--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ কাচগঞ্জত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত সাতটি শিশুসহ কমেও ১৫ গৰাকী  তীৰ্থযাত্ৰীৰ নিহত হৈছে। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত বহুলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা আৰু অধিক হ’ব পাৰে বুলি আশংকা কৰা হৈছে। 

 মাঘী পূৰ্ণিমা উপলক্ষে হৰিদ্বাৰৰ গংগাত স্নান কৰিবলৈ বহু লোকে  ট্ৰেক্টৰৰে যাত্ৰা কৰিছিল। কাচগঞ্জ পোৱাৰ সময়তে  ট্ৰেক্টৰখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই  এটা পুখুৰীত পৰি যায়। ফলত কমেও ১৫ গৰাকী তীৰ্থযাত্ৰী নিহত হয়। মৃতসকলৰ বেছিভাগেই শিশু আৰু মহিলা । ট্ৰেক্টৰৰ চালকজনে এখন গাড়ীৰ সৈতে সংঘৰ্ষ এৰাই চলিবলৈ চেষ্টা কৰোঁতেই নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। 
 


ঘটনাটো ঘটাৰ লগে লগে স্থানীয় লোকসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰে।  লগে লগে  আৰক্ষীকো খবৰ দিয়া হৈছিল। আৰক্ষীয়ে ঘটনাসথলীত উপস্থিত হৈ  মৃতদেহবোৰ উদ্ধাৰ কৰে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। 

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ নিকটাত্মীয়ক   ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ অনুদান ঘোষণা কৰে।মুখ্যমন্ত্ৰীয়ে আৰক্ষীক  অতি সোনকালে উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰিবলৈ কৈছে। তেওঁ আহতসকলৰ চিকিৎসাত যাতে কোনো অৱহেলা কৰা নহয় সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু