--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ এসময়ত বলীউডৰ আটাইতকৈ জনপ্ৰিয় যুটিৰ ভিতৰত অন্যতম যুটি হিচাপে স্বীকৃতি পাইছিল হৃত্বিক ৰোশন আৰু কৰীণা কাপুৰে । 'কভি খুশী কভি গম' ছবিখনৰ যোগদি এই যুটিটোৱে ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। দুয়োজন তাৰকাক ৰূপালী পৰ্দাত ২০০৩ চনত শেষবাৰৰ বাবে দেখিবলৈ পাইছিল অনুৰাগীয়ে। 'মে প্ৰেম কী দিৱানী হু' ছবিখনৰ পাছত আৰু তেওঁলোকক একেলগে দেখা পোৱা নাই। দীৰ্ঘবিৰতিৰ অন্তত এতিয়া হৃত্বিক-কৰীণাই পুনৰ একেলগে কাম কৰাৰ গুঞ্জন উঠিছে বলীউডত। শেহতীয়া এক প্ৰতিবেদন অনুসৰি, বলীউডৰ আগশাৰীৰ প্ৰডাকছন হাউছ 'জংলী পিকচাৰ্ছ'-ৰ তৰফৰ পৰা হৃত্বিক-কৰীণালৈ আহিছে নতুন চলচ্চিত্ৰৰ প্ৰস্তাৱ। ছবিখনৰ নামো ইতিমধ্যে ঠিক কৰা হৈছে। ছবিখনৰ নাম 'উলাজ'। এই প্ৰস্তাৱৰ প্ৰতি দুই তাৰকাই পূৰ্ণ সমৰ্থন আগবঢ়াইছে বুলিও জানিবলৈ পোৱা গৈছে। ছবিখনৰ কাহিনীৰ স্ক্ৰীপ্ত শুনিবলৈও আগ্ৰহ প্ৰকাশ কৰিছে হৃত্বিক-কৰীণাই। উল্লেখ্য যে, দুই তাৰকাৰ মাজত দীঘলীয়া সময়ধৰি মনোমালিন্যই দেখা দিছিল। অতীতৰ সকলো কথা পাহৰি এতিয়া পুনৰ একেলগে কাম কৰা মন মেলিছে দুয়ো। এই সিদ্ধান্তই স্বাভাৱিকতে সুখী কৰি তুলিছে চলচ্চিত্ৰ অনুৰাগীক। ছবিখনৰ সৰহভাগ দৃশ্যগ্ৰহণ মুম্বাইৰ বাহিৰত কৰা হ'ব বুলি জনাইছে। ছবিখনৰ কাম কেতিয়া আৰম্ভ হ’ব সেয়া এতিয়ালৈকে ঠিৰাং হোৱা নাই। স্মৰ্তব্য যে, আমিশা পেটেল আৰু হৃত্বিক ৰোশন অভিনীত 'কহোনা প্যাৰ হে' জনপ্ৰিয় ছবিখন ২০০০ চনত মুক্তি লাভ কৰিছিল। হৃত্বিকে এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। নায়িকাৰ চৰিত্ৰত কৰীণা কাপুৰে এই ছবিখনত অভিনয় কৰাৰ কথা আছিল। কিন্তু ছবিখন নায়ককেন্দ্ৰীক আছিল বাবেই কৰীণাৰ মাতৃয়ে এই ছবিখনেৰে কেৰিয়াৰ আৰম্ভ কৰিবলৈ নিদিলে। পৰৱৰ্তী সময়ত কৰীণাই 'ৰিফিউজী' বোলছবিখনৰ জৰিয়তে বলীউডৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ছবিখনৰ নায়কৰ চৰিত্ৰত আছিল অভিষেক বচ্চন। সেই সময়ত বলীউড এৰিনাত অভিষেক-কৰিশ্মাৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়েও যথেষ্ট আলোচনা হৈছিল। কৰিণা-অভিষেকৰ বিবাহো ঠিৰাং হৈছিল। কিন্তু দুই পৰিয়ালৰ মনোমালিন্যৰ বাবে হৃত্বিক-কৰীণাই বিয়া নহ’ল। এই ব্যক্তিগত বিষয়বোৰে তেওঁলোকৰ পেছাদাৰী জীৱনতো যথেষ্ট প্ৰভাৱ পেলাইছিল। এওঁলোকৰ ঘটনাৰ সৈতে হৃত্বিকৰ কোনো সম্পৰ্ক নাই। তথাপি কৰীণা আৰু হৃত্বিকৰ মাজত মনোমালিন্যৰ কাৰণ কি সেয়া সঠিককৈ জনা নাযায়। এইবাৰ দুয়ো এইসকলোবোৰ পাহৰি ৰূপালী পৰ্দাত একেলগে আহিব। এই খবৰ বিয়পি পৰাৰ পাছতে অনুৰাগীৰ মাজত উছাহৰ ঢল বোৱা দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ