--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃ-মাতৃ তাৰকা হ’লে সন্তানৰ পথো হৈ পৰে মসৃণ! ককা-আইতাৰ হাতত ধৰিয়ো হেনো পাব পাৰি বলীউডৰ অভিজাত মঞ্চ! এনে কিছুমান প্ৰসংগ বলীউড এৰিনাত প্ৰায়ে চৰ্চিত হৈ আহিছে। কাপুৰ, বচ্চন, ৰোশন কিম্বা খান পৰিয়ালৰ ক্ষেত্ৰত তেনে প্ৰতিবিম্বৰ প্ৰতিফলনেই যেন দেখিবলৈ পায় অনুৰগীয়ে! পৰিচালক বা প্ৰযোজক পিতৃয়ে নিজ সন্তানৰ কেৰিয়াৰ গঢ়ি দিয়া বুলিও ঘুনূক-ঘানাককৈ শুনিবলৈ পোৱা যায়। কিন্তু কি হ'ব যদি তাৰকা পিতৃয়ে নিজে স্বজনপোষণৰ দৰে বিষয়বোৰ উপহাস কৰে? শেহতীয়াকৈ বলীউড অভিনেতা জেকী শ্ৰফৰ তেনে এক ঘটনাই পোহৰলৈ আহিছে। মন কৰিবলগীয়া যে, এটা টিভি শ্ব'ৰ আহিবলগীয়া খণ্ডত উপস্থিত থাকিব জেকী তনয় টাইগাৰ শ্ৰফ, প্ৰযোজক ছাজিদ নাদিয়াদৱালা, কৃতি শ্বেনন, আহান চেট্টী। ছাজিদে ইয়াৰ ট্ৰেইলাৰত জেকীৰ বিষয়ে কৰিছে আচৰিত মন্তব্য। বলীউডত টাইগাৰ শ্ৰফৰ আত্মপ্ৰকাশক কেন্দ্ৰ কৰি জেকী আৰু টাইগাৰৰ মাজৰ এটা ধেমেলীয়া কথোপকথনৰ কাহিনী উত্থাপন কৰে। উল্লেখ্য যে, টাইগাৰৰ প্ৰথম ছবি 'হিৰোপান্তি'ৰ প্ৰযোজক আছিল ছাজিদ। কি কৈছিল জেকীয়ে? অনুষ্ঠানটোত বক্তব্য ৰাখি ছাজিদে কয় যে, ‘ টাইগাৰ শ্ৰফৰ প্ৰথমখন ছবিৰ পূৰ্বে এদিন জেকী শ্ৰফৰ ওচৰলৈ গৈছিলো। তেতিয়া অভিনেতাজনে স্বভাৱসুলভ ভংগীৰে কয়-বীৰু! মোৰ কাম কেৱল কেঁচুৱা জন্ম দিয়া। আপুনি তেওঁক তাৰকা কৰি তুলিব!’ স্বাভাৱিকতে জেকীৰ এই মন্তব্যই অত্যন্তসুখী কৰি তুলিছিল ছাজিদক। বলীউডৰ এই গতানুগতিক ধাৰাৰ বিপৰীতে যে কিছুসংখ্যক অভিনেতা আজিও ব্যতিক্ৰম সেই কথাই ভবাই তুলিছে সুধী জনক। কেৱল পিতৃৰ কথাই নহয়, নিজ প্ৰতিভা আৰু অহোপুৰুষাৰ্থৰ বলতে টাইগাৰ শ্ৰফে বলীউডত স্থান লাভ কৰিছে সেই কথাও সত্যত প্ৰমাণিত হৈছে। একশ্যন ছবিৰ নায়ক হিচাপে ইতিমধ্যে খ্যাতি অৰ্জন কৰিছে ছাজিদৰ ‘বাঘী’ ছবিখনে। এইফালে 'হিৰোপান্তি-২'ৰ দৃশ্যগ্ৰহণ বৰ্তমান চলি আছে। পৰৱৰ্তী সময়ত কৃতীৰ বিপৰীতে 'গণপত'ত দেখিবলৈ পাব জেকী তনয় টাইগাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ