--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী কংগনা ৰাণাৱটৰ শেহতীয়া ছবি ইমাৰ্জেন্সী। ছবি খনকলৈ বহু দিনৰে পৰাই নানান ধৰণৰ চৰ্চা চলি আহিছে।  এনে সময়তে কংগনা ৰাণাৱটে 'ইমাৰ্জেন্সী' সম্পৰ্কে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। অভিনেত্ৰী-পৰিচালকগৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিছে। তেওঁ 'এক্স' ছাইটত এই কথা প্ৰকাশ কৰিছে।অনুৰাগীসকলক বন্ধু হিচাপে সম্বোধন কৰি কংগনাই লিখিছে, "মই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিব বিচাৰো। এজন শিল্পী হিচাপে, 'ইমাৰ্জেন্সী' মোৰ জীৱনজোৰা সাধনাৰ ফল। এয়া কেৱল এখন ছবি নহয়, এজন ব্যক্তি হিচাপে ই মোৰ মূল্যবোধৰ পৰীক্ষা। আমি সকলোৱে ছবিখনৰ টিজাৰ আৰু অন্যান্য কথাবোৰকলৈ লাভ কৰা সঁহাৰিৰ দ্বাৰা অনুপ্ৰাণিত। মই কৃতজ্ঞ, আৰু মই য'লৈকে যাওঁ, মানুহে 'ইমাৰ্জেন্সী'ৰ মুক্তিৰ তাৰিখ জানিব বিচাৰে। "


কংগনাই লিখিছে, "২৪ নৱেম্বৰ 'ইমাৰ্জেন্সী'ৰ মুক্তিৰ তাৰিখ হিচাপে ঘোষণা কৰা হৈছিল। কিন্তু মোৰ আন ছবিসমূহৰ মুক্তিৰ তাৰিখ ২০২৪ লৈ পিছুৱাব লগা হৈছে। কিয়নো মোৰ আন ছবিসমূহৰ মুক্তিৰ তাৰিখো সলনি কৰা হৈছে। নতুন মুক্তিৰ তাৰিখ সোনকালেই ঘোষণা কৰা হ'ব। আপোনাৰ কৌতূহল, উৎসাহ  আমাৰ বাবে যথেষ্ট। "

'ইমাৰ্জেন্সী' ছবি খনত কংগনাই  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে।   কেৱল অভিনয়েই নহয়, কংগনাই নিজৰ ধনেৰে  এই ছবিখন নিৰ্মাণ কৰি আছে। 
অভিনেত্ৰীগৰাকীয়ে এই ছবিখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাকলৈয়েই নিৰ্মাণ কৰা হৈছে ছবি খন৷ ছবি খনত কংগনাই নিজেই  মুখ্য চৰিত্ৰত অভিনয় কৰিছে৷ তেওঁ ছবিখন প্ৰযোজনাও কৰিছে। 

 ছবি খনকলৈ কংগনাই প্ৰকাশ কৰিছে নানান তথ্যও৷ সকলোৱে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ আহিবলগীয়া ছবি 'ইমাৰ্জেন্সী'ক লৈ আগ্ৰহী হৈ আছে।  শ্বুটিং সম্পূৰ্ণ কৰাৰ পিছত কংগনাই ছ'চিয়েল মিডিয়াত এটা  পোষ্ট লিখিছিল। পোষ্টটোত, তেওঁ এক আচৰিত কথা  প্ৰকাশ কৰিছিল। 


কংগনাই তেওঁৰ পোষ্টত কৈছিল যে তেওঁ  আনকি এই ছবিখনৰ বাবে তেওঁৰ সম্পত্তি বন্ধক ৰাখিবলগীয়া হৈছে।  পোষ্টটোত তেওঁ ছবিখনৰ বিষয়ে তেওঁৰ মনৰ কিছু অনুভূতিও প্ৰকাশ কৰিছিল। কংগনাই পোষ্টটোৰ সৈতে কিছুমান ফটোও শ্বেয়াৰ কৰিছিল।  ছবিখনত কংগনাক প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখা যাব।শেহতীয়াকৈ শ্বেয়াৰ কৰা  ছবিবোৰত তেওঁক প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ গেটআপত দেখা গৈছে। ছবিবোৰ শ্বেয়াৰ কৰি তেওঁ লিখিছিল, "আজি এগৰাকী অভিনেত্ৰী হিচাপে মই 'ইমাৰ্জেন্সী' ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছো... এইটো মোৰ জীৱনৰ এটা আশ্চৰ্যকৰ পৰ্যায়ৰ সমাপ্তি... ।"
উল্লেখ্য ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাক ভাৰতীয় গণতন্ত্ৰৰ আটাইতকৈ কলংকিত  সময় বুলি কোৱা হয় ৷ অৱশ্যে, কংগনাই কৈছে যে ছবিখন ইন্দিৰা গান্ধীৰ জীৱনী নহয়। 
 
 কংগনা ৰাণাৱটে পূৰ্বে এক বিবৃতিত কৈছিল , জৰুৰীকালীন অৱস্থাই ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়বোৰৰ এটা প্ৰতিফলন কৰে, যিবোৰে  আমাৰ ক্ষমতাৰ দৃষ্টিভংগী সলনি কৰিব৷ মই বিষয়টোৰ ওপৰত গৱেষণা কৰি যথেষ্ট সময় অতিবাহিত কৰিছিলোঁ আৰু এবাৰ মই অনুভৱ কৰিছিলোঁ যে মোৰ ওচৰত পৰ্যাপ্ত তথ্য আদি  আছে, মই ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিলোঁ।এতিয়া কংগনা ৰানাৱটৰ চিনেমাখনক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা৷ একেদৰে, ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ সময়ছোৱাৰ জৰুৰী অৱস্থাক চেলুলয়ডত চাবলৈ অপেক্ষা কৰিছে বহু  দৰ্শকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement