--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ এসময়ত বলীউডৰ আটাইতকৈ জনপ্ৰিয় যুটিৰ ভিতৰত অন্যতম যুটি হিচাপে স্বীকৃতি পাইছিল হৃত্বিক ৰোশন আৰু কৰীণা কাপুৰে । 'কভি খুশী কভি গম' ছবিখনৰ যোগদি এই যুটিটোৱে ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। দুয়োজন তাৰকাক ৰূপালী পৰ্দাত ২০০৩ চনত শেষবাৰৰ বাবে দেখিবলৈ পাইছিল অনুৰাগীয়ে। 'মে প্ৰেম কী দিৱানী হু' ছবিখনৰ পাছত আৰু তেওঁলোকক একেলগে দেখা পোৱা নাই। দীৰ্ঘবিৰতিৰ অন্তত এতিয়া হৃত্বিক-কৰীণাই পুনৰ একেলগে কাম কৰাৰ গুঞ্জন উঠিছে বলীউডত। শেহতীয়া এক প্ৰতিবেদন অনুসৰি, বলীউডৰ আগশাৰীৰ প্ৰডাকছন হাউছ 'জংলী পিকচাৰ্ছ'-ৰ তৰফৰ পৰা হৃত্বিক-কৰীণালৈ আহিছে নতুন চলচ্চিত্ৰৰ প্ৰস্তাৱ। ছবিখনৰ নামো ইতিমধ্যে ঠিক কৰা হৈছে। ছবিখনৰ নাম 'উলাজ'। এই প্ৰস্তাৱৰ প্ৰতি দুই তাৰকাই পূৰ্ণ সমৰ্থন আগবঢ়াইছে বুলিও জানিবলৈ পোৱা গৈছে। ছবিখনৰ কাহিনীৰ স্ক্ৰীপ্ত শুনিবলৈও আগ্ৰহ প্ৰকাশ কৰিছে হৃত্বিক-কৰীণাই। উল্লেখ্য যে, দুই তাৰকাৰ মাজত দীঘলীয়া সময়ধৰি মনোমালিন্যই দেখা দিছিল। অতীতৰ সকলো কথা পাহৰি এতিয়া পুনৰ একেলগে কাম কৰা মন মেলিছে দুয়ো। এই সিদ্ধান্তই স্বাভাৱিকতে সুখী কৰি তুলিছে চলচ্চিত্ৰ অনুৰাগীক। ছবিখনৰ সৰহভাগ দৃশ্যগ্ৰহণ মুম্বাইৰ বাহিৰত কৰা হ'ব বুলি জনাইছে। ছবিখনৰ কাম কেতিয়া আৰম্ভ হ’ব সেয়া এতিয়ালৈকে ঠিৰাং হোৱা নাই। স্মৰ্তব্য যে, আমিশা পেটেল আৰু হৃত্বিক ৰোশন অভিনীত 'কহোনা প্যাৰ হে' জনপ্ৰিয় ছবিখন ২০০০ চনত মুক্তি লাভ কৰিছিল। হৃত্বিকে এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। নায়িকাৰ চৰিত্ৰত কৰীণা কাপুৰে এই ছবিখনত অভিনয় কৰাৰ কথা আছিল। কিন্তু ছবিখন নায়ককেন্দ্ৰীক আছিল বাবেই কৰীণাৰ মাতৃয়ে এই ছবিখনেৰে কেৰিয়াৰ আৰম্ভ কৰিবলৈ নিদিলে। পৰৱৰ্তী সময়ত কৰীণাই 'ৰিফিউজী' বোলছবিখনৰ জৰিয়তে বলীউডৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ছবিখনৰ নায়কৰ চৰিত্ৰত আছিল অভিষেক বচ্চন। সেই সময়ত বলীউড এৰিনাত অভিষেক-কৰিশ্মাৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়েও যথেষ্ট আলোচনা হৈছিল। কৰিণা-অভিষেকৰ বিবাহো ঠিৰাং হৈছিল। কিন্তু দুই পৰিয়ালৰ মনোমালিন্যৰ বাবে হৃত্বিক-কৰীণাই বিয়া নহ’ল। এই ব্যক্তিগত বিষয়বোৰে তেওঁলোকৰ পেছাদাৰী জীৱনতো যথেষ্ট প্ৰভাৱ পেলাইছিল। এওঁলোকৰ ঘটনাৰ সৈতে হৃত্বিকৰ কোনো সম্পৰ্ক নাই। তথাপি কৰীণা আৰু হৃত্বিকৰ মাজত মনোমালিন্যৰ কাৰণ কি সেয়া সঠিককৈ জনা নাযায়। এইবাৰ দুয়ো এইসকলোবোৰ পাহৰি ৰূপালী পৰ্দাত একেলগে আহিব। এই খবৰ বিয়পি পৰাৰ পাছতে অনুৰাগীৰ মাজত উছাহৰ ঢল বোৱা দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু