--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ বলীউড অভিনেত্ৰী জুহি চাওলাই দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিছে বৃহত্‍ সকাহ । জুহি চাওলাৰ বিৰুদ্ধে উত্থাপিত ৫জি গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে অভিনেত্ৰীগৰাকীৰ সপক্ষত ৰায় প্ৰদান কৰিছে। বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে জুহিৰ ওপৰত আৰোপ কৰা ২০ লাখ টকাৰ জৰিমনা ৯০ শতাংশ হ্ৰাস কৰা বুলি জানিবলৈ পোৱা গৈছে। এতিয়া জুহিয়ে জৰিমনা হিচাপে ২ লাখ টকা পৰিশোধ কৰিব লাগিব। জুহিৰ লগতে আন দুজন অভিযুক্তৰ জৰিমনাৰ পৰিমাণো ২ লাখ টকালৈ হ্ৰাস কৰা হৈছে। আনহাতে, উচ্চ ন্যায়ালয়ৰ ৫-জি ৱায়াৰলেচ নেটৱৰ্ক স্থাপনৰ বাবে লিখিতভাৱে দাখিল কৰা গোচৰটো খাৰিজ কৰাৰ সময়ত একক ন্যায়াধীশে কৰা পৰ্যৱেক্ষণবোৰো নাকচ কৰিছে উচ্চ ন্যায়ালয়ে। মন কৰিবলগীয়া যে, জুহিয়ে ৫-জি নেটৱৰ্কৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰি কৈছিল যে, ই মানুহৰ লগতে জীৱ-জন্তু আৰু পক্ষীকুলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে গোচৰটো খাৰিজ কৰি কয় যে, অভিনেত্ৰীগৰাকীৰ হৈ প্ৰচাৰৰ বাবে গোচৰটো ৰুজু কৰা যেন লাগিছে। ইয়াৰ সৈতে, আদালতে জুহিৰ ওপৰত ২০ লাখ টকাৰ জৰিমনাও আৰোপ কৰিছে।’ পৰৱৰ্তী সময়ত বিষয়টো উচ্চ ন্যায়ালয়ৰ দ্বৈত বিচাৰপীঠত উপনীত হয় আৰু তেওঁলোকে জুহিৰ ওপৰত আৰোপ কৰা জৰিমনা ২০ লাখৰ পৰা ২ লাখ টকালৈ হ্ৰাস কৰাৰ লগতে অভিনেত্ৰীগৰাকীয়ে এটা চৰ্ত স্বীকাৰ কৰি ল’ব লাগিব বুলি কয়। আদালতে সদৰী কৰে যে, ‘জৰিমনা হ্ৰাস কৰিব পাৰি কিন্তু ইয়াৰ বাবে জুহিয়ে কিছু কাম কৰিব লাগিব। যিহেতু তেওঁ এজন চেলিব্ৰিটী গতিকে তেওঁ এতিয়া কিছুমান সামাজিক কাম কৰিব লাগিব। এই চৰ্তত, জৰিমনা ২০ লাখ টকাৰ পৰা ২ লাখ টকালৈ হ্ৰাস কৰিব পাৰি।’ একে সময়তে, আদালতে দিল্লীৰ ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ সচিবলৈ জাননী জাৰী কৰিছিল আৰু আপীলটোৰ ওপৰত সঁহাৰি বিচাৰিছিল। শুনানিৰ সময়ত, জুহিৰ জ্যেষ্ঠ অধিবক্তা ছলমান খুৰ্ছিদেও সামাজিক কামত নিয়োজিত হ’বলৈ কোৱা কথাটোত সন্মতি জনায়। আদালতৰ শুনানিৰ প্ৰতি পূৰ্ণ সঁহাৰি আগবঢ়াইছে অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ