--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰায় ৩০ বছৰৰ পাছত কাশ্মীৰ উপত্যকাৰ মনোমোহা ৱুলাৰ হ্ৰদত ফুলি উঠিছে গোলাপী ৰঙৰ পদুম ফুল। ইয়াৰ ফলত কৃষক আৰু স্থানীয় ৰাইজৰ মাজত সুখৰ জোৱাৰ উঠিছে।

ডিজিটেল ডেস্কঃ  জম্মু-কাশ্মীৰৰ বান্দিপুৰাত অৱস্থিত ৱুলাৰ হ্ৰদ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত। ৱুলাৰ এছিয়াৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ। প্ৰায় ৩০ বছৰৰ পাছত কাশ্মীৰ উপত্যকাৰ মনোমোহা ৱুলাৰ হ্ৰদত ফুলি উঠিছে গোলাপী ৰঙৰ পদুম ফুল। ইয়াৰ ফলত কৃষক আৰু স্থানীয় ৰাইজৰ মাজত সুখৰ জোৱাৰ উঠিছে। ৱুলাৰত পদ্ম ফুল ফুলা পৰিৱেশ আৰু স্থানীয় ব্যৱস্থাৰ বাবে ইতিবাচক লক্ষণ। এই খবৰটো স্থানীয় বাসিন্দাৰ লগতে পৰিৱেশ বিশেষজ্ঞসকলৰ বাবেও এক সুখৰ বিষয় হৈ পৰিছে।


জম্মু-কাশ্মীৰৰ বান্দিপোৰাত অৱস্থিত ৱুলাৰ হ্ৰদ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত। ৱুলাৰ এছিয়াৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ। শ্ৰীনগৰৰ পৰা প্ৰায় ৬৭ কিলোমিটাৰ নিলগত অৱস্থিত আৰু কুঁৱলীময় হৰমুখ পৰ্বতেৰে আগুৰি থকা এই চিত্ৰময় হ্ৰদটোত বিধ্বংসী বানপানীৰ পিছত ফুল ফুলা নাছিল।


উল্লেখ্য যে ১৯৯২ চনৰ ছেপ্টেম্বৰ মাহত কাশ্মীৰত এক ভয়াৱহ বানপানী হৈছিল, যাৰ ফলত ৱুলাৰ হ্ৰদৰ চহকী পৰিবেশ তন্ত্ৰৰ বিপুল ক্ষতি হৈছিল। বিপুল পৰিমাণৰ জাৱৰ জমা হৈছিল যাৰ ফলত পদুম গছবোৰ নষ্ট হৈছিল আৰু পানীৰ সোঁতত প্ৰভাৱ পৰিছিল। ইয়াৰ ফলত স্থানীয় ৰাইজৰ জীৱিকাৰ ক্ষতি হয়। বিশেষজ্ঞসকলৰ মতে, পানী প্ৰদূষণ, অবৈধ মাছ ধৰা আৰু বিলখনৰ জলস্তৰৰ পৰিৱৰ্তন আদি পৰিৱেশৰ চাপত পদুম ফুলৰ প্ৰাকৃতিক ধাৰা প্ৰভাৱিত হৈছিল।


অৱশ্যে হ্ৰদটো পৰিষ্কাৰ কৰা, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু জলস্তৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে। হয়তো এই কাৰণেই আমি আকৌ এবাৰ ইয়াত পদুম ফুল দেখাৰ সৌভাগ্য লাভ কৰিছো। ই কেৱল হ্ৰদটোৰ জৈৱিক অৱস্থাৰ উন্নতিৰ লক্ষণেই নহয়, স্থানীয় পৰিৱেশ তন্ত্ৰৰ পুনৰুজ্জীৱনৰ প্ৰমাণো।


খবৰ অনুসৰি স্থানীয় জনগোষ্ঠী আৰু প্ৰশাসনে যৌথভাৱে এই প্ৰাকৃতিক সৌন্দৰ্য্য সংৰক্ষণৰ বাবে সজাগতা অভিযান চলাইছে যাতে ৱুলাৰ হ্ৰদ পুনৰ পুৰণি ভাবমূৰ্তিলৈ ঘূৰি আহিব পাৰে। পৰিৱেশবিদসকলৰ বাবে এয়া এক সুখবৰ আৰু ভৱিষ্যতৰ বাবে আশাৰ বাৰ্তা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক