--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশজুৰি এক অভূতপূৰ্ব স্বাস্থ্যজনিত সংকটৰ সৃষ্টি কৰা ক’ভিডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বিশেষ পুঁজি গঠন কৰিছিল। ‘পি এম কেয়াৰ্ছ ফাণ্ড’ নাম দিয়া এই পুঁজিৰ ধন দেশৰ ক’ভিড সংকটৰ সৈতে মোকাবিলা কৰাৰ বাবে ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছিল। দেশৰ বিভিন্ন শ্ৰেণীৰ লোকে সাধ্যানুসৰি এই পুঁজিলৈ ধন প্ৰেৰণ কৰিছিল। শেহতীয়া তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত এই পুঁজিত ১০,৯৯০ কোটি টকা জমা হৈছিল। কিন্তু ক’ভিডৰ তিনিটাকৈ ঢৌৱে দেশক কোবাই যোৱাৰ পাছতো এই পুঁজিৰপৰা খৰচ কৰা হৈছে ৩,৯৭৬ কোটিহে । এই তথ্যই এতিয়া ভালেমান প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। বিগত সময়ছোৱাত দেশৰ স্বাস্থ্যখণ্ডত অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছিল। দেশৰ অসংখ্য ক’ভিড আক্ৰান্ত লোকে চিকিৎসাজনিত বিভিন্ন সা-সুবিধাৰ অভাৱত অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈছিল। অক্সিজেনৰ অভাৱ, ভেণ্টিলেটৰৰ অভাৱ, আইচিইউৰ পৰ্যাপ্ত সা-সুবিধা নথকাৰ পৰিপ্ৰেক্ষিতত ব্যাপক বিপৰ্যয়ৰ সন্মুখীন হৈছিল অসংখ্য লোক। পথত আপোনজনৰ বাবে অক্সিজেন চিলিণ্ডাৰ এটা বিচাৰি হাহাকাৰ কৰা ৰোগীৰ আত্মীয়ৰ দুৰৱস্থা আৰু ক’ভিডত মৃত লোকৰ শৰীৰ দাহৰ বাবে শ্মশানৰ বাহিৰত দীঘলীয়া অপেক্ষা কৰিবলগীয়া হোৱা সাধাৰণ মানুহৰ দুৰ্দশাই বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছিল। অথচ সেইখিনি সময়ত পিএম কেয়াৰ ফাণ্ডৰ পুঁজি খৰচ কৰি দুৰ্গতজনক সকাহ দিয়াৰ চেষ্টা কিয় কৰা হোৱা নাছিল সেয়া এক ৰহস্যজনক কথা হৈ পৰিছে। শেহতীয়া তথ্য অনুসৰি পিএম কেয়াৰ ফাণ্ডৰ পৰা খৰচ কৰা পুঁজিৰ ভিতৰত ১০০০ কোটি টকা ক’ভিডৰ ভেকচিন ক্ৰয়ৰ বাবে খৰচ কৰা হৈছিল। ২০২০-২১ বিত্তীয় বৰ্ষত এই পুঁজিলৈ ৪৯৪.৯১ কোটি টকা বিদেশৰ পৰা অহা চান্দাৰ পৰা আহিছিল আৰু ৭,১৮৩কোটি টকা আহিছিল অন্যান্য স্বেচ্ছামূলক বৰঙণিৰ পৰা। ইমান বৃহৎ পৰিমাণৰ বৰঙণিৰ পাছতো কিন্তু এই বৰঙণি সঠিকভাৱে খৰচ নকৰাৰ অভিযোগ উত্থাপন হৈছে। দেশীয়ভাৱে নিৰ্মিত ভেণ্টিলেটৰৰ বাবেও এই পুঁজিৰ ধন ব্যয় কৰাৰ কথা কোৱা হৈছে যদিও এই ভেটিলেটৰবোৰো ব্যৱহাৰ অযোগ্য বুলি নানা বিতৰ্কৰ সূত্ৰপাত হৈছিল। বিৰোধী দলসমূহৰ লগতে একাংশ সচেতন লোকে এনেদৰে পৃথক পুঁজি গঠন কৰাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল, কিয়নো এই পুঁজিক দেশৰ বিত্তীয় নিয়ন্ত্ৰণ ব্যৱস্থাৰ বাহিৰত ৰখাক লৈও সৃষ্টি হৈছিল বিতৰ্কৰ। এই বিতৰ্কক চৰকাৰে খুব গ্ৰাহ্য নকৰিলেও শেহতীয়াকৈ এই পুঁজি অব্যহাৰৰ তথ্যই এই বিভিন্ন প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। ক’ভিডৰ দৰে অভূতপূৰ্ব স্বাস্থ্যজনিত সংকটৰ দেশে হয়তো সন্মুখীন হ’বলগীয়া নহ’ব। সেয়া নোহোৱাটোৱেই সকলোৱে কামনা কৰে। কিন্তু ইমান বৃহৎ পৰিমাণৰ পুঁজি যি উদ্দেশ্য লৈ গঠন কৰা হৈছিল সেই উদ্দেশ্যৰ পৰা ফালৰি কাটি অহাটোক লৈও এতিয়া প্ৰশ্নচিহ্নৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু