--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধান পৰিষদৰ কংগ্ৰেছৰ সদস্য বি কে হৰিপ্ৰসাদৰ ভাষণক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে ৰাজনৈতিক বিতৰ্কৰ। বুধবাৰে এআইচিচিৰ প্ৰাক্তন মুখপাত্ৰ হৰিপ্ৰসাদে কয় যে পাকিস্তান আমাৰ বাবে নহয়, বিজেপিৰ বাবে শত্ৰু দেশ হ’ব পাৰে।

হৰিপ্ৰসাদৰ মন্তব্যৰ পাছতে বিধান পৰিষদৰ বিজেপি সদস্যসকল প্ৰতিবাদমুখৰ হৈ পৰে।প্ৰতিবাদৰ পাছতে কংগ্ৰেছ নেতাজনে উপ-প্ৰধানমন্ত্ৰী এল কে আদৱানীৰ পাকিস্তান ভ্ৰমণৰ বিষয়টো উত্থাপন কৰে। হৰিপ্ৰসাদে কয় যে, আদৱানীজীয়ে পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাৰ সমাধিস্থল পৰিদৰ্শন কৰে৷ তেতিয়া পাকিস্তান শত্ৰু দেশ নাছিল নেকি?

মঙলবাৰে ৰাজ্যসভাৰ নিৰ্বাচনত কৰ্ণাটকত তিনিগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ বিজয়ৰ পাছতে পাকিস্তানৰ সমৰ্থনত শ্লোগান উত্থাপন হোৱাৰ অভিযোগ বিজেপিয়ে উত্থাপন কৰে। সেই প্ৰসংগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হৰিপ্ৰসাদে পাকিস্তান সন্দৰ্ভত এই মন্তব্য প্ৰদান কৰে। কৰ্ণাটকত ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী বিজেপি-জেডিএছ মিত্ৰজোঁটক পৰাস্ত কৰি শাসকীয় কংগ্ৰেছে তিনিখন আসনতে  জয়লাভ কৰে। 

 সংসদীয় গণিত অনুসৰি কৰ্ণাটকত চাৰিখন আসনৰ ভিতৰত কংগ্ৰেছে তিনিখন আৰু মূল বিৰোধী দল বিজেপিয়ে এখন আসন লাভ কৰাৰ আশা কৰা হৈছিল। কিন্তু আন এটা বিৰোধী দলে জেডি(এছ)ৰ সৈতে মিলি দুখন আসনতহে যুজঁ দিয়ে কমলৰ শিবিৰে। তদুপৰি বিজেপিৰ প্ৰভাৱশালী বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী এছ টি সোমশেখৰ গৌড়াই কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু