--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হেমা মালিনীৰ জন্মদিনৰ অনুষ্ঠানত দেখা পোৱা নগ’ল ছানী দেউল আৰু ববি দেউলৰ পৰিয়ালক। ইয়াৰ পাছতে খবৰ আহিবলৈ ধৰে যে অভিনেত্ৰীগৰাকীয়ে এই দুগৰাকী তাৰকাক তেওঁৰ জন্মদিনৰ পাৰ্টিলৈ নিমন্ত্ৰণ কৰা নাছিল। কিন্তু শেহতীয়াকৈ এটা সূত্ৰই জনাইছে যে এই খবৰ সত্য নহয়।

ছানী, ববী আৰু হেমাৰ মাজত সম্পৰ্ক ভাল নহয় বুলি মাজে মাজে খবৰ ওলাই থাকে। এই কাৰণেই হেমা মালিনীৰ জন্মদিনৰ পাৰ্টিত যেতিয়া ছানী আৰু ববীক দেখা পোৱা নগল, তেতিয়া এই খবৰবোৰে অধিক চৰ্চা লাভ কৰিবলৈ ধৰিলে।

শেহতীয়াকৈ হেমা মালিনীয়ে এটা সাক্ষাৎকাৰৰ সময়ত ইংগিত দিছিল যে তেওঁৰ আৰু ছানীৰ মাজৰ সম্পৰ্ক ঠিকেই আছে। এনে পৰিস্থিতিত যেতিয়া হেমাৰ জন্মদিনত ছানীক দেখা পোৱা নগ’ল, তেতিয়া পুনৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে। এই প্ৰশ্নসমূহৰ উত্তৰ দি এক সূত্ৰই কয় - ''ছানী দেউললৈ নিমন্ত্ৰণ পঠিওৱা হৈছে, কিন্তু ব্যস্ত কৰ্মসূচীৰ বাবে তেওঁ জন্মদিনত উপস্থিত থাকিব পৰা নাছিল। হেমা জী আৰু ছানিৰ মাজত সকলো ঠিকেই আছে আৰু তেওঁলোকৰ মাজত কোনো ধৰণৰ মতভেদ নাই। সেয়েহে কোনো ধৰণৰ গুজৱৰ ইয়াত কোনো স্থান নাই। আনকি হেমা মালিনীৰ বাবে ফুলৰ বুকেও পঠিয়াইছে ছানীয়ে।''

ছানী হেমাৰ জন্মদিনত উপস্থিত নথকাৰ কাৰণ বিচাৰি এতিয়া হাবাথুৰি খাইছে অনুৰাগীসকলে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক