--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ মহা প্ৰতাপী ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ জীৱন শৈলী অতি বিচিত্ৰ। চিৰ দিনৰ বাবে যৌৱন ধৰি ৰখাৰ চেষ্টা চলোৱা পুটিনে ৰূপচৰ্চাৰ নামত কোটি কোটি টকা খৰচ কৰি আহিছে। তথ্য অনুসৰি ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যৌৱন ধৰি ৰখাৰ লগতে কেতবোৰ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ  এণ্টলা নামৰ হৰিণাৰ তেজেৰে  স্নান কৰে। হৰিণাৰ তেজেৰে  স্নান কৰিলে থাইৰয়েডৰ  কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা দূৰ হয় বুলি বহুতে বিশ্বাস কৰে। 

সেয়ে পুটিনে হৰিণাৰ তেজেৰে গা  ধুৱে বুলি বিভিন্ন মহলত চৰ্চা হৈ আহিছে।   পুটিনক ৰাছিয়াৰ  প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই শোইগুৱে হৰিণাৰ তেজেৰে স্নান কৰাৰ পৰামৰ্শ দিছিল বুলি বহুতে দাবী কৰি আহিছে।  বিগত বৰ্ষত  চিডনীৰ এগৰাকী চিকিৎসকে ইনষ্টাগ্ৰামত পুটিনৰ বেলেগ বেলেগ  বয়সৰ দুখন ছবি পোষ্ট কৰিছিল। চিকিৎসকগৰাকীয়ে ছবি পোষ্ট কৰি  দাবী কৰিছিল যে  পুটিনে তেওঁৰ যৌৱন ধৰি ৰাখিবলৈ  মুখত ব্যয়বহুল বোটক্স কৰে। 

পুটিনে নিজৰ দেহত বয়সৰ ছাপ কেতিয়াও পৰিবলৈ দিব নিবিচাৰে।অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, কানাডা, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ এই পাঁচখন দেশ  ‘ফাইভ আইজ’ নামৰ এটা সন্মিলিত  গুপ্তচৰৰ সংস্থা  আছে। সংস্থাটোৰ মতে পুটিনৰ শেহতীয়া ফুটেজবোৰত তেখেতৰ শৰীৰত বৃদ্ধাৱস্থা স্পষ্টকৈ প্ৰতিফলিত হৈছিল।  পুটিনে বয়স ঢাকি ৰাখিবলৈয়েই ব্যয়বহুল বোটক্স কৰে।

বোটক্স হৈছে এবিধ বিশেষ ভাবে প্ৰস্তুত কৰা দৰৱ, যি দৰৱ প্ৰয়োগ কৰাৰ ফলত শৰীৰৰ স্নায়ুসমূহে পেশীলৈ সংকেত প্ৰেৰণ কৰাত অসুবিধা পায়।  ফলত স্নায়ুৰ পৰা সংকেত নোপোৱাৰবাবে শৰীৰৰ পেশীবোৰ সংকুচিত হ’ব নোৱাৰে। বোটক্স  কৰিলে সেয়ে শৰীৰত বয়সৰ ছাপ নপৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন