--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমি কেলেংকাৰি আৰু অন্যান্য গোচৰত গ্ৰপেতাৰ হোৱা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ জামিন নাকচ কৰিলে আদালতে। জামিন নাকচ কৰি আদালতে ছোৰেনক  পাঁচ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে।  ৰাঁচীৰ এখন বিশেষ আদালতে শুক্ৰবাৰে তেওঁ ইডিৰ  জিম্মা বৃদ্ধি কৰে। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক অহা পাঁচ দিনৰ বাবে ইডিৰ জিম্মাত থাকিব আৰু এই সময়ত ইডিয়ে তেওঁক জেৰা চলাব বুলি আদালতে কয়।

ভূমি কেলেংকাৰীৰ  গোচৰৰ সন্দৰ্ভত বুধবাৰে নিশা ইডিয়ে হেমন্ত ছোৰেনক  গ্ৰেপ্তাৰ কৰিছিল। পিছদিনা  হেমন্ত ছোৰেনে  জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক  ৰাঁচীৰ এখন বিশেষ আদালতে এদিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। শুক্ৰবাৰে পুৱা উচ্চতম ন্যায়ালয়ত হেমন্তৰ জামিন আবেদনৰ শুনানি আৰম্ভ হৈছিল। 
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে কৈছিল যে উচ্চতম ন্যায়ালয়ে  গোচৰটোৰ শুনানিৰ বিষয়ত  আগ্ৰহী নহয়। 

ইয়াৰ পৰিৱৰ্তে শিবু ছোৰেনৰ পুত্ৰই উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগে। অধিবক্তা কপিল চিবাল হেমন্ত ছোৰেনৰ  হৈ আদালতত  উপস্থিত থাকে।  এজন মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাটো  গুৰুত্বপূৰ্ণ কথা বুলি ছোৰেনৰ অধিবক্তাই আদালতত কৈছিল। । ইয়াৰ প্ৰত্যুত্তৰত বিচাৰপীঠে কয় যে দেশৰ আদালতসমূহ সকলো লোকৰ বাবে মুকলি। উচ্চ ন্যায়ালয়েও সাংবিধানিক প্ৰক্ৰিয়া অনুসৰি কাম কৰে।

ইপিনে  ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত  জামিনৰ আবেদন  দাখিল কৰাৰ আগতেই  ৰাঁচীৰ এখন আদালতে হেমন্তক পাঁচ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰে। অৱশ্যে, শিবু ছোৰেনৰ পুত্ৰ হেমন্ত ছোৰেনে  এতিয়াও ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত  গ্ৰেপ্তাৰৰ বিৰুদ্ধে আবেদন  কৰাৰ পথ  মুকলি হৈ আছে। চম্পাই ছোৰেনে শুক্ৰবাৰে ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। অৱশ্যে, শাসকীয় মিত্ৰজোঁটৰ বিধায়কসকলে শপত লোৱাৰ পিছতেই তেওঁলোকক  ৰাঁচীৰ পৰা হায়দৰাবাদলৈ স্থানান্তৰিত কৰা হৈছে। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক