--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনক লৈ অৱশেষত অসমৰ বিৰোধী দলেও দেখুৱাইছে তৎপৰতা৷ আজি হোটেল লিলিত বিৰোধী দলসমূহৰ বৈঠক চলিছে৷ লোকসভা নিৰ্বাচনৰ আসন বুজাবুজিৰ আলোচনা হৈছে বিৰোধী ঐক্যমঞ্চৰ এই বৈঠকত৷ বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰী প্ৰতিটো দলে ভাগ লৈছে এই বৈঠকত৷ 

সমাগত লোকসভা নিৰ্বাচনত আসন বুজাবুজি আৰু CAA সন্দৰ্ভত বিস্তৃত আলোচনা হৈছে আজিৰ বৈঠকত৷ আসনৰ বাবেই বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰী দুই-এক দলৰ সৈতে মতানৈক্য অব্যাহত আছে কংগ্ৰেছৰ৷ তেনে সময়তে আজিৰ বৈঠক বিশেষভাবে তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷ আনহাতে বিগ ব্ৰাডাৰ হিচাপে বিৰোধী ঐক্যমঞ্চত থকা কংগ্ৰেছত আকৌ অব্যাহত আছে খহনীয়া। সেই খহনীয়াৰ মাজতে দলটোৱে কেনেদৰে আসন সন্দৰ্ভত অংশীদাৰী দলক সৈমান কৰাম সেয়া হ’ব লক্ষণীয়৷

বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰাই কয়, বিজেপিয়ে যাতে ৰাণা গোস্বামীক আলৈ-আথানি নকৰে।বহুত আমাৰ নেতা নি বিজেপিয়ে পিছত কেৱল থিয় কৰাই থয়৷ হিউমেন নেচাৰ সন্দৰ্ভত মই সভাপতি হোৱাৰ পাছত বহু কথা শিকিছোঁ। কিতাপ এখন লিখিছিলোঁ মই বিহুত প্ৰকাশ কৰিম বুলি ‘গৰুগাড়ীৰ পৰা হেলিকপ্টাৰলৈ’৷ এতিয়া প্ৰকাশ কৰিব নোৱাৰিম৷ কিছু পৃষ্ঠা সলনি কৰিব লাগিব।

একেদৰে মিত্ৰতা সন্দৰ্ভত তেওঁ কয়, লোকসভা নিৰ্বাচনত আমাৰ মিত্ৰতা নাথাকিবও পাৰে৷ আমি আসনৰ বাবে কিছু দূৰে দৰে থাকিব পাৰো৷ ৰাণা গোস্বামীৰ গমনে দলক ক্ষতি কৰিব নে নকৰে, সেয়া ক’বলৈ মই বেৰোমিটাৰ নহয়। ৰাইজে ক’ব নিৰ্বাচনত— বিৰোধী লাগে নে নালাগে৷ 

বৈঠকত অংশ লৈ ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়, নিৰ্বাচনৰ বাবেই CAA আনিব বিচাৰিছে চৰকাৰে। গোটেই বিষয়টো ন্যায়ালয়ৰ অধীনত থকাৰ পাছতো কেৱল সংখ্যা বেছি থকাৰ বাবেই চৰকাৰে কাৰ্যকৰী কৰিব বিচাৰিছে। আজি আমি আলোচনা কৰি লওঁ, কেনেকৈ ৰাইজক একত্ৰিত কৰিব পাৰো। ৰাজপথৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ আন্দোলনৰ বাবে আমি সাজু আছোঁ।

একেদৰে, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কয়, বিজেপিয়ে পুনৰ CAA আনিব বিচাৰিছে। তাৰ বাবেই আজি বিৰোধী ঐক্যই একত্ৰিত হয় আলোচনা কৰিব। CAA প্ৰতিহত কৰিবৰ বাবে ঐক্যবদ্ধভাবে আন্দোলনত নামিব বিৰোধী ঐক্য।

উল্লেখযোগ্য যে আজিৰ বৈঠকত উপস্থিত আছে ভূপেন বৰা , দেৱব্ৰত শইকীয়া, অখিল গগৈ , ৰিপুন বৰা, লুৰীণজ্যোতি গগৈসহ মিত্ৰজোঁটৰ নেতাসকল৷ মিত্ৰজোঁটত চামিল চৰণ ডেকা নেতৃত্বাধীন পি এল পি আৰু প্ৰাক্তন বিধায়ক আব্দুল আজিজ নেতৃত্বাধীন সমাজবাদী দল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু