--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। দুৰ্বৃত্তই চলন্ত গাড়ীৰ ভিতৰৰ পৰা মাকৰ কোলাৰ পৰা কাঢ়ি আনি  গাখীৰ খোৱা  কেঁচুৱা এটিক বাহিৰলৈ  দলিয়াই দিয়ে আৰু মাতৃগৰাকীক যৌন নিৰ্যাতন চলায়।  যৌন নিৰ্যাতন চলোৱাৰ পিছত মাতৃগৰাকীক এক  নিৰ্জন এলেকাত পেলাই থৈ যায়। মহিলাগৰাকী বাচি থাকিলেও তেওঁৰ কণমানি নৱজাতকটিৰ ইতিমধ্যে মৃত্যু ঘটিছে।  সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শনিবাৰে নিশা বিজেপি শাসিত মহাৰাষ্ট্ৰত সংঘটিত হৈছে  এই শোকাৱহ ঘটনাটো ।  

 শনিবাৰে  মুম্বাই-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় । আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকীয়ে তেওঁৰ নৱজাতক কন্যাৰ সৈতে পেলহাৰৰ পৰা পুচুৰলৈ উভতি আহি আছিল। তেওঁ ৰাস্তাত এখন যাত্ৰীবাহী গাড়ীত উঠিছল। অভিযোগ কৰা হৈছে যে কিছু দূৰলৈ যোৱাৰ পিছত সহযাত্ৰীসকলে মহিলাগৰাকীক হাৰাশাস্তি কৰা আৰম্ভ কৰিছিল। তেওঁক অশালীন ব্যৱহাৰ কৰা হৈছিল।

মহিলাগৰাকীৰ নৱজাতক কন্যাক  এক নিৰ্জন ঠাইত চলন্ত গাড়ীৰ খিৰিকীৰে বিহিৰলৈ  পৰা দলিয়াই দিয়া হৈছিল। ঘটনাস্থলীতে ১০  মহীয়া  কেঁচুৱাটোৰ মৃত্যু হয়। পিছত,মহিলাগৰাকীকো গাড়ীৰ পৰা দলিয়াই  দিয়া হৈছিল। তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়  যদিও এতিয়াও জীয়াই আছে। মহিলাগৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইফালে, আৰক্ষীয়ে মাণ্ডৱী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি   তদন্ত আৰম্ভ কৰিছে। অভিযুক্তসকলৰ নাম আৰু পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।  গাড়ীখনৰ নম্বৰ আৰু ভুক্তভোগীৰ বিবৃতিৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে অনুসন্ধান কৰি আছে। ঘটনাটোৱে আকৌ এবাৰ বিজেপি শাসিত ৰাজ্যখনত মহিলাৰ সুৰক্ষা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু