--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃ-মাতৃ তাৰকা হ’লে সন্তানৰ পথো হৈ পৰে মসৃণ! ককা-আইতাৰ হাতত ধৰিয়ো হেনো পাব পাৰি বলীউডৰ অভিজাত মঞ্চ! এনে কিছুমান প্ৰসংগ বলীউড এৰিনাত প্ৰায়ে চৰ্চিত হৈ আহিছে। কাপুৰ, বচ্চন, ৰোশন কিম্বা খান পৰিয়ালৰ ক্ষেত্ৰত তেনে প্ৰতিবিম্বৰ প্ৰতিফলনেই যেন দেখিবলৈ পায় অনুৰগীয়ে! পৰিচালক বা প্ৰযোজক পিতৃয়ে নিজ সন্তানৰ কেৰিয়াৰ গঢ়ি দিয়া বুলিও ঘুনূক-ঘানাককৈ শুনিবলৈ পোৱা যায়। কিন্তু কি হ'ব যদি তাৰকা পিতৃয়ে নিজে স্বজনপোষণৰ দৰে বিষয়বোৰ উপহাস কৰে? শেহতীয়াকৈ বলীউড অভিনেতা জেকী শ্ৰফৰ তেনে এক ঘটনাই পোহৰলৈ আহিছে। মন কৰিবলগীয়া যে, এটা টিভি শ্ব'ৰ আহিবলগীয়া খণ্ডত উপস্থিত থাকিব জেকী তনয় টাইগাৰ শ্ৰফ, প্ৰযোজক ছাজিদ নাদিয়াদৱালা, কৃতি শ্বেনন, আহান চেট্টী। ছাজিদে ইয়াৰ ট্ৰেইলাৰত জেকীৰ বিষয়ে কৰিছে আচৰিত মন্তব্য। বলীউডত টাইগাৰ শ্ৰফৰ আত্মপ্ৰকাশক কেন্দ্ৰ কৰি জেকী আৰু টাইগাৰৰ মাজৰ এটা ধেমেলীয়া কথোপকথনৰ কাহিনী উত্থাপন কৰে। উল্লেখ্য যে, টাইগাৰৰ প্ৰথম ছবি 'হিৰোপান্তি'ৰ প্ৰযোজক আছিল ছাজিদ। কি কৈছিল জেকীয়ে? অনুষ্ঠানটোত বক্তব্য ৰাখি ছাজিদে কয় যে, ‘ টাইগাৰ শ্ৰফৰ প্ৰথমখন ছবিৰ পূৰ্বে এদিন জেকী শ্ৰফৰ ওচৰলৈ গৈছিলো। তেতিয়া অভিনেতাজনে স্বভাৱসুলভ ভংগীৰে কয়-বীৰু! মোৰ কাম কেৱল কেঁচুৱা জন্ম দিয়া। আপুনি তেওঁক তাৰকা কৰি তুলিব!’ স্বাভাৱিকতে জেকীৰ এই মন্তব্যই অত্যন্তসুখী কৰি তুলিছিল ছাজিদক। বলীউডৰ এই গতানুগতিক ধাৰাৰ বিপৰীতে যে কিছুসংখ্যক অভিনেতা আজিও ব্যতিক্ৰম সেই কথাই ভবাই তুলিছে সুধী জনক। কেৱল পিতৃৰ কথাই নহয়, নিজ প্ৰতিভা আৰু অহোপুৰুষাৰ্থৰ বলতে টাইগাৰ শ্ৰফে বলীউডত স্থান লাভ কৰিছে সেই কথাও সত্যত প্ৰমাণিত হৈছে। একশ্যন ছবিৰ নায়ক হিচাপে ইতিমধ্যে খ্যাতি অৰ্জন কৰিছে ছাজিদৰ ‘বাঘী’ ছবিখনে। এইফালে 'হিৰোপান্তি-২'ৰ দৃশ্যগ্ৰহণ বৰ্তমান চলি আছে। পৰৱৰ্তী সময়ত কৃতীৰ বিপৰীতে 'গণপত'ত দেখিবলৈ পাব জেকী তনয় টাইগাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু