--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হেমা মালিনীৰ জন্মদিনৰ অনুষ্ঠানত দেখা পোৱা নগ’ল ছানী দেউল আৰু ববি দেউলৰ পৰিয়ালক। ইয়াৰ পাছতে খবৰ আহিবলৈ ধৰে যে অভিনেত্ৰীগৰাকীয়ে এই দুগৰাকী তাৰকাক তেওঁৰ জন্মদিনৰ পাৰ্টিলৈ নিমন্ত্ৰণ কৰা নাছিল। কিন্তু শেহতীয়াকৈ এটা সূত্ৰই জনাইছে যে এই খবৰ সত্য নহয়।

ছানী, ববী আৰু হেমাৰ মাজত সম্পৰ্ক ভাল নহয় বুলি মাজে মাজে খবৰ ওলাই থাকে। এই কাৰণেই হেমা মালিনীৰ জন্মদিনৰ পাৰ্টিত যেতিয়া ছানী আৰু ববীক দেখা পোৱা নগল, তেতিয়া এই খবৰবোৰে অধিক চৰ্চা লাভ কৰিবলৈ ধৰিলে।

শেহতীয়াকৈ হেমা মালিনীয়ে এটা সাক্ষাৎকাৰৰ সময়ত ইংগিত দিছিল যে তেওঁৰ আৰু ছানীৰ মাজৰ সম্পৰ্ক ঠিকেই আছে। এনে পৰিস্থিতিত যেতিয়া হেমাৰ জন্মদিনত ছানীক দেখা পোৱা নগ’ল, তেতিয়া পুনৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে। এই প্ৰশ্নসমূহৰ উত্তৰ দি এক সূত্ৰই কয় - ''ছানী দেউললৈ নিমন্ত্ৰণ পঠিওৱা হৈছে, কিন্তু ব্যস্ত কৰ্মসূচীৰ বাবে তেওঁ জন্মদিনত উপস্থিত থাকিব পৰা নাছিল। হেমা জী আৰু ছানিৰ মাজত সকলো ঠিকেই আছে আৰু তেওঁলোকৰ মাজত কোনো ধৰণৰ মতভেদ নাই। সেয়েহে কোনো ধৰণৰ গুজৱৰ ইয়াত কোনো স্থান নাই। আনকি হেমা মালিনীৰ বাবে ফুলৰ বুকেও পঠিয়াইছে ছানীয়ে।''

ছানী হেমাৰ জন্মদিনত উপস্থিত নথকাৰ কাৰণ বিচাৰি এতিয়া হাবাথুৰি খাইছে অনুৰাগীসকলে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু