--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এছিয়াৰ বিভিন্ন অংশত এই দ্রুত উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ আন অংশৰ উপকূলীয় অঞ্চলতকৈ ভাৰতৰ উপকূলীয় অঞ্চল বহু দ্রুতগতিত সাগৰত বুৰ গৈ থকা বুলি ডব্লিউ এম অ'ই সম্ভাৱনা ব্যক্ত কৰিছে।

ডিজিটেল ডেস্ক : এল নিনোৰ প্ৰভাৱত বৃদ্ধি পোৱা প্রচণ্ড গ্রীষ্ম প্ৰৱাহে দেশৰ উপকূলীয় অঞ্চললৈ অশনি সংকেত কঢ়িয়াই আনিছে। ভাৰতৰ উপকূলীয় অঞ্চলসমূহ দ্রুতগতিত সাগৰত ডুব যোৱাৰ দিশত আগবাঢ়িছে। বিশ্ব বতৰ বিজ্ঞান সংস্থাই (ডব্লিউ এম অ') এই আশংকা ব্যক্ত কৰিছে। ডব্লিউ এম অ'ই এছিয়াৰ জলবায়ু প্রতিবেদন-২০২৫ৰ ভিত্তিত প্ৰকাশ কৰিছে যে ১৯৯৯ চনত কৃত্রিম উপগ্ৰহৰ দ্বাৰা তথ্য আহৰণ আৰম্ভকৰাৰ পাছত প্ৰথমবাৰৰ বাবে এছিয়া অঞ্চলৰ সাগৰপৃষ্ঠৰ উচ্চতা আটাইতকৈ বৃদ্ধি পাইছে। 


তথ্য অনুসৰি ভাৰত মহাসাগৰৰ এছীয় অংশত ১৯৯৯ চনৰ পৰা উষ্ণতা ক্রমাৎ বৃদ্ধি পাই আহিছে আৰু ২০২৫ চনত উষ্ণতা বৃদ্ধিয়ে নতুন অভিলেখ সৃষ্টি কৰে। এছিয়াৰ বিভিন্ন অংশত এই দ্রুত উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ আন অংশৰ উপকূলীয় অঞ্চলতকৈ ভাৰতৰ উপকূলীয় অঞ্চল বহু দ্রুতগতিত সাগৰত বুৰ গৈ থকা বুলি ডব্লিউ এম অ'ই সম্ভাৱনা ব্যক্ত কৰিছে। 


সংস্থাটোৰ তথ্য অনুসৰি ভাৰত মহাসাগৰৰ উত্তৰ উপকূলীয় অংশত ১৯৯৯-২০২৫ চনৰ ভিতৰত সাগৰপৃষ্ঠৰ বৃদ্ধি গোলকীয় হাৰতকৈ বহু বেছি। সাগৰপৃষ্ঠ বৃদ্ধিৰ গোলকীয় হাৰ ৩.৬ মিলিমিটাৰ/বছৰ হোৱাৰ বিপৰীতে ভাৰতীয় উপকূল অঞ্চলত সাগৰপৃষ্ঠৰ বৃদ্ধিৰ হাৰ ৪.৯ মিলিমিটাৰ/বছৰ, যিয়েভাৰতৰ উপকূলীয় অঞ্চল, চহৰ/নগৰসমূহলৈ অশনি সংকেত কঢ়িয়াই আনিছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান