--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশত বান আৰু  ভূমিস্খলনৰ সৃষ্টি হৈছে।  ৰাজ্য খনৰ  বহু ঠাইত বানে বাট-পথ খহাই নিছে। এতিয়ালৈকে বানত  ছজন লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে। ৰাজ্যখনৰ দুৰ্যোগ সঁহাৰি বাহিনীৰ মুখ্য সচিব ওঙ্কাৰ চান্দ শৰ্মাই কয় যে  বৰষুণৰ ফলত প্ৰায় ৩০৩ টা জন্তুৰ মৃত্যু হৈছে। এতিয়ালৈকে বানৰ ফলত ৰাজ্য খনত ৩ কোটি টকাৰ লোকচান হৈছে। ১২৪ টা পথ ক্ষতিগ্ৰস্ত হৈছে।

হিমাচল প্ৰদেশৰ বহু ঠাইত ভূমিস্খলন হৈছে। ফলস্বৰূপে দেওবাৰে সন্ধিয়াৰে পৰা মাণ্ডি আৰু কুল্লু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে। শ শ পৰ্যটক পথৰ ওপৰতে আবদ্ধ হৈ পৰিছে।  পথত  কমেও ১৫ কিলোমিটাৰজোৰা  যানজোঁটৰ সৃষ্টি হৈছে। প্ৰায় ২০০ জন লোক আৱদ্ধ হৈ পৰিছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। তেওঁলোকৰ বেছিভাগেই পৰ্যটক। ৰাজ্য খনৰ  কোনো হোটেলত কোনো খালী কোঠা নাই। ফলস্বৰূপে পৰ্যটকসকলৰ কষ্টৰ সীমা নোহোৱা হৈ পৰিছে। 

এজন পৰ্যটক ছোহেল ইউছুফে  কয়, "মাণ্ডি আৰু সুন্দৰনগৰৰ মাজত কেইবাটাও স্থানত  ভূমিস্খলন হৈছে। আৰক্ষীয়ে নিশা ১০ বজাত আমাৰ গাড়ীখন ৰখাইছিল। ঘূৰি যোৱাৰ পৰামৰ্শ দিছিল। ৰাস্তাত  প্ৰায় ১৫ কিলোমিটাৰ দৈৰ্ঘৰ  যানজোঁটৰ সৃষ্টি হৈছে। এই ঘটনাত  বহু  পৰ্যটক ক্ষতিগ্ৰস্ত হৈছে। কোনেও হোটেল পোৱা নাই। বহুতে  বাছত বহিয়েই ৰাতিটো কটাইছে ’’। পৰ্যটকজনে লগতে কৈছিল যে দেওবাৰে সন্ধিয়া ৫ বজাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ আছে। পথটো এতিয়াও মেৰামতি কৰা হোৱা নাই।

আন এগৰাকী  পৰ্যটক আদেশ কাতিয়ান কুল্লুলৈ যাওঁতে আৱদ্ধ হৈ পৰিছে। তেওঁ কয় "এতিয়া মই কুল্লুলৈ উভতি আহিছোঁ। পথ  খহি যোৱাৰ ফলত অঞ্চলটোত কমেও ৫০০ খন বাহন আৱদ্ধ হৈ পৰিছে।’’ স্থানীয় বতৰ বিজ্ঞান বিভাগৰ মতে অহা দুদিনৰ ভিতৰত হিমাচলত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যোৱা কেইদিনমানত নেৰানেপেৰা বৰষুণৰ ফলত হিমাচল প্ৰদেশৰ বিভিন্ন ঠাইত ভূমিস্খলন আৰু বান হৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ