--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমি কেলেংকাৰি আৰু অন্যান্য গোচৰত গ্ৰপেতাৰ হোৱা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জামিন নাকচ কৰিলে আদালতে। জামিন নাকচ কৰি আদালতে ছোৰেনক  পাঁচ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে।  ৰাঁচীৰ এখন বিশেষ আদালতে শুক্ৰবাৰে তেওঁ ইডিৰ  জিম্মা বৃদ্ধি কৰে। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক অহা পাঁচ দিনৰ বাবে ইডিৰ জিম্মাত থাকিব আৰু এই সময়ত ইডিয়ে তেওঁক জেৰা চলাব বুলি আদালতে কয়।

ভূমি কেলেংকাৰীৰ  গোচৰৰ সন্দৰ্ভত বুধবাৰে নিশা ইডিয়ে হেমন্ত ছোৰেনক  গ্ৰেপ্তাৰ কৰিছিল। পিছদিনা  হেমন্ত ছোৰেনে  জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক  ৰাঁচীৰ এখন বিশেষ আদালতে এদিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। শুক্ৰবাৰে পুৱা উচ্চতম ন্যায়ালয়ত হেমন্তৰ জামিন আবেদনৰ শুনানি আৰম্ভ হৈছিল। 
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে কৈছিল যে উচ্চতম ন্যায়ালয়ে  গোচৰটোৰ শুনানিৰ বিষয়ত  আগ্ৰহী নহয়। 

ইয়াৰ পৰিৱৰ্তে শিবু ছোৰেনৰ পুত্ৰই উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগে। অধিবক্তা কপিল চিবাল হেমন্ত ছোৰেনৰ  হৈ আদালতত  উপস্থিত থাকে।  এজন মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাটো  গুৰুত্বপূৰ্ণ কথা বুলি ছোৰেনৰ অধিবক্তাই আদালতত কৈছিল। । ইয়াৰ প্ৰত্যুত্তৰত বিচাৰপীঠে কয় যে দেশৰ আদালতসমূহ সকলো লোকৰ বাবে মুকলি। উচ্চ ন্যায়ালয়েও সাংবিধানিক প্ৰক্ৰিয়া অনুসৰি কাম কৰে।

ইপিনে  ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত  জামিনৰ আবেদন  দাখিল কৰাৰ আগতেই  ৰাঁচীৰ এখন আদালতে হেমন্তক পাঁচ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে। অৱশ্যে, শিবু ছোৰেনৰ পুত্ৰ হেমন্ত ছোৰেনে  এতিয়াও ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত  গ্ৰেপ্তাৰৰ বিৰুদ্ধে আবেদন  কৰাৰ পথ  মুকলি হৈ আছে। চম্পাই ছোৰেনে শুক্ৰবাৰে ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। অৱশ্যে, শাসকীয় মিত্ৰজোঁটৰ বিধায়কসকলে শপত লোৱাৰ পিছতেই তেওঁলোকক  ৰাঁচীৰ পৰা হায়দৰাবাদলৈ স্থানান্তৰিত কৰা হৈছে। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু