--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত  মণিপুৰত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে। ইম্ফলৰ এখন বিশ্ববিদ্যালয়ক এটা বিস্ফোৰণে জোকাৰি গৈছে। অই বিস্ফোৰণত এতিয়ালৈকে ১ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা  আছে। 

যোৱা নিশা ইম্ফলৰ ডিএম বিশ্ববিদ্যালয় চৌহদত এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণটোত চব্বিশ বছৰীয়া অইনাম কেনিনি নিহত হয় । বিস্ফোৰণত আহত আন এজন যুৱকক চিকিৎসাধীন  কৰোৱা হৈছে। তেওঁৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে। ইফালে, ঘটনাটোৰ পিছত বোম্ব স্কোয়াড বিশ্ববিদ্যালয় চৌহদত উপস্থিত হয়। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে বিস্ফোৰণটো  সংঘটিত কৰিবলৈ এটা আইইডি ব্যৱহাৰ কৰা হৈছিল। এতিয়ালৈকে কোনেও এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।         

যোৱা বছৰৰ মে’ মাহত মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক অনুসূচীত জনজাতিৰ তালিকাত মেইটেইসকলক অন্তৰ্ভুক্ত কৰিব পাৰিনে  নাই  সেই বিষয়ে চাৰি সপ্তাহৰ ভিতৰত সিদ্ধান্ত ল'বলৈ নিৰ্দেশ দিছিল। আদালতৰ ৰায়দানৰ পিছতে সমগ্ৰ মণিপুৰ জ্বলি উঠিছিল।   কুকি-মেইটেইৰ সংঘৰ্ষত  ২০০ ৰো অধিক লোক নিহত হৈছিল। অৱশেষত আদালতে নিজৰ ৰায় প্ৰত্যাহাৰ কৰিছিল আৰু কৈছিল  যে অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্তিৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত আছে। আদালতে ইয়াত হস্তক্ষেপ কৰিব নোৱাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু