--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ মহা প্ৰতাপী ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ জীৱন শৈলী অতি বিচিত্ৰ। চিৰ দিনৰ বাবে যৌৱন ধৰি ৰখাৰ চেষ্টা চলোৱা পুটিনে ৰূপচৰ্চাৰ নামত কোটি কোটি টকা খৰচ কৰি আহিছে। তথ্য অনুসৰি ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যৌৱন ধৰি ৰখাৰ লগতে কেতবোৰ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ  এণ্টলা নামৰ হৰিণাৰ তেজেৰে  স্নান কৰে। হৰিণাৰ তেজেৰে  স্নান কৰিলে থাইৰয়েডৰ  কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা দূৰ হয় বুলি বহুতে বিশ্বাস কৰে। 

সেয়ে পুটিনে হৰিণাৰ তেজেৰে গা  ধুৱে বুলি বিভিন্ন মহলত চৰ্চা হৈ আহিছে।   পুটিনক ৰাছিয়াৰ  প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই শোইগুৱে হৰিণাৰ তেজেৰে স্নান কৰাৰ পৰামৰ্শ দিছিল বুলি বহুতে দাবী কৰি আহিছে।  বিগত বৰ্ষত  চিডনীৰ এগৰাকী চিকিৎসকে ইনষ্টাগ্ৰামত পুটিনৰ বেলেগ বেলেগ  বয়সৰ দুখন ছবি পোষ্ট কৰিছিল। চিকিৎসকগৰাকীয়ে ছবি পোষ্ট কৰি  দাবী কৰিছিল যে  পুটিনে তেওঁৰ যৌৱন ধৰি ৰাখিবলৈ  মুখত ব্যয়বহুল বোটক্স কৰে। 

পুটিনে নিজৰ দেহত বয়সৰ ছাপ কেতিয়াও পৰিবলৈ দিব নিবিচাৰে।অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, কানাডা, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ এই পাঁচখন দেশ  ‘ফাইভ আইজ’ নামৰ এটা সন্মিলিত  গুপ্তচৰৰ সংস্থা  আছে। সংস্থাটোৰ মতে পুটিনৰ শেহতীয়া ফুটেজবোৰত তেখেতৰ শৰীৰত বৃদ্ধাৱস্থা স্পষ্টকৈ প্ৰতিফলিত হৈছিল।  পুটিনে বয়স ঢাকি ৰাখিবলৈয়েই ব্যয়বহুল বোটক্স কৰে।

বোটক্স হৈছে এবিধ বিশেষ ভাবে প্ৰস্তুত কৰা দৰৱ, যি দৰৱ প্ৰয়োগ কৰাৰ ফলত শৰীৰৰ স্নায়ুসমূহে পেশীলৈ সংকেত প্ৰেৰণ কৰাত অসুবিধা পায়।  ফলত স্নায়ুৰ পৰা সংকেত নোপোৱাৰবাবে শৰীৰৰ পেশীবোৰ সংকুচিত হ’ব নোৱাৰে। বোটক্স  কৰিলে সেয়ে শৰীৰত বয়সৰ ছাপ নপৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস