--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়ংকৰ ঘটনা। শুই থকা অৱস্থাত এগৰাকী যুৱতীৰ কাণত সোমাল এডাল সাপ। হঠাৎ সাৰ পাই উঠিল ছোৱালীজনী। কাণৰ বিষত তেওঁ ছটফটাবলৈ ধৰিলে। দেৰি নকৰি যুৱতীগৰাকী পোনে পোনে ডাক্তৰৰ ওচৰলৈ যায়। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’। য'ত এজন চিকিৎসকে ছোৱালীজনীৰ কাণৰ পৰা সাপডাল আঁতৰাবলৈ হাবাথুৰি খাই থকা দেখা গৈছিল।

ভিডিঅ’টোত কাণৰ বাহিৰত কেৱল সাপৰ মুখখনহে দেখা যায়। আৰু বাকীখিনি ছোৱালীজনীৰ কাণৰ ভিতৰত আবদ্ধ হৈ আছে। ডাক্তৰে টুইজাৰৰ দৰে বস্তু এটাৰে সাপটো উলিয়াই আনিবলৈ চেষ্টা কৰে। আৰু ছোৱালীজনীয়ে মনে মনে বহি থাকে। সাপটোৱে কাণত সোমাই বৰ আৰাম নাই পোৱা যেন অনুভৱ হয়, কাৰণ সাপডালেও বাহিৰলৈ ওলাই আহিবলৈ ছটফটাই থকা দেখা যায়। 



ছ'চিয়েল মিডিয়াত ভিডিঅ'টো পষ্ট কৰাৰ পাছতেই কমেণ্টৰ বন্যা হবলৈ ধৰে। বিহাৰৰ পাটনাৰ বাসিন্দা চন্দন সিঙে প্ৰথমে এই ভিডিঅ’টো পোষ্ট কৰিছিল। ছ’চিয়েল মিডিয়াত আপলড হোৱা এই ভিডিঅ’টো চাই সকলোৱে ভিন্ন ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু এই ভিডিঅ'টো চাই বুজিব পৰা নাই, ঠিক ক'ত ঘটিল ঘটনাটো? অৱশেষত সাপটো উলিয়াই আনিলে নে নাই সেয়া স্পষ্ট হোৱা নাই। কাণত সম্পূৰ্ণৰূপে সাপ সোমাই যোৱা এনে ঘটনা  সঁচাকৈয়ে বিৰল বুলি মন্তব্য কৰিছে অনেক লোকে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক