--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ কাচগঞ্জত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত সাতটি শিশুসহ কমেও ১৫ গৰাকী  তীৰ্থযাত্ৰীৰ নিহত হৈছে। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত বহুলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা আৰু অধিক হ’ব পাৰে বুলি আশংকা কৰা হৈছে। 

 মাঘী পূৰ্ণিমা উপলক্ষে হৰিদ্বাৰৰ গংগাত স্নান কৰিবলৈ বহু লোকে  ট্ৰেক্টৰৰে যাত্ৰা কৰিছিল। কাচগঞ্জ পোৱাৰ সময়তে  ট্ৰেক্টৰখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই  এটা পুখুৰীত পৰি যায়। ফলত কমেও ১৫ গৰাকী তীৰ্থযাত্ৰী নিহত হয়। মৃতসকলৰ বেছিভাগেই শিশু আৰু মহিলা । ট্ৰেক্টৰৰ চালকজনে এখন গাড়ীৰ সৈতে সংঘৰ্ষ এৰাই চলিবলৈ চেষ্টা কৰোঁতেই নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। 
 


ঘটনাটো ঘটাৰ লগে লগে স্থানীয় লোকসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰে।  লগে লগে  আৰক্ষীকো খবৰ দিয়া হৈছিল। আৰক্ষীয়ে ঘটনাসথলীত উপস্থিত হৈ  মৃতদেহবোৰ উদ্ধাৰ কৰে। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। 

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ নিকটাত্মীয়ক   ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ অনুদান ঘোষণা কৰে।মুখ্যমন্ত্ৰীয়ে আৰক্ষীক  অতি সোনকালে উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰিবলৈ কৈছে। তেওঁ আহতসকলৰ চিকিৎসাত যাতে কোনো অৱহেলা কৰা নহয় সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ