--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত আজি মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে শপতগ্ৰহণ কৰিব। এনে সময়তে ৰাজ্য খনৰ উপ-মুখ্যমন্ত্ৰী কোন হ’ব তাকেলৈয়ো চৰ্চা চলিছে।  হিমাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব এগৰাকী সাংবাদিক। এই কথা এতিয়া স্পষ্ট হৈ পৰিছে। কংগ্ৰেছ শেহতীয়াকৈ হিমাচল প্ৰদেশত ক্ষমতালৈ আহিছে। সুখবিন্দৰ সিং সুখু ইতিমধ্যে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে।

শেহতীয়াকৈ মুকেশ অগ্নিহোত্ৰীক উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে।মুকেশ সৰুৰে পৰা ৰাজনৈতিক পৰিৱেশত ডাঙৰ দীঘল হৈছিল। হিমাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী মুকেশৰ জন্ম ১৯৬২ চনত পঞ্জাৱৰ চাংৰুৰত হৈছিল। স্কুলীয়া জীৱন চাংৰুৰত অতিবাহিত হৈছিল। মুকেশৰ গণিতত স্নাতকোত্তৰ ডিগ্ৰী আছে। তাৰ পিছত তেওঁ জনসম্পৰ্কত স্নাতকোত্তৰ ডিপ্লোমা কৰিছিল। সাংবাদিকতাক তেওঁ বৃত্তি হিচাপে বাছনি কৰিছিল। মুকেশে ৰাজনীতিত যোগদান কৰাৰ আগতে ১০ বছৰ সাংবাদিক হিচাপে কাম কৰিছিল।

মুকেশৰ দেউতাক স্বৰ্গীয় অংকাৰচান্দ শৰ্মা এজন জনসম্পৰ্ক বিষয়া আছিল। তেওঁ হিমাচলৰ শীৰ্ষ কংগ্ৰেছ নেতাসকলৰ মাজৰে এজন আছিল। ১৯৯৮ চনত সন্তোখগড়ৰ পৰা বিধানসভা নিৰ্বাচনত তেওঁ  প্ৰাৰ্থী আছিল। কিন্তু সেইবাৰ তেওঁ জিকিব নোৱাৰিলে। মুকেশে তেওঁৰ দেউতাকৰ পথ অনুসৰণ কৰি ৰাজনীতিত ভৰি দিছিল।

মুকেশৰ ৰাজনৈতিক দক্ষতাই  প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙক আকৰ্ষিত কৰিছিল। তেওঁহে মুকেশক সন্তোখগড়ৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ পৰামৰ্শ দিছিল। ২০০৩চনত  ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰিছিল। কংগ্ৰেছেও তেওঁক সন্তোখগড়ৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ টিকট দিছিল। মুকেশে সেই আসনৰ পৰা জয়ী হৈছিল, য'ত তেওঁৰ দেউতাক অংকাৰচান্দ  পৰাজিত হৈছিল। মুকেশে নিজৰ  দক্ষতাৰ বাবে তেওঁ বীৰভদ্ৰৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছিল। তেওঁক সংসদীয় সচিবৰ দায়িত্ব দিয়া হৈছিল। মুকেশে ২০০৭ আৰু ২০১২ ৰ নিৰ্বাচনত জয়ী হৈছিল। ২০১২ চনত তেওঁ ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী আছিল।

মুকেশে ২০১৭ চনত পুনৰ জিকিছিল। কংগ্ৰেছে  তেওঁক বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে নিযুক্ত কৰিছিল। মুকেশে বিৰোধী দলৰ নেতা হিচাপে তেওঁৰ দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। মুখ্যমন্ত্ৰী পদৰ দৌৰৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ পিছত বীৰভদ্ৰৰ পত্নীয়ে মুকেশক এই পদৰ বাবে সমৰ্থন জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু