--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত  মণিপুৰত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে। ইম্ফলৰ এখন বিশ্ববিদ্যালয়ক এটা বিস্ফোৰণে জোকাৰি গৈছে। অই বিস্ফোৰণত এতিয়ালৈকে ১ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা  আছে। 

যোৱা নিশা ইম্ফলৰ ডিএম বিশ্ববিদ্যালয় চৌহদত এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণটোত চব্বিশ বছৰীয়া অইনাম কেনিনি নিহত হয় । বিস্ফোৰণত আহত আন এজন যুৱকক চিকিৎসাধীন  কৰোৱা হৈছে। তেওঁৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে। ইফালে, ঘটনাটোৰ পিছত বোম্ব স্কোয়াড বিশ্ববিদ্যালয় চৌহদত উপস্থিত হয়। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে বিস্ফোৰণটো  সংঘটিত কৰিবলৈ এটা আইইডি ব্যৱহাৰ কৰা হৈছিল। এতিয়ালৈকে কোনেও এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।         

যোৱা বছৰৰ মে’ মাহত মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক অনুসূচীত জনজাতিৰ তালিকাত মেইটেইসকলক অন্তৰ্ভুক্ত কৰিব পাৰিনে  নাই  সেই বিষয়ে চাৰি সপ্তাহৰ ভিতৰত সিদ্ধান্ত ল'বলৈ নিৰ্দেশ দিছিল। আদালতৰ ৰায়দানৰ পিছতে সমগ্ৰ মণিপুৰ জ্বলি উঠিছিল।   কুকি-মেইটেইৰ সংঘৰ্ষত  ২০০ ৰো অধিক লোক নিহত হৈছিল। অৱশেষত আদালতে নিজৰ ৰায় প্ৰত্যাহাৰ কৰিছিল আৰু কৈছিল  যে অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্তিৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত আছে। আদালতে ইয়াত হস্তক্ষেপ কৰিব নোৱাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ