--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশজুৰি এক অভূতপূৰ্ব স্বাস্থ্যজনিত সংকটৰ সৃষ্টি কৰা ক’ভিডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বিশেষ পুঁজি গঠন কৰিছিল। ‘পি এম কেয়াৰ্ছ ফাণ্ড’ নাম দিয়া এই পুঁজিৰ ধন দেশৰ ক’ভিড সংকটৰ সৈতে মোকাবিলা কৰাৰ বাবে ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছিল। দেশৰ বিভিন্ন শ্ৰেণীৰ লোকে সাধ্যানুসৰি এই পুঁজিলৈ ধন প্ৰেৰণ কৰিছিল। শেহতীয়া তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত এই পুঁজিত ১০,৯৯০ কোটি টকা জমা হৈছিল। কিন্তু ক’ভিডৰ তিনিটাকৈ ঢৌৱে দেশক কোবাই যোৱাৰ পাছতো এই পুঁজিৰপৰা খৰচ কৰা হৈছে ৩,৯৭৬ কোটিহে । এই তথ্যই এতিয়া ভালেমান প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। বিগত সময়ছোৱাত দেশৰ স্বাস্থ্যখণ্ডত অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছিল। দেশৰ অসংখ্য ক’ভিড আক্ৰান্ত লোকে চিকিৎসাজনিত বিভিন্ন সা-সুবিধাৰ অভাৱত অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছিল। অক্সিজেনৰ অভাৱ, ভেণ্টিলেটৰৰ অভাৱ, আইচিইউৰ পৰ্যাপ্ত সা-সুবিধা নথকাৰ পৰিপ্ৰেক্ষিতত ব্যাপক বিপৰ্যয়ৰ সন্মুখীন হৈছিল অসংখ্য লোক। পথত আপোনজনৰ বাবে অক্সিজেন চিলিণ্ডাৰ এটা বিচাৰি হাহাকাৰ কৰা ৰোগীৰ আত্মীয়ৰ দুৰৱস্থা আৰু ক’ভিডত মৃত লোকৰ শৰীৰ দাহৰ বাবে শ্মশানৰ বাহিৰত দীঘলীয়া অপেক্ষা কৰিবলগীয়া হোৱা সাধাৰণ মানুহৰ দুৰ্দশাই বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছিল। অথচ সেইখিনি সময়ত পিএম কেয়াৰ ফাণ্ডৰ পুঁজি খৰচ কৰি দুৰ্গতজনক সকাহ দিয়াৰ চেষ্টা কিয় কৰা হোৱা নাছিল সেয়া এক ৰহস্যজনক কথা হৈ পৰিছে। শেহতীয়া তথ্য অনুসৰি পিএম কেয়াৰ ফাণ্ডৰ পৰা খৰচ কৰা পুঁজিৰ ভিতৰত ১০০০ কোটি টকা ক’ভিডৰ ভেকচিন ক্ৰয়ৰ বাবে খৰচ কৰা হৈছিল। ২০২০-২১ বিত্তীয় বৰ্ষত এই পুঁজিলৈ ৪৯৪.৯১ কোটি টকা বিদেশৰ পৰা অহা চান্দাৰ পৰা আহিছিল আৰু ৭,১৮৩কোটি টকা আহিছিল অন্যান্য স্বেচ্ছামূলক বৰঙণিৰ পৰা। ইমান বৃহৎ পৰিমাণৰ বৰঙণিৰ পাছতো কিন্তু এই বৰঙণি সঠিকভাৱে খৰচ নকৰাৰ অভিযোগ উত্থাপন হৈছে। দেশীয়ভাৱে নিৰ্মিত ভেণ্টিলেটৰৰ বাবেও এই পুঁজিৰ ধন ব্যয় কৰাৰ কথা কোৱা হৈছে যদিও এই ভেটিলেটৰবোৰো ব্যৱহাৰ অযোগ্য বুলি নানা বিতৰ্কৰ সূত্ৰপাত হৈছিল। বিৰোধী দলসমূহৰ লগতে একাংশ সচেতন লোকে এনেদৰে পৃথক পুঁজি গঠন কৰাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল, কিয়নো এই পুঁজিক দেশৰ বিত্তীয় নিয়ন্ত্ৰণ ব্যৱস্থাৰ বাহিৰত ৰখাক লৈও সৃষ্টি হৈছিল বিতৰ্কৰ। এই বিতৰ্কক চৰকাৰে খুব গ্ৰাহ্য নকৰিলেও শেহতীয়াকৈ এই পুঁজি অব্যহাৰৰ তথ্যই এই বিভিন্ন প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। ক’ভিডৰ দৰে অভূতপূৰ্ব স্বাস্থ্যজনিত সংকটৰ দেশে হয়তো সন্মুখীন হ’বলগীয়া নহ’ব। সেয়া নোহোৱাটোৱেই সকলোৱে কামনা কৰে। কিন্তু ইমান বৃহৎ পৰিমাণৰ পুঁজি যি উদ্দেশ্য লৈ গঠন কৰা হৈছিল সেই উদ্দেশ্যৰ পৰা ফালৰি কাটি অহাটোক লৈও এতিয়া প্ৰশ্নচিহ্নৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু