--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়ংকৰ ঘটনা। শুই থকা অৱস্থাত এগৰাকী যুৱতীৰ কাণত সোমাল এডাল সাপ। হঠাৎ সাৰ পাই উঠিল ছোৱালীজনী। কাণৰ বিষত তেওঁ ছটফটাবলৈ ধৰিলে। দেৰি নকৰি যুৱতীগৰাকী পোনে পোনে ডাক্তৰৰ ওচৰলৈ যায়। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’। য'ত এজন চিকিৎসকে ছোৱালীজনীৰ কাণৰ পৰা সাপডাল আঁতৰাবলৈ হাবাথুৰি খাই থকা দেখা গৈছিল।

ভিডিঅ’টোত কাণৰ বাহিৰত কেৱল সাপৰ মুখখনহে দেখা যায়। আৰু বাকীখিনি ছোৱালীজনীৰ কাণৰ ভিতৰত আবদ্ধ হৈ আছে। ডাক্তৰে টুইজাৰৰ দৰে বস্তু এটাৰে সাপটো উলিয়াই আনিবলৈ চেষ্টা কৰে। আৰু ছোৱালীজনীয়ে মনে মনে বহি থাকে। সাপটোৱে কাণত সোমাই বৰ আৰাম নাই পোৱা যেন অনুভৱ হয়, কাৰণ সাপডালেও বাহিৰলৈ ওলাই আহিবলৈ ছটফটাই থকা দেখা যায়। 



ছ'চিয়েল মিডিয়াত ভিডিঅ'টো পষ্ট কৰাৰ পাছতেই কমেণ্টৰ বন্যা হবলৈ ধৰে। বিহাৰৰ পাটনাৰ বাসিন্দা চন্দন সিঙে প্ৰথমে এই ভিডিঅ’টো পোষ্ট কৰিছিল। ছ’চিয়েল মিডিয়াত আপলড হোৱা এই ভিডিঅ’টো চাই সকলোৱে ভিন্ন ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু এই ভিডিঅ'টো চাই বুজিব পৰা নাই, ঠিক ক'ত ঘটিল ঘটনাটো? অৱশেষত সাপটো উলিয়াই আনিলে নে নাই সেয়া স্পষ্ট হোৱা নাই। কাণত সম্পূৰ্ণৰূপে সাপ সোমাই যোৱা এনে ঘটনা  সঁচাকৈয়ে বিৰল বুলি মন্তব্য কৰিছে অনেক লোকে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু