--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনক লৈ অৱশেষত অসমৰ বিৰোধী দলেও দেখুৱাইছে তৎপৰতা৷ আজি হোটেল লিলিত বিৰোধী দলসমূহৰ বৈঠক চলিছে৷ লোকসভা নিৰ্বাচনৰ আসন বুজাবুজিৰ আলোচনা হৈছে বিৰোধী ঐক্যমঞ্চৰ এই বৈঠকত৷ বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰী প্ৰতিটো দলে ভাগ লৈছে এই বৈঠকত৷ 

সমাগত লোকসভা নিৰ্বাচনত আসন বুজাবুজি আৰু CAA সন্দৰ্ভত বিস্তৃত আলোচনা হৈছে আজিৰ বৈঠকত৷ আসনৰ বাবেই বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰী দুই-এক দলৰ সৈতে মতানৈক্য অব্যাহত আছে কংগ্ৰেছৰ৷ তেনে সময়তে আজিৰ বৈঠক বিশেষভাবে তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷ আনহাতে বিগ ব্ৰাডাৰ হিচাপে বিৰোধী ঐক্যমঞ্চত থকা কংগ্ৰেছত আকৌ অব্যাহত আছে খহনীয়া। সেই খহনীয়াৰ মাজতে দলটোৱে কেনেদৰে আসন সন্দৰ্ভত অংশীদাৰী দলক সৈমান কৰাম সেয়া হ’ব লক্ষণীয়৷

বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰাই কয়, বিজেপিয়ে যাতে ৰাণা গোস্বামীক আলৈ-আথানি নকৰে।বহুত আমাৰ নেতা নি বিজেপিয়ে পিছত কেৱল থিয় কৰাই থয়৷ হিউমেন নেচাৰ সন্দৰ্ভত মই সভাপতি হোৱাৰ পাছত বহু কথা শিকিছোঁ। কিতাপ এখন লিখিছিলোঁ মই বিহুত প্ৰকাশ কৰিম বুলি ‘গৰুগাড়ীৰ পৰা হেলিকপ্টাৰলৈ’৷ এতিয়া প্ৰকাশ কৰিব নোৱাৰিম৷ কিছু পৃষ্ঠা সলনি কৰিব লাগিব।

একেদৰে মিত্ৰতা সন্দৰ্ভত তেওঁ কয়, লোকসভা নিৰ্বাচনত আমাৰ মিত্ৰতা নাথাকিবও পাৰে৷ আমি আসনৰ বাবে কিছু দূৰে দৰে থাকিব পাৰো৷ ৰাণা গোস্বামীৰ গমনে দলক ক্ষতি কৰিব নে নকৰে, সেয়া ক’বলৈ মই বেৰোমিটাৰ নহয়। ৰাইজে ক’ব নিৰ্বাচনত— বিৰোধী লাগে নে নালাগে৷ 

বৈঠকত অংশ লৈ ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়, নিৰ্বাচনৰ বাবেই CAA আনিব বিচাৰিছে চৰকাৰে। গোটেই বিষয়টো ন্যায়ালয়ৰ অধীনত থকাৰ পাছতো কেৱল সংখ্যা বেছি থকাৰ বাবেই চৰকাৰে কাৰ্যকৰী কৰিব বিচাৰিছে। আজি আমি আলোচনা কৰি লওঁ, কেনেকৈ ৰাইজক একত্ৰিত কৰিব পাৰো। ৰাজপথৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ আন্দোলনৰ বাবে আমি সাজু আছোঁ।

একেদৰে, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কয়, বিজেপিয়ে পুনৰ CAA আনিব বিচাৰিছে। তাৰ বাবেই আজি বিৰোধী ঐক্যই একত্ৰিত হয় আলোচনা কৰিব। CAA প্ৰতিহত কৰিবৰ বাবে ঐক্যবদ্ধভাবে আন্দোলনত নামিব বিৰোধী ঐক্য।

উল্লেখযোগ্য যে আজিৰ বৈঠকত উপস্থিত আছে ভূপেন বৰা , দেৱব্ৰত শইকীয়া, অখিল গগৈ , ৰিপুন বৰা, লুৰীণজ্যোতি গগৈসহ মিত্ৰজোঁটৰ নেতাসকল৷ মিত্ৰজোঁটত চামিল চৰণ ডেকা নেতৃত্বাধীন পি এল পি আৰু প্ৰাক্তন বিধায়ক আব্দুল আজিজ নেতৃত্বাধীন সমাজবাদী দল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ