--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিজাবকলৈ নানান সময়ত নানান বিতৰ্কৰ সৃষ্টি হৈ আহিছে। বহু মুছলমান মহিলা-যুৱতীয়ে হিজাবক জীৱনৰ এৰাব নোৱাৰা অংগ কৰি লৈছে। ‘দঙ্গল’ ছবিৰ বিখ্যাত অভিনেত্ৰী জাইৰা ৱাছিমো ইয়াৰ ব্যতিক্ৰম নহয়।  জাইৰাই ধৰ্মৰ বাবেই বলীউডক বিদায় জনাইছিল। অভিনেত্ৰীগৰাকীয়ে বলীউড এৰাৰ  প্ৰায় চাৰি বছৰ পাৰ হৈ গ'ল। 

তেওঁ আমিৰ খানৰ সৈতে ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰিছিল। তাৰ পিছতো তেওঁ 'চিক্ৰেট চুপাৰষ্টাৰ', 'দ্য স্কাই ইজ পিংক'ৰ দৰে ছবিত অভিনয় কৰিছিল। কিন্তু হঠাতে ধৰ্মীৰ প্ৰতি অতি আকৃষ্ট হৈ পৰে জাইৰা। সেয়ে সকলো বাদ দি তেওঁ ধৰ্ম-কৰ্মতে লাগি পৰে। । বহু বছৰৰ পিছত জাইৰাৰৰ কথা পুনৰ চৰ্চালৈ আহিছে। বিশেষকৈ তেওঁৰ এখন ছবিয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।  অভিনেত্ৰীগৰাকী বহুদিন ধৰি  প্ৰায় লুকাই আছিল। তেওঁৰ মুখ খন  বহুদিন ধৰি বহুতেই দেখা পোৱা নাছিল।


 কিন্তু  জাইৰাৰ টুইটাৰ একাউণ্টৰ পৰা হঠাতে এটা টুইট আহিল। টুইটটোত  অভিনেত্ৰীগৰাকীয়ে হিজাবৰ সমৰ্থনত মুখ খোলা পৰিলক্ষিত হয়। জাইৰাই টুইটাৰত এখন ফটো পোষ্ট কৰিছে। ফটো খনত এগৰাকী মহিলাই খাদ্য খাই থকা দেখা গৈছে।  তেওঁৰ মুখখন বোৰ্খাৰে আবৃত। আনকি খোৱাৰ সময়তো তেওঁ হিজাব আঁতৰোৱা নাছিল। ছবিখনৰ শিৰোনামটোত জাইৰাই  সুধিছে, "কোনোবাই স্বেচ্ছাই এনে কৰিব পাৰিবনে?" তেওঁ লিখিছে, "মই  এখন বিয়ালৈ গৈছিলো। মই এনেদৰেই খাইছিলো। এইটো সম্পূৰ্ণৰূপে মোৰ সিদ্ধান্ত। অৱশ্যে, মোৰ চাৰিওফালৰ লোকসকলে হিজাব আঁতৰাবলৈ জোৰ দি আছিল। কিন্তু মই কেতিয়াও মোৰ হিজাব খুলিব নোৱাৰো। ''

যদিও অভিনেত্ৰীগৰাকীয়ে হিজাবৰ প্ৰতি এনে দৃষ্টিভংগীসমৰ্থন কৰিছে  আন বহুতে  তেওঁৰ মানসিকতাকলৈ  ক্ষোভ আৰু দুখ প্ৰকাশ কৰিছে। কিন্তু  জাইৰা সেই বিষয়ে চিন্তিত নহয়। যোৱা বছৰ যেতিয়া কৰ্ণাটকৰ বিদ্যালয়সমূহত হিজাব নিষিদ্ধ কৰা হৈছিল, অভিনেত্ৰীগৰাকীয়ে ইয়াৰ  তীব্ৰ প্ৰতিবাদ কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?