--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশত বান আৰু  ভূমিস্খলনৰ সৃষ্টি হৈছে।  ৰাজ্য খনৰ  বহু ঠাইত বানে বাট-পথ খহাই নিছে। এতিয়ালৈকে বানত  ছজন লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে। ৰাজ্যখনৰ দুৰ্যোগ সঁহাৰি বাহিনীৰ মুখ্য সচিব ওঙ্কাৰ চান্দ শৰ্মাই কয় যে  বৰষুণৰ ফলত প্ৰায় ৩০৩ টা জন্তুৰ মৃত্যু হৈছে। এতিয়ালৈকে বানৰ ফলত ৰাজ্য খনত ৩ কোটি টকাৰ লোকচান হৈছে। ১২৪ টা পথ ক্ষতিগ্ৰস্ত হৈছে।

হিমাচল প্ৰদেশৰ বহু ঠাইত ভূমিস্খলন হৈছে। ফলস্বৰূপে দেওবাৰে সন্ধিয়াৰে পৰা মাণ্ডি আৰু কুল্লু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে। শ শ পৰ্যটক পথৰ ওপৰতে আবদ্ধ হৈ পৰিছে।  পথত  কমেও ১৫ কিলোমিটাৰজোৰা  যানজোঁটৰ সৃষ্টি হৈছে। প্ৰায় ২০০ জন লোক আৱদ্ধ হৈ পৰিছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। তেওঁলোকৰ বেছিভাগেই পৰ্যটক। ৰাজ্য খনৰ  কোনো হোটেলত কোনো খালী কোঠা নাই। ফলস্বৰূপে পৰ্যটকসকলৰ কষ্টৰ সীমা নোহোৱা হৈ পৰিছে। 

এজন পৰ্যটক ছোহেল ইউছুফে  কয়, "মাণ্ডি আৰু সুন্দৰনগৰৰ মাজত কেইবাটাও স্থানত  ভূমিস্খলন হৈছে। আৰক্ষীয়ে নিশা ১০ বজাত আমাৰ গাড়ীখন ৰখাইছিল। ঘূৰি যোৱাৰ পৰামৰ্শ দিছিল। ৰাস্তাত  প্ৰায় ১৫ কিলোমিটাৰ দৈৰ্ঘৰ  যানজোঁটৰ সৃষ্টি হৈছে। এই ঘটনাত  বহু  পৰ্যটক ক্ষতিগ্ৰস্ত হৈছে। কোনেও হোটেল পোৱা নাই। বহুতে  বাছত বহিয়েই ৰাতিটো কটাইছে ’’। পৰ্যটকজনে লগতে কৈছিল যে দেওবাৰে সন্ধিয়া ৫ বজাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ আছে। পথটো এতিয়াও মেৰামতি কৰা হোৱা নাই।

আন এগৰাকী  পৰ্যটক আদেশ কাতিয়ান কুল্লুলৈ যাওঁতে আৱদ্ধ হৈ পৰিছে। তেওঁ কয় "এতিয়া মই কুল্লুলৈ উভতি আহিছোঁ। পথ  খহি যোৱাৰ ফলত অঞ্চলটোত কমেও ৫০০ খন বাহন আৱদ্ধ হৈ পৰিছে।’’ স্থানীয় বতৰ বিজ্ঞান বিভাগৰ মতে অহা দুদিনৰ ভিতৰত হিমাচলত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যোৱা কেইদিনমানত নেৰানেপেৰা বৰষুণৰ ফলত হিমাচল প্ৰদেশৰ বিভিন্ন ঠাইত ভূমিস্খলন আৰু বান হৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ