--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিজাবকলৈ নানান সময়ত নানান বিতৰ্কৰ সৃষ্টি হৈ আহিছে। বহু মুছলমান মহিলা-যুৱতীয়ে হিজাবক জীৱনৰ এৰাব নোৱাৰা অংগ কৰি লৈছে। ‘দঙ্গল’ ছবিৰ বিখ্যাত অভিনেত্ৰী জাইৰা ৱাছিমো ইয়াৰ ব্যতিক্ৰম নহয়।  জাইৰাই ধৰ্মৰ বাবেই বলীউডক বিদায় জনাইছিল। অভিনেত্ৰীগৰাকীয়ে বলীউড এৰাৰ  প্ৰায় চাৰি বছৰ পাৰ হৈ গ'ল। 

তেওঁ আমিৰ খানৰ সৈতে ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰিছিল। তাৰ পিছতো তেওঁ 'চিক্ৰেট চুপাৰষ্টাৰ', 'দ্য স্কাই ইজ পিংক'ৰ দৰে ছবিত অভিনয় কৰিছিল। কিন্তু হঠাতে ধৰ্মীৰ প্ৰতি অতি আকৃষ্ট হৈ পৰে জাইৰা। সেয়ে সকলো বাদ দি তেওঁ ধৰ্ম-কৰ্মতে লাগি পৰে। । বহু বছৰৰ পিছত জাইৰাৰৰ কথা পুনৰ চৰ্চালৈ আহিছে। বিশেষকৈ তেওঁৰ এখন ছবিয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।  অভিনেত্ৰীগৰাকী বহুদিন ধৰি  প্ৰায় লুকাই আছিল। তেওঁৰ মুখ খন  বহুদিন ধৰি বহুতেই দেখা পোৱা নাছিল।


 কিন্তু  জাইৰাৰ টুইটাৰ একাউণ্টৰ পৰা হঠাতে এটা টুইট আহিল। টুইটটোত  অভিনেত্ৰীগৰাকীয়ে হিজাবৰ সমৰ্থনত মুখ খোলা পৰিলক্ষিত হয়। জাইৰাই টুইটাৰত এখন ফটো পোষ্ট কৰিছে। ফটো খনত এগৰাকী মহিলাই খাদ্য খাই থকা দেখা গৈছে।  তেওঁৰ মুখখন বোৰ্খাৰে আবৃত। আনকি খোৱাৰ সময়তো তেওঁ হিজাব আঁতৰোৱা নাছিল। ছবিখনৰ শিৰোনামটোত জাইৰাই  সুধিছে, "কোনোবাই স্বেচ্ছাই এনে কৰিব পাৰিবনে?" তেওঁ লিখিছে, "মই  এখন বিয়ালৈ গৈছিলো। মই এনেদৰেই খাইছিলো। এইটো সম্পূৰ্ণৰূপে মোৰ সিদ্ধান্ত। অৱশ্যে, মোৰ চাৰিওফালৰ লোকসকলে হিজাব আঁতৰাবলৈ জোৰ দি আছিল। কিন্তু মই কেতিয়াও মোৰ হিজাব খুলিব নোৱাৰো। ''

যদিও অভিনেত্ৰীগৰাকীয়ে হিজাবৰ প্ৰতি এনে দৃষ্টিভংগীসমৰ্থন কৰিছে  আন বহুতে  তেওঁৰ মানসিকতাকলৈ  ক্ষোভ আৰু দুখ প্ৰকাশ কৰিছে। কিন্তু  জাইৰা সেই বিষয়ে চিন্তিত নহয়। যোৱা বছৰ যেতিয়া কৰ্ণাটকৰ বিদ্যালয়সমূহত হিজাব নিষিদ্ধ কৰা হৈছিল, অভিনেত্ৰীগৰাকীয়ে ইয়াৰ  তীব্ৰ প্ৰতিবাদ কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে