--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আমাৰ তেজত হিম’গ্লবিনৰ অভাৱ হয়, তেন্তে শৰীৰত দুৰ্বলতা আহিবলৈ আৰম্ভ কৰে আৰু দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰাটো কঠিন হৈ পৰে। হিম’গ্লবিন হৈছে ৰক্তকণিকাত থকা আইৰণ ভিত্তিক প্ৰ’টিন। যিয়ে শৰীৰৰ সকলো অংগলৈ অক্সিজেন প্ৰেৰণৰ কাম কৰে। ইয়াৰ বাবে কিছুমান আইৰণ সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগিব, তেতিয়াহে হিম’গ্লবিনৰ অভাৱ দূৰ কৰা সম্ভৱ হ’ব। এনে পৰিস্থিতিত কোনবোৰ শুকান ফল আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে জানো আহক।

হিম’গ্লবিন বৃদ্ধি কৰা শুকান ফল

১) আখৰোটঃ আখৰোট এনেকুৱা এটা শুকান ফল য’ত পুষ্টিকৰ উপাদান থাকে। এমুঠি আখৰোটৰ শৰীৰত প্ৰায় ০.৮২ মিলিগ্ৰাম আইৰণ পোৱা যায়।হিম’গ্লবিনৰ অভাৱ হ’লে দৈনিক আখৰোট সেৱন কৰিব লাগে।

২) পিষ্টাঃ পিষ্টাৰ সোৱাদে বহু লোকক ইয়াৰ প্ৰতি আকৰ্ষণ কৰে। ১.১১ মিলিগ্ৰাম আইৰণ এমুঠি পিষ্টাত পোৱা যায়। ইয়াক সেৱন কৰিলে শৰীৰত আইৰণ বৃদ্ধি পাব, যাৰ ফলত হিম’গ্লবিনৰ অভাৱ দূৰ হ’ব।

৩) কাজুঃ বহু মিঠাই আৰু ৰেচিপি সজাবলৈ কাজু ব্যৱহাৰ কৰা হয়, কিন্তু আপুনি হয়তো নাজানে যে এমুঠি কাজুত প্ৰায় ১.৮৯ মিলিগ্ৰাম আইৰণ থাকে। ইয়াৰ দ্বাৰা আইৰণ আৰু হিম’গ্লবিনৰ অভাৱ হয়।

৪) আলমণ্ডঃ প্ৰায়ে কোৱা হয় যে মগজু চোকা কৰিবলৈ আমি দৈনিক আলমণ্ড খাব লাগে। যদি হিম’গ্লবিনৰ অভাৱত আপোনাৰ শৰীৰ দুৰ্বল হৈ পৰিছে, তেন্তে প্ৰতিদিনে পুৱা তিয়াই থোৱা আলমণ্ড আপোনাৰ বাবে এক বৃহৎ লাভ বুলি প্ৰমাণিত হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা