰে, যিয়ে ঠগ প্ৰৱঞ্চনাৰে দান-বৰঙণিৰ নামত মানুহৰ পৰা ধন বিচাৰিছিল। তিনিজন দালাল আৰু ৭জন ভিক্ষাৰীকে ধৰি ১০জন লোকক গ্ৰেপ্তাৰ কৰে। লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা দুখন অটোৰিক্সা, ১.৩৮ লাখ টকা আৰু কিছু নথি-পত্ৰ জব্দ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু