--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলিম ধৰ্মাৱলম্বীসকলৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাটো এতিয়া কিছু লোকৰ বাবে ফেশ্বনত পৰিণত হৈছে। এই বক্তব্য আগবঢ়াইছে নাছিৰুদ্দিন শ্বাহে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত প্ৰবীণ অভিনেতাগৰাকী দাবী কৰে যে দেশৰ নাগৰিকৰ মনত ইচ্ছাকৃতভাৱে মুছলমান সম্প্ৰদায়ৰ প্ৰতি ঘৃণা জগাই তোলা হৈছে।

শেহতীয়া এক সাক্ষাৎকাৰত নাছিৰুদ্দিনে কয়, "আজিৰ চিনেমা বা ধাৰাবাহিকত যি দেখুওৱা হৈছে সেয়া বাস্তৱত প্ৰতিফলিত হৈছে। সেইটোৱেই হৈছে ইয়াৰ মূলত ইছলামোফ’বিয়া। মাজে মাজে কিছুমান মুছলমান বিৰোধী চিন্তা আৰু ধাৰণা আমাৰ মূৰত সুমুৱাই দিয়া হৈছে। সামাজিক জীৱনত ইয়াৰ প্ৰতিফলন অহৰহ হৈ থাকে। মুছলমান ঘৃণা আজিকালি ফেশ্বন হৈ পৰিছে! আনকি, ক’ৰবাত ই শিক্ষিত লোকৰ মনতো প্ৰৱেশ কৰিছে। আমি ধৰ্মনিৰপেক্ষতাৰ কথা কওঁ, গণতন্ত্ৰৰ কথা কওঁ, তেন্তে সকলোতে ধৰ্মৰ প্ৰৱৰ্তন কিয়? যিসকলে ধৰ্মৰ স্বাৰ্থত ভোট লাভ কৰি আছে তেওঁলোকৰ বাবে নিৰ্বাচন আয়োগ কেৱল মৌন দৰ্শক!"

নাছিৰৰ প্ৰশ্ন, "আজি যদি কোনো মুছলমান নেতাই এই কাম কৰিলেহেঁতেন, যদি তেওঁ আল্লাহু আকবৰ শ্লোগানেৰে ৰাইজৰ পৰা ভোট বিচাৰিলেহেঁতেন, তেনেহ’লে সকলো উলট পালট হৈ গ’লহেঁতেন।’’

তেওঁ কয়- "নিৰ্বাচন আয়োগৰ এটা শব্দও কোৱাৰ সাহস নাই।'' দেশৰ প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰে নাছিৰে। কয়- "শেহতীয়া নিৰ্বাচনত পৰাস্ত হ'লেও প্ৰধানমন্ত্ৰীয়ে নিজেই ধৰ্মৰ নামত ভোট বিচাৰে।"

বৰ্তমান পৰিস্থিতিক লৈ ক্ষুব্ধ যদিও নাছিৰুদ্দিন শ্বাহ ভৱিষ্যতক লৈ আশাবাদী। তেওঁ আশা কৰে, "এদিন এই ঘৃণাৰ ৰাজনীতি নিশ্চয় বন্ধ হৈ যাব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে