--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰায় ৩০ বছৰৰ পাছত কাশ্মীৰ উপত্যকাৰ মনোমোহা ৱুলাৰ হ্ৰদত ফুলি উঠিছে গোলাপী ৰঙৰ পদুম ফুল। ইয়াৰ ফলত কৃষক আৰু স্থানীয় ৰাইজৰ মাজত সুখৰ জোৱাৰ উঠিছে।

ডিজিটেল ডেস্কঃ  জম্মু-কাশ্মীৰৰ বান্দিপুৰাত অৱস্থিত ৱুলাৰ হ্ৰদ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত। ৱুলাৰ এছিয়াৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ। প্ৰায় ৩০ বছৰৰ পাছত কাশ্মীৰ উপত্যকাৰ মনোমোহা ৱুলাৰ হ্ৰদত ফুলি উঠিছে গোলাপী ৰঙৰ পদুম ফুল। ইয়াৰ ফলত কৃষক আৰু স্থানীয় ৰাইজৰ মাজত সুখৰ জোৱাৰ উঠিছে। ৱুলাৰত পদ্ম ফুল ফুলা পৰিৱেশ আৰু স্থানীয় ব্যৱস্থাৰ বাবে ইতিবাচক লক্ষণ। এই খবৰটো স্থানীয় বাসিন্দাৰ লগতে পৰিৱেশ বিশেষজ্ঞসকলৰ বাবেও এক সুখৰ বিষয় হৈ পৰিছে।


জম্মু-কাশ্মীৰৰ বান্দিপোৰাত অৱস্থিত ৱুলাৰ হ্ৰদ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত। ৱুলাৰ এছিয়াৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ। শ্ৰীনগৰৰ পৰা প্ৰায় ৬৭ কিলোমিটাৰ নিলগত অৱস্থিত আৰু কুঁৱলীময় হৰমুখ পৰ্বতেৰে আগুৰি থকা এই চিত্ৰময় হ্ৰদটোত বিধ্বংসী বানপানীৰ পিছত ফুল ফুলা নাছিল।


উল্লেখ্য যে ১৯৯২ চনৰ ছেপ্টেম্বৰ মাহত কাশ্মীৰত এক ভয়াৱহ বানপানী হৈছিল, যাৰ ফলত ৱুলাৰ হ্ৰদৰ চহকী পৰিবেশ তন্ত্ৰৰ বিপুল ক্ষতি হৈছিল। বিপুল পৰিমাণৰ জাৱৰ জমা হৈছিল যাৰ ফলত পদুম গছবোৰ নষ্ট হৈছিল আৰু পানীৰ সোঁতত প্ৰভাৱ পৰিছিল। ইয়াৰ ফলত স্থানীয় ৰাইজৰ জীৱিকাৰ ক্ষতি হয়। বিশেষজ্ঞসকলৰ মতে, পানী প্ৰদূষণ, অবৈধ মাছ ধৰা আৰু বিলখনৰ জলস্তৰৰ পৰিৱৰ্তন আদি পৰিৱেশৰ চাপত পদুম ফুলৰ প্ৰাকৃতিক ধাৰা প্ৰভাৱিত হৈছিল।


অৱশ্যে হ্ৰদটো পৰিষ্কাৰ কৰা, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু জলস্তৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে। হয়তো এই কাৰণেই আমি আকৌ এবাৰ ইয়াত পদুম ফুল দেখাৰ সৌভাগ্য লাভ কৰিছো। ই কেৱল হ্ৰদটোৰ জৈৱিক অৱস্থাৰ উন্নতিৰ লক্ষণেই নহয়, স্থানীয় পৰিৱেশ তন্ত্ৰৰ পুনৰুজ্জীৱনৰ প্ৰমাণো।


খবৰ অনুসৰি স্থানীয় জনগোষ্ঠী আৰু প্ৰশাসনে যৌথভাৱে এই প্ৰাকৃতিক সৌন্দৰ্য্য সংৰক্ষণৰ বাবে সজাগতা অভিযান চলাইছে যাতে ৱুলাৰ হ্ৰদ পুনৰ পুৰণি ভাবমূৰ্তিলৈ ঘূৰি আহিব পাৰে। পৰিৱেশবিদসকলৰ বাবে এয়া এক সুখবৰ আৰু ভৱিষ্যতৰ বাবে আশাৰ বাৰ্তা।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ