--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ বলীউড অভিনেত্ৰী জুহি চাওলাই দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিছে বৃহত্‍ সকাহ । জুহি চাওলাৰ বিৰুদ্ধে উত্থাপিত ৫জি গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে অভিনেত্ৰীগৰাকীৰ সপক্ষত ৰায় প্ৰদান কৰিছে। বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে জুহিৰ ওপৰত আৰোপ কৰা ২০ লাখ টকাৰ জৰিমনা ৯০ শতাংশ হ্ৰাস কৰা বুলি জানিবলৈ পোৱা গৈছে। এতিয়া জুহিয়ে জৰিমনা হিচাপে ২ লাখ টকা পৰিশোধ কৰিব লাগিব। জুহিৰ লগতে আন দুজন অভিযুক্তৰ জৰিমনাৰ পৰিমাণো ২ লাখ টকালৈ হ্ৰাস কৰা হৈছে। আনহাতে, উচ্চ ন্যায়ালয়ৰ ৫-জি ৱায়াৰলেচ নেটৱৰ্ক স্থাপনৰ বাবে লিখিতভাৱে দাখিল কৰা গোচৰটো খাৰিজ কৰাৰ সময়ত একক ন্যায়াধীশে কৰা পৰ্যৱেক্ষণবোৰো নাকচ কৰিছে উচ্চ ন্যায়ালয়ে। মন কৰিবলগীয়া যে, জুহিয়ে ৫-জি নেটৱৰ্কৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰি কৈছিল যে, ই মানুহৰ লগতে জীৱ-জন্তু আৰু পক্ষীকুলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে গোচৰটো খাৰিজ কৰি কয় যে, অভিনেত্ৰীগৰাকীৰ হৈ প্ৰচাৰৰ বাবে গোচৰটো ৰুজু কৰা যেন লাগিছে। ইয়াৰ সৈতে, আদালতে জুহিৰ ওপৰত ২০ লাখ টকাৰ জৰিমনাও আৰোপ কৰিছে।’ পৰৱৰ্তী সময়ত বিষয়টো উচ্চ ন্যায়ালয়ৰ দ্বৈত বিচাৰপীঠত উপনীত হয় আৰু তেওঁলোকে জুহিৰ ওপৰত আৰোপ কৰা জৰিমনা ২০ লাখৰ পৰা ২ লাখ টকালৈ হ্ৰাস কৰাৰ লগতে অভিনেত্ৰীগৰাকীয়ে এটা চৰ্ত স্বীকাৰ কৰি ল’ব লাগিব বুলি কয়। আদালতে সদৰী কৰে যে, ‘জৰিমনা হ্ৰাস কৰিব পাৰি কিন্তু ইয়াৰ বাবে জুহিয়ে কিছু কাম কৰিব লাগিব। যিহেতু তেওঁ এজন চেলিব্ৰিটী গতিকে তেওঁ এতিয়া কিছুমান সামাজিক কাম কৰিব লাগিব। এই চৰ্তত, জৰিমনা ২০ লাখ টকাৰ পৰা ২ লাখ টকালৈ হ্ৰাস কৰিব পাৰি।’ একে সময়তে, আদালতে দিল্লীৰ ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সচিবলৈ জাননী জাৰী কৰিছিল আৰু আপীলটোৰ ওপৰত সঁহাৰি বিচাৰিছিল। শুনানিৰ সময়ত, জুহিৰ জ্যেষ্ঠ অধিবক্তা ছলমান খুৰ্ছিদেও সামাজিক কামত নিয়োজিত হ’বলৈ কোৱা কথাটোত সন্মতি জনায়। আদালতৰ শুনানিৰ প্ৰতি পূৰ্ণ সঁহাৰি আগবঢ়াইছে অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু