--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলিম ধৰ্মাৱলম্বীসকলৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাটো এতিয়া কিছু লোকৰ বাবে ফেশ্বনত পৰিণত হৈছে। এই বক্তব্য আগবঢ়াইছে নাছিৰুদ্দিন শ্বাহে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত প্ৰবীণ অভিনেতাগৰাকী দাবী কৰে যে দেশৰ নাগৰিকৰ মনত ইচ্ছাকৃতভাৱে মুছলমান সম্প্ৰদায়ৰ প্ৰতি ঘৃণা জগাই তোলা হৈছে।

শেহতীয়া এক সাক্ষাৎকাৰত নাছিৰুদ্দিনে কয়, "আজিৰ চিনেমা বা ধাৰাবাহিকত যি দেখুওৱা হৈছে সেয়া বাস্তৱত প্ৰতিফলিত হৈছে। সেইটোৱেই হৈছে ইয়াৰ মূলত ইছলামোফ’বিয়া। মাজে মাজে কিছুমান মুছলমান বিৰোধী চিন্তা আৰু ধাৰণা আমাৰ মূৰত সুমুৱাই দিয়া হৈছে। সামাজিক জীৱনত ইয়াৰ প্ৰতিফলন অহৰহ হৈ থাকে। মুছলমান ঘৃণা আজিকালি ফেশ্বন হৈ পৰিছে! আনকি, ক’ৰবাত ই শিক্ষিত লোকৰ মনতো প্ৰৱেশ কৰিছে। আমি ধৰ্মনিৰপেক্ষতাৰ কথা কওঁ, গণতন্ত্ৰৰ কথা কওঁ, তেন্তে সকলোতে ধৰ্মৰ প্ৰৱৰ্তন কিয়? যিসকলে ধৰ্মৰ স্বাৰ্থত ভোট লাভ কৰি আছে তেওঁলোকৰ বাবে নিৰ্বাচন আয়োগ কেৱল মৌন দৰ্শক!"

নাছিৰৰ প্ৰশ্ন, "আজি যদি কোনো মুছলমান নেতাই এই কাম কৰিলেহেঁতেন, যদি তেওঁ আল্লাহু আকবৰ শ্লোগানেৰে ৰাইজৰ পৰা ভোট বিচাৰিলেহেঁতেন, তেনেহ’লে সকলো উলট পালট হৈ গ’লহেঁতেন।’’

তেওঁ কয়- "নিৰ্বাচন আয়োগৰ এটা শব্দও কোৱাৰ সাহস নাই।'' দেশৰ প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰে নাছিৰে। কয়- "শেহতীয়া নিৰ্বাচনত পৰাস্ত হ'লেও প্ৰধানমন্ত্ৰীয়ে নিজেই ধৰ্মৰ নামত ভোট বিচাৰে।"

বৰ্তমান পৰিস্থিতিক লৈ ক্ষুব্ধ যদিও নাছিৰুদ্দিন শ্বাহ ভৱিষ্যতক লৈ আশাবাদী। তেওঁ আশা কৰে, "এদিন এই ঘৃণাৰ ৰাজনীতি নিশ্চয় বন্ধ হৈ যাব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু