--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধান পৰিষদৰ কংগ্ৰেছৰ সদস্য বি কে হৰিপ্ৰসাদৰ ভাষণক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে ৰাজনৈতিক বিতৰ্কৰ। বুধবাৰে এআইচিচিৰ প্ৰাক্তন মুখপাত্ৰ হৰিপ্ৰসাদে কয় যে পাকিস্তান আমাৰ বাবে নহয়, বিজেপিৰ বাবে শত্ৰু দেশ হ’ব পাৰে।

হৰিপ্ৰসাদৰ মন্তব্যৰ পাছতে বিধান পৰিষদৰ বিজেপি সদস্যসকল প্ৰতিবাদমুখৰ হৈ পৰে।প্ৰতিবাদৰ পাছতে কংগ্ৰেছ নেতাজনে উপ-প্ৰধানমন্ত্ৰী এল কে আদৱানীৰ পাকিস্তান ভ্ৰমণৰ বিষয়টো উত্থাপন কৰে। হৰিপ্ৰসাদে কয় যে, আদৱানীজীয়ে পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাৰ সমাধিস্থল পৰিদৰ্শন কৰে৷ তেতিয়া পাকিস্তান শত্ৰু দেশ নাছিল নেকি?

মঙলবাৰে ৰাজ্যসভাৰ নিৰ্বাচনত কৰ্ণাটকত তিনিগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ বিজয়ৰ পাছতে পাকিস্তানৰ সমৰ্থনত শ্লোগান উত্থাপন হোৱাৰ অভিযোগ বিজেপিয়ে উত্থাপন কৰে। সেই প্ৰসংগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হৰিপ্ৰসাদে পাকিস্তান সন্দৰ্ভত এই মন্তব্য প্ৰদান কৰে। কৰ্ণাটকত ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী বিজেপি-জেডিএছ মিত্ৰজোঁটক পৰাস্ত কৰি শাসকীয় কংগ্ৰেছে তিনিখন আসনতে  জয়লাভ কৰে। 

 সংসদীয় গণিত অনুসৰি কৰ্ণাটকত চাৰিখন আসনৰ ভিতৰত কংগ্ৰেছে তিনিখন আৰু মূল বিৰোধী দল বিজেপিয়ে এখন আসন লাভ কৰাৰ আশা কৰা হৈছিল। কিন্তু আন এটা বিৰোধী দলে জেডি(এছ)ৰ সৈতে মিলি দুখন আসনতহে যুজঁ দিয়ে কমলৰ শিবিৰে। তদুপৰি বিজেপিৰ প্ৰভাৱশালী বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী এছ টি সোমশেখৰ গৌড়াই কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক