--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ এখন আদালতে প্ৰাক্তন সাংসদ আৰু অভিনেত্ৰী জয়া প্ৰদাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে, তেওঁক পলাতক বুলিও ঘোষণা কৰা হৈছে। নিৰ্বাচনী আচৰণ  বিধি উলংঘনৰ অভিযোগত জয়া বচ্চনৰ বিৰুদ্ধে ৰুজু কৰা দুটা গোচৰ  সন্দৰ্ভত ৰামপুৰ আদালতে এই নিৰ্দেশ প্ৰদান কৰিছে । আদালতে তেওঁক গ্ৰেপ্তাৰ কৰি ৬ মাৰ্চৰ ভিতৰত আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিছে।

জানিব পৰা মতে  জয়া প্ৰদাৰ বিৰুদ্ধে ২০১৯ ৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উঠিছিল।  এই দুটা গোচৰত  বিশেষ সাংসদ-বিধায়ক আদালতে তেওঁক বাৰে বাৰে মাতি পঠিয়াইছিল, কিন্তু তেওঁ এবাৰো আদালতত হাজিৰ হোৱা নাছিল। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে সাতবাৰ জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰা হৈছিল, কিন্তু তেওঁক আদালতত হাজিৰ কৰিব পৰা হোৱা নাছিল। এনে পৰিস্থিতিত আৰক্ষীয়ে আদালতক জনাইছিল  যে জয়াই গ্ৰেপ্তাৰ হ’ব বুলি ভাবিয়েই আদালতৰ পৰা  আঁতৰি আছে। তেওঁৰ সকলো ম'বাইল নম্বৰ 'চুইচ অফ'  পোৱা বুলিও আৰক্ষীয়ে কয়। 

ইয়াৰ পিছতে  ন্যায়াধীশ শোভিত বানচালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু জয়াক 'পলাতক' বুলি ঘোষণা কৰে। তেওঁ ৰামপুৰৰ আৰক্ষী অধীক্ষকক এটা দল গঠনৰো নিৰ্দেশ দিয়ে। জয়াক গ্ৰেপ্তাৰ কৰা আৰু পৰৱৰ্তী শুনানিৰ তাৰিখ ৬ মাৰ্চত আদালতত হাজিৰ কৰাটো দলটোৰ দায়িত্ব হ’ব।

জয়াই ২০১৯ ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু তেওঁ সমাজবাদী পাৰ্টিৰ আজম খানৰ হাতত পৰাজিত হৈছিল। তেওঁ ইয়াৰ পূৰ্বে  ২০০৪ আৰু ২০০৯ চনত সমাজবাদী পাৰ্টিৰ টিকটত জয়ী হৈছিল। পিছত তেওঁক অখিলেশ যাদৱৰ দলে বহিষ্কাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
১৩ জুলাইত সংঘটিত হ’ব গ্ৰহণ যোগ! এই ৩টা ৰাশিৰ হ'ব ক্ষতি
ভাৰতৰ বজাৰত প্ৰৱেশ বহু প্রত্যাশিত এ আই+ স্মার্টফ'ন
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান