--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অবাঞ্চিত আৰু অপ্ৰয়োজনীয় বিতৰ্কই কিদৰে দেশৰ একো-একোটা প্ৰান্তৰ স্বাভাৱিক গতি প্ৰবাহক একধৰণে ক্ষতিগ্ৰস্ত কৰি তুলিব পাৰে সেইকথা প্ৰমাণ পুনৰ প্ৰমাণ কৰিছে হিজাব বিতৰ্কই। কৰ্ণাটকৰ স্কুল-কলেজত আৰম্ভ হোৱা এই বিতৰ্কই এতিয়া এনে এটা ৰূপ ধাৰণ কৰিছে যে, ৰাজ্যখনৰ সকলো স্কুল-কলেজ বন্ধ কৰি দিবলগীয়া হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইয়ে টুইটযোগে এই কথা ঘোষণা কৰে আৰু সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে। ইফালে, বিদ্যালয়ত আৰম্ভ হোৱা হিজাব বিতৰ্কই এতিয়া উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছেগৈ। কৰ্ণাটকৰ উডুপিৰ পাঁচগৰাকী মহিলাই এই সন্দৰ্ভত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। হিজাবৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰি দাখিল কৰা এই আবেদনৰ শুনানি আজি গ্ৰহণ কৰাৰ লগতে ন্যায়ালয়ে কাইলৈও এই শুনানি গ্ৰহণ কৰিব। ন্যায়ালয়েও প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলক শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। ন্যায়াধীশ দীক্ষিত কৃষ্ণ শ্ৰীপদে কয় যে, নাগৰিকসকলৰ জ্ঞান আৰু নৈতিক গুণৰ ওপৰত ন্যায়ালয়ৰ সম্পূৰ্ণ ভৰসা আছে আৰু সেয়া অব্যাহত থাকিব বুলিও ন্যায়ালয়ৰ বিশ্বাস। ন্যায়ালয়ত আজি এই বিষয়ে শুনানি গ্ৰহণ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে টুইটযোগে প্ৰকাশ ককে যে, ‘মই সকলো শিক্ষাৰ্থী, শিক্ষক, স্কুল-কলেজৰ কৰ্তৃপক্ষ তথা কৰ্ণাটকৰ জনগণক শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছোঁ। অহা তিনিদিনৰ বাবে উচ্চ মাধ্যমিক বিদ্যালয় আৰু কলেজসমূহ বন্ধ ৰাখিবলৈ মই নিৰ্দেশ দিছোঁ। সংশ্লিষ্ট সকলোৱে এই নিৰ্দেশত সহযোগ কৰিব বুলি আশা কৰিছোঁ। উল্লেখ্য যে, উডুপিৰ চৰকাৰী পি ইউ কলেজৰ ছগৰাকী ছাত্ৰীয়ে হিজাব পৰিধান কৰা বাবে তেওঁলোকক শ্ৰেণীকোঠাত উপস্থিত থকাৰ পৰা বাৰণ কৰা বুলি অভিযোগ কৰাৰ পাছতে এই হিজাব বিতৰ্কই পোখা মেলিছিল। উডুপি আৰু চিক্কামাগালুৰুৰ একাংশ সোপন্থী সংগঠনে শ্ৰেণীকোঠাত মুছলমান ছাত্ৰীয়ে হিজাব পৰিধান কৰাৰ লৈ আপত্তি দৰ্শাইছিল। এই লৈ বিতৰ্কৰ সূত্ৰপাত হয় আৰু বিদ্যালয় মহাবিদ্যালয়ৰ মুছলমান শিক্ষাৰ্থীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ইফালে, শুকুৰবাৰ আৰু শনিবাৰে একাংশ শিক্ষাৰ্থীয়ে তেওঁলোকৰ কলেজলৈ মূৰত গেৰুৱা কাপোৰ মেৰিয়াই সমদল উলিয়ায়। পৰিস্থিয়ে ইমানেই জটিল ৰূপ পায় যে, শিক্ষাৰ্থীৰ মাজত শিলাবৰ্ষণৰ দৰে ঘটনাও সংঘটিত হয়। ইফালে, আজি এখন কলেজত গেৰুৱা ৰঙৰ পতাকা উত্তোসন কৰাৰ লৈও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পচন্দৰ কাপোৰ পিন্ধা-নিপিন্ধাৰ দৰে সাধাৰণ বিষয় এটাক লৈ হোৱা নিকৃষ্ট ৰাজনীতিয়ে সাম্প্ৰদায়িক বিষবাষ্প সৃষ্টি কৰাৰ এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেশজুৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু