--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছিয়াৰ বিভিন্ন অংশত এই দ্রুত উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ আন অংশৰ উপকূলীয় অঞ্চলতকৈ ভাৰতৰ উপকূলীয় অঞ্চল বহু দ্রুতগতিত সাগৰত বুৰ গৈ থকা বুলি ডব্লিউ এম অ'ই সম্ভাৱনা ব্যক্ত কৰিছে।

ডিজিটেল ডেস্ক : এল নিনোৰ প্ৰভাৱত বৃদ্ধি পোৱা প্রচণ্ড গ্রীষ্ম প্ৰৱাহে দেশৰ উপকূলীয় অঞ্চললৈ অশনি সংকেত কঢ়িয়াই আনিছে। ভাৰতৰ উপকূলীয় অঞ্চলসমূহ দ্রুতগতিত সাগৰত ডুব যোৱাৰ দিশত আগবাঢ়িছে। বিশ্ব বতৰ বিজ্ঞান সংস্থাই (ডব্লিউ এম অ') এই আশংকা ব্যক্ত কৰিছে। ডব্লিউ এম অ'ই এছিয়াৰ জলবায়ু প্রতিবেদন-২০২৫ৰ ভিত্তিত প্ৰকাশ কৰিছে যে ১৯৯৯ চনত কৃত্রিম উপগ্ৰহৰ দ্বাৰা তথ্য আহৰণ আৰম্ভকৰাৰ পাছত প্ৰথমবাৰৰ বাবে এছিয়া অঞ্চলৰ সাগৰপৃষ্ঠৰ উচ্চতা আটাইতকৈ বৃদ্ধি পাইছে। 


তথ্য অনুসৰি ভাৰত মহাসাগৰৰ এছীয় অংশত ১৯৯৯ চনৰ পৰা উষ্ণতা ক্রমাৎ বৃদ্ধি পাই আহিছে আৰু ২০২৫ চনত উষ্ণতা বৃদ্ধিয়ে নতুন অভিলেখ সৃষ্টি কৰে। এছিয়াৰ বিভিন্ন অংশত এই দ্রুত উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ আন অংশৰ উপকূলীয় অঞ্চলতকৈ ভাৰতৰ উপকূলীয় অঞ্চল বহু দ্রুতগতিত সাগৰত বুৰ গৈ থকা বুলি ডব্লিউ এম অ'ই সম্ভাৱনা ব্যক্ত কৰিছে। 


সংস্থাটোৰ তথ্য অনুসৰি ভাৰত মহাসাগৰৰ উত্তৰ উপকূলীয় অংশত ১৯৯৯-২০২৫ চনৰ ভিতৰত সাগৰপৃষ্ঠৰ বৃদ্ধি গোলকীয় হাৰতকৈ বহু বেছি। সাগৰপৃষ্ঠ বৃদ্ধিৰ গোলকীয় হাৰ ৩.৬ মিলিমিটাৰ/বছৰ হোৱাৰ বিপৰীতে ভাৰতীয় উপকূল অঞ্চলত সাগৰপৃষ্ঠৰ বৃদ্ধিৰ হাৰ ৪.৯ মিলিমিটাৰ/বছৰ, যিয়েভাৰতৰ উপকূলীয় অঞ্চল, চহৰ/নগৰসমূহলৈ অশনি সংকেত কঢ়িয়াই আনিছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু