--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি হিমাচলৰ ৰাজ্যসভা নিৰ্বাচনৰ এখন আসনৰ বাবে বিজেপিৰ হৰ্ষ মহাজনে জয়লাভ কৰে। কংগ্ৰেছৰ অভিষেক মনু সিংভীয়ে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। দুয়োগৰাকী নেতাই লাভ কৰে ৩৪-৩৪টা ভোট। পাছত হৰ্ষ মহাজনে স্লিপৰ জৰিয়তে জয়লাভ কৰে। হিমাচল প্ৰদেশত বিধানসভাৰ সদস্যৰ সংখ্যা ৬৮ জন। এটা অতি ৰোমাঞ্চকৰ প্ৰতিযোগিতা দেখা গ’ল যেতিয়া কংগ্ৰেছ বিধায়কসকলে ক্ৰছ ভোটিং কৰিলে।

মুঠ কংগ্ৰেছ বিধায়কৰ সংখ্যা ৪০ জন আৰু বিজেপিৰ ২৫ জন বিধায়ক। ইয়াৰ উপৰিও ৰাজ্যত তিনিজন নিৰ্দলীয় বিধায়ক আছে। নিৰ্বাচনৰ সময়তে কংগ্ৰেছৰ ছয়জন বিধায়কে ক্ৰছ ভোট দিয়াৰ জল্পনা-কল্পনা চলিছিল, যিটো ফলাফল অহাৰ পাছতে নিশ্চিত হৈছিল। বিজেপিৰ সমৰ্থনত ছয়জন কংগ্ৰেছ বিধায়ক আৰু তিনিজন নিৰ্দলীয়ৰ ক্ৰছ ভোটিঙৰ বাবে অভিষেক মনু সিংভীৰ সপক্ষে ৩৪টা ভোট দিয়াৰ বিপৰীতে হৰ্ষ মহাজনেও একে সংখ্যক ভোট লাভ কৰে। এনে পৰিস্থিতিত দুয়োৰে মাজত টাই হৈছিল আৰু তাৰ পিছত স্লিপৰ জৰিয়তে ফলাফল হৰ্ষ মহাজনৰ সপক্ষে গৈছিল।

হৰ্ষ মহাজনৰ বিজয়ৰ পাছত তেওঁৰ সমৰ্থকসকলে ‘জয় শ্ৰী ৰাম’ শ্লোগান দিয়া দেখা গ’ল। বিজয়ৰ পিছত সংবাদ মাধ্যমৰ আগত মহাজনে কয়, ‘এয়া বিজেপি, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ জয়।’ বিৰোধী দলপতি জয়ৰাম ঠাকুৰে কয় যে এই বিজয়ৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে পদত্যাগ কৰিব লাগে। 

১৯৫৫ চনত চাম্বাত জন্মগ্ৰহণ কৰা হৰ্ষ মহাজন প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ দেশ ৰাজ মহাজনৰ পুত্ৰ। হৰ্ষ মহাজনে যুৱ কংগ্ৰেছৰ পৰাই ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। ১৯৯৩ চনত প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল হৰ্ষ মহাজন। ইয়াৰ পাছত ১৯৯৮ আৰু ২০০৩ চনত পুনৰ বিধায়ক হয়। হৰ্ষ মহাজন ৰাজ্যৰ পশুপালন মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। কিন্তু ২০২২ চনৰ ছেপ্টেম্বৰ মাহত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু