--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত আজি মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে শপতগ্ৰহণ কৰিব। এনে সময়তে ৰাজ্য খনৰ উপ-মুখ্যমন্ত্ৰী কোন হ’ব তাকেলৈয়ো চৰ্চা চলিছে।  হিমাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব এগৰাকী সাংবাদিক। এই কথা এতিয়া স্পষ্ট হৈ পৰিছে। কংগ্ৰেছ শেহতীয়াকৈ হিমাচল প্ৰদেশত ক্ষমতালৈ আহিছে। সুখবিন্দৰ সিং সুখু ইতিমধ্যে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে।

শেহতীয়াকৈ মুকেশ অগ্নিহোত্ৰীক উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে।মুকেশ সৰুৰে পৰা ৰাজনৈতিক পৰিৱেশত ডাঙৰ দীঘল হৈছিল। হিমাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী মুকেশৰ জন্ম ১৯৬২ চনত পঞ্জাৱৰ চাংৰুৰত হৈছিল। স্কুলীয়া জীৱন চাংৰুৰত অতিবাহিত হৈছিল। মুকেশৰ গণিতত স্নাতকোত্তৰ ডিগ্ৰী আছে। তাৰ পিছত তেওঁ জনসম্পৰ্কত স্নাতকোত্তৰ ডিপ্লোমা কৰিছিল। সাংবাদিকতাক তেওঁ বৃত্তি হিচাপে বাছনি কৰিছিল। মুকেশে ৰাজনীতিত যোগদান কৰাৰ আগতে ১০ বছৰ সাংবাদিক হিচাপে কাম কৰিছিল।

মুকেশৰ দেউতাক স্বৰ্গীয় অংকাৰচান্দ শৰ্মা এজন জনসম্পৰ্ক বিষয়া আছিল। তেওঁ হিমাচলৰ শীৰ্ষ কংগ্ৰেছ নেতাসকলৰ মাজৰে এজন আছিল। ১৯৯৮ চনত সন্তোখগড়ৰ পৰা বিধানসভা নিৰ্বাচনত তেওঁ  প্ৰাৰ্থী আছিল। কিন্তু সেইবাৰ তেওঁ জিকিব নোৱাৰিলে। মুকেশে তেওঁৰ দেউতাকৰ পথ অনুসৰণ কৰি ৰাজনীতিত ভৰি দিছিল।

মুকেশৰ ৰাজনৈতিক দক্ষতাই  প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙক আকৰ্ষিত কৰিছিল। তেওঁহে মুকেশক সন্তোখগড়ৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ পৰামৰ্শ দিছিল। ২০০৩চনত  ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰিছিল। কংগ্ৰেছেও তেওঁক সন্তোখগড়ৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট দিছিল। মুকেশে সেই আসনৰ পৰা জয়ী হৈছিল, য'ত তেওঁৰ দেউতাক অংকাৰচান্দ  পৰাজিত হৈছিল। মুকেশে নিজৰ  দক্ষতাৰ বাবে তেওঁ বীৰভদ্ৰৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছিল। তেওঁক সংসদীয় সচিবৰ দায়িত্ব দিয়া হৈছিল। মুকেশে ২০০৭ আৰু ২০১২ ৰ নিৰ্বাচনত জয়ী হৈছিল। ২০১২ চনত তেওঁ ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী আছিল।

মুকেশে ২০১৭ চনত পুনৰ জিকিছিল। কংগ্ৰেছে  তেওঁক বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে নিযুক্ত কৰিছিল। মুকেশে বিৰোধী দলৰ নেতা হিচাপে তেওঁৰ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। মুখ্যমন্ত্ৰী পদৰ দৌৰৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ পিছত বীৰভদ্ৰৰ পত্নীয়ে মুকেশক এই পদৰ বাবে সমৰ্থন জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক