--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সাধাৰণ জনতাই কিদৰে আছে সেয়া চোৱাৰ সময় কাৰো নাই। বাকী বস্তুৰ কথা বাদেই থিন এৰাৰ'ট বিস্কুট এপেকটৰ  দাম বাঢ়ি এতিয়া হৈছে ৪৫ টকা।মোদীজীৰ বাবেই আৰুনো কিমান সহ্য কৰিব? শেহতীয়াকৈ বিজেপিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৪১,০০০ টকা মূল্যৰ ডিজাইনাৰ টি-চাৰ্ট পিন্ধা এখন ফটো শ্বেয়াৰ কৰাৰ পিছতে কংগ্ৰেছে গেৰুৱা দলটোক "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০ লাখ টকাৰ চ্যুট" সম্পৰ্কে সোঁৱৰাই দিছে।

 বিজেপিয়ে ছ'চিয়েল মিডিয়াত ৰাহুলৰ বিষয়ে মন্ব্য কৰাৰ পিছতে দুয়োটা দলৰ মাজত এতিয়া মুখামুখি আক্ৰমণ আৰম্ভ হৈছে।কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ সময়ত মুদ্ৰাস্ফীতিৰ বিষয়টো উত্থাপন কৰি অহা ৰাহুল গান্ধীয়ে ৪১,২৫৭ টকাৰ টি-চাৰ্ট পিন্ধি আছিল বুলি বিজেপিয়ে অভ্যোগ কৰিছিল। কংগ্ৰেছে প্ৰত্যুত্তৰ দি কৈছে "কেন্দ্ৰৰ শাসকীয় দলে ভয় খাইছে। ভাৰত জোড়ো যাত্ৰাৰ প্ৰতি জনসাধাৰণৰ সঁহাৰিত তেওংলোক শংকিত হৈছে।কংগ্ৰেছে কয়. টুইটাৰত কংগ্ৰেছে লিখিছে —ভাৰত জোড়ো যাত্ৰাত সমবেত হোৱা লোকসকলক দেখি বিজেপিয়ে ভয় খাইছে নেকি? নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ মোদীজীৰ ১০লাখ টকাৰ চ্যুটৰ .বিষয়েও আলোচনা কৰক।"উল্লেখ্য  "ভাৰত জোড়ো যাত্ৰা"ত ৰাহুল গান্ধীয়ে পিন্ধা  টি-চাৰ্টৰ মূল্য ৪১,০০০ টকাতকৈও অধিক।বিজেপিয়ে ৰাহুল গান্ধীৰ টি চাৰ্টকলৈ তথ্য সহকাৰে প্ৰমাণো দাখিল কৰিছেগেৰুৱা দলটোৱে নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা আৰু দুখন ফটো পোষ্ট কৰিছে। 

বিজেপিয়ে অভিযোগ কৰা অনুসৰি দ্য ব্লুবেৰী টি-চাৰ্টৰ মূল্য প্ৰায়  ৪১,২৫৭  টকা।ইপিনে বিজেপিয়ে মূল কথাৰ পৰা আঁতৰি গৈ ৰাহুলৰ টি চাৰ্টত গুৰুত্ব দিয়াত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।এজন নেট ব্যৱহাৰকাৰীয়ে অভিযোগ কৰিছে  যে বিজেপিৰ এনে টুইটে দলটো যে কংগ্ৰেছৰ "ভাৰত জোড়ো যাত্ৰা"ক লৈ  "বিচলিত" হৈছে তাকেই সূচাইছে।আন এজনে উল্লেখ কৰিছে যে  ৰাহুল গান্ধীয়ে তেওঁৰ কাপোৰত  খৰচ কৰা ধন ৰাজহুৱা ধন নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু