--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিজাব বিৰোধী আন্দোলনে জোকাৰি আছে ইৰানক৷ এই আন্দোলনলৈ  সমৰ্থন জনোৱাৰ বাবেই  ২৬ বছৰীয়া ইৰানী ফুটবলাৰ এজনক মৃত্যুদণ্ড বিহিছে দেশ খনৰ চৰকাৰে। এই খবৰে  সমগ্ৰ বিশ্বে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই মৃত্যুদণ্ডৰ বিৰুদ্ধে এতিয়া দেশ খনত নতুনকৈ প্ৰতিবাদ আৰম্ভ হৈছে৷

ইৰাণৰ ৰাষ্ট্ৰীয় যুৱ দলৰ এজন প্ৰাক্তন ফুটবলাৰ আমিৰ নাছৰ-আজদানীয়ে উপলব্ধি কৰিছিল যে 'ঈশ্বৰৰ বিৰুদ্ধে জিহাদ' ঘোষণা কৰাৰ পৰিণাম মাৰাত্মক হ'ব পাৰে। তেওঁ ইৰাণৰ প্ৰিমিয়াৰ লীগ দল  ৰাহ-আহান তেহৰাণ এফ চি, ট্ৰেক্টৰ এছচি, গোল-ই-ৰিয়ানৰ হৈও খেলিছে। সেইগৰাকী আমিৰেই দেশত চলি থকা হিজাব বিৰোধী প্ৰতিবাদক সমৰ্থন কৰাৰ বাবে চূড়ান্ত শাস্তিৰ সন্মুখীন হৈছে। তেওঁৰ অপৰাধক চৰকাৰে   'মোহৰাবেহ' বুলি কৈছে।  যাৰ অৰ্থ হৈছে 'ঈশ্বৰৰ সৈতে যুদ্ধ কৰা', অৰ্থাৎ চৰকাৰৰ বিৰোধিতা। সেইকাৰণেই তেওঁক মৃত্যুদণ্ড বিহা হৈছে৷

আমিৰৰ বিৰুদ্ধে কৰ্ণেল চেৰাগী আৰু দুজন ইছলামিক  নিৰাপত্তাৰক্ষীক হত্যা কৰাৰো অভিযোগ অনা হৈছে৷ ২৩ বছৰীয়া মোচেন শ্বেকাৰিঅ'ক পূৰ্বতে হিজাব বিৰোধী আন্দোলনত জড়িত থকাৰ বাবে মৃত্যুদণ্ড দিয়া হৈছিল। ইৰানী আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে  পথ অৱৰোধ কৰাৰ অভিযোগ কৰিছিল। তেওঁ এজন অৰ্ধসামৰিক কৰ্মীকো আক্ৰমণ  কৰিছিল বুলি অভিযোগ কৰা হৈছি। এইবাৰ আমিৰে দেশৰ মহিলাসকলৰ কাষত থিয় হৈ চৰম শাস্তিৰ সন্মুখীন হৈছে।

২২ বছৰীয়া মাহচা আমিনীৰ মৃত্যুক লৈ ইৰাণ এতিয়াও অস্থিৰ হৈ আছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ  কৰাৰ পিছতে মাহছাৰ  মৃত্যু হৈছিল৷  ১৬ ছেপ্টেম্বৰত চিকিৎসালয়ত মাহছাৰ মৃত্যুৰ পিছত দেশ খনত হিজাব বিৰোধী  আন্দোলন আৰম্ভ হৈছিল।জনতাই  হিজাব জ্বলাই, চুলি কাটি ইছলামৰ নামত মহিলাসকলক বন্দী  কৰি ৰখাৰ বিৰুদ্ধে প্ৰতিবাদ  আৰম্ভ কৰিছে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ