--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ পৰা পোনে পোনে ইজিপ্তলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীক দেওবাৰে ইজিপ্তৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান 'অৰ্ডাৰ অফ দ্য নাইল' বঁটা প্ৰদান কৰা হয়। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ অল-চিচিয়ে মোদীৰ সৈতে  দ্বিপাক্ষিক বৈঠকৰ পূৰ্বে প্ৰধানমন্ত্ৰীক  এই সন্মান প্ৰদান কৰে। দুয়োগৰাকী নেতাই ইয়াৰ পিছতে অনুষ্ঠিত  বৈঠকত কেইবা খনো গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

 উল্লেখ্য ১৯৯৭ চনৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ  এয়া প্ৰথম ইজিপ্ত ভ্ৰমণ। দেওবাৰে  দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে ইজুপ্তৰ   চেণ্ট্ৰী আল-হাকীম মছজিদ পৰিদৰ্শন কৰে। এই মছজিদটোৰ সৈতে  ভাৰতৰ দাউদী বোহৰা সম্প্ৰদায়ৰ সম্পৰ্ক আছে৷ মোদীক মছজিদৰ চাৰিওফালে দেখুওৱা হয়।আল হাকিম হৈছে কায়ৰোৰ চতুৰ্থ পুৰণি মছজিদ আৰু ইজিপ্তৰ ৰাজধানীত নিৰ্মাণ কৰা দ্বিতীয় ফাতিম মছজিদ। মছজিদটোৱ  ১৩,৫৬০ বৰ্গ মিটাৰ এলেকা আৱৰি আছে। ভাৰতত বসতি স্থাপন কৰা বোহৰা সম্প্ৰদায়ৰ উৎপত্তি ফেটিমিডসকলৰ পৰা হৈছিল বুলি কোৱা হয়। 

তেওঁলোকে ১৯৭০ চনৰ পৰা মছজিদটো পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল । পিছত প্ৰধানমন্ত্ৰী মোদীয়ে  হেলিঅ'পলিছ কমনৱেলথ ৱাৰ চিমেট্ৰি ভ্ৰমণ কৰে আৰু প্ৰথম বিশ্বযুদ্ধৰ সময়ত সাহসেৰে ইজিপ্ত আৰু পেলেষ্টাইনত যুঁজ দি প্ৰাণ আহুতি  দিয়া ভাৰতীয় সৈনিকসকলৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ হেলিঅ'পলিছ (পোৰ্ট টেৱফিক) স্মাৰক আৰু হেলিঅ'পলিছ (এডেন) স্মাৰকতো মোদীয়ে  শ্ৰদ্ধাঞ্জলি জ্ঞাপন  কৰে। এই স্মাৰক  প্ৰথম বিশ্বযুদ্ধত ইজিপ্ত আৰু পেলেষ্টাইনত যুঁজ দি মৃত্যুবৰণ কৰা প্ৰায় ৪,০০০ ভাৰতীয় সৈনিকৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস