--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। দুৰ্বৃত্তই চলন্ত গাড়ীৰ ভিতৰৰ পৰা মাকৰ কোলাৰ পৰা কাঢ়ি আনি  গাখীৰ খোৱা  কেঁচুৱা এটিক বাহিৰলৈ  দলিয়াই দিয়ে আৰু মাতৃগৰাকীক যৌন নিৰ্যাতন চলায়।  যৌন নিৰ্যাতন চলোৱাৰ পিছত মাতৃগৰাকীক এক  নিৰ্জন এলেকাত পেলাই থৈ যায়। মহিলাগৰাকী বাচি থাকিলেও তেওঁৰ কণমানি নৱজাতকটিৰ ইতিমধ্যে মৃত্যু ঘটিছে।  সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শনিবাৰে নিশা বিজেপি শাসিত মহাৰাষ্ট্ৰত সংঘটিত হৈছে  এই শোকাৱহ ঘটনাটো ।  

 শনিবাৰে  মুম্বাই-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় । আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকীয়ে তেওঁৰ নৱজাতক কন্যাৰ সৈতে পেলহাৰৰ পৰা পুচুৰলৈ উভতি আহি আছিল। তেওঁ ৰাস্তাত এখন যাত্ৰীবাহী গাড়ীত উঠিছল। অভিযোগ কৰা হৈছে যে কিছু দূৰলৈ যোৱাৰ পিছত সহযাত্ৰীসকলে মহিলাগৰাকীক হাৰাশাস্তি কৰা আৰম্ভ কৰিছিল। তেওঁক অশালীন ব্যৱহাৰ কৰা হৈছিল।

মহিলাগৰাকীৰ নৱজাতক কন্যাক  এক নিৰ্জন ঠাইত চলন্ত গাড়ীৰ খিৰিকীৰে বিহিৰলৈ  পৰা দলিয়াই দিয়া হৈছিল। ঘটনাস্থলীতে ১০  মহীয়া  কেঁচুৱাটোৰ মৃত্যু হয়। পিছত,মহিলাগৰাকীকো গাড়ীৰ পৰা দলিয়াই  দিয়া হৈছিল। তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়  যদিও এতিয়াও জীয়াই আছে। মহিলাগৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইফালে, আৰক্ষীয়ে মাণ্ডৱী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি   তদন্ত আৰম্ভ কৰিছে। অভিযুক্তসকলৰ নাম আৰু পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।  গাড়ীখনৰ নম্বৰ আৰু ভুক্তভোগীৰ বিবৃতিৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে অনুসন্ধান কৰি আছে। ঘটনাটোৱে আকৌ এবাৰ বিজেপি শাসিত ৰাজ্যখনত মহিলাৰ সুৰক্ষা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক