--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি হিমাচলৰ ৰাজ্যসভা নিৰ্বাচনৰ এখন আসনৰ বাবে বিজেপিৰ হৰ্ষ মহাজনে জয়লাভ কৰে। কংগ্ৰেছৰ অভিষেক মনু সিংভীয়ে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। দুয়োগৰাকী নেতাই লাভ কৰে ৩৪-৩৪টা ভোট। পাছত হৰ্ষ মহাজনে স্লিপৰ জৰিয়তে জয়লাভ কৰে। হিমাচল প্ৰদেশত বিধানসভাৰ সদস্যৰ সংখ্যা ৬৮ জন। এটা অতি ৰোমাঞ্চকৰ প্ৰতিযোগিতা দেখা গ’ল যেতিয়া কংগ্ৰেছ বিধায়কসকলে ক্ৰছ ভোটিং কৰিলে।

মুঠ কংগ্ৰেছ বিধায়কৰ সংখ্যা ৪০ জন আৰু বিজেপিৰ ২৫ জন বিধায়ক। ইয়াৰ উপৰিও ৰাজ্যত তিনিজন নিৰ্দলীয় বিধায়ক আছে। নিৰ্বাচনৰ সময়তে কংগ্ৰেছৰ ছয়জন বিধায়কে ক্ৰছ ভোট দিয়াৰ জল্পনা-কল্পনা চলিছিল, যিটো ফলাফল অহাৰ পাছতে নিশ্চিত হৈছিল। বিজেপিৰ সমৰ্থনত ছয়জন কংগ্ৰেছ বিধায়ক আৰু তিনিজন নিৰ্দলীয়ৰ ক্ৰছ ভোটিঙৰ বাবে অভিষেক মনু সিংভীৰ সপক্ষে ৩৪টা ভোট দিয়াৰ বিপৰীতে হৰ্ষ মহাজনেও একে সংখ্যক ভোট লাভ কৰে। এনে পৰিস্থিতিত দুয়োৰে মাজত টাই হৈছিল আৰু তাৰ পিছত স্লিপৰ জৰিয়তে ফলাফল হৰ্ষ মহাজনৰ সপক্ষে গৈছিল।

হৰ্ষ মহাজনৰ বিজয়ৰ পাছত তেওঁৰ সমৰ্থকসকলে ‘জয় শ্ৰী ৰাম’ শ্লোগান দিয়া দেখা গ’ল। বিজয়ৰ পিছত সংবাদ মাধ্যমৰ আগত মহাজনে কয়, ‘এয়া বিজেপি, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ জয়।’ বিৰোধী দলপতি জয়ৰাম ঠাকুৰে কয় যে এই বিজয়ৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে পদত্যাগ কৰিব লাগে। 

১৯৫৫ চনত চাম্বাত জন্মগ্ৰহণ কৰা হৰ্ষ মহাজন প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ দেশ ৰাজ মহাজনৰ পুত্ৰ। হৰ্ষ মহাজনে যুৱ কংগ্ৰেছৰ পৰাই ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। ১৯৯৩ চনত প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল হৰ্ষ মহাজন। ইয়াৰ পাছত ১৯৯৮ আৰু ২০০৩ চনত পুনৰ বিধায়ক হয়। হৰ্ষ মহাজন ৰাজ্যৰ পশুপালন মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। কিন্তু ২০২২ চনৰ ছেপ্টেম্বৰ মাহত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ