--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ পৰা পোনে পোনে ইজিপ্তলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীক দেওবাৰে ইজিপ্তৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান 'অৰ্ডাৰ অফ দ্য নাইল' বঁটা প্ৰদান কৰা হয়। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ অল-চিচিয়ে মোদীৰ সৈতে  দ্বিপাক্ষিক বৈঠকৰ পূৰ্বে প্ৰধানমন্ত্ৰীক  এই সন্মান প্ৰদান কৰে। দুয়োগৰাকী নেতাই ইয়াৰ পিছতে অনুষ্ঠিত  বৈঠকত কেইবা খনো গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

 উল্লেখ্য ১৯৯৭ চনৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ  এয়া প্ৰথম ইজিপ্ত ভ্ৰমণ। দেওবাৰে  দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে ইজুপ্তৰ   চেণ্ট্ৰী আল-হাকীম মছজিদ পৰিদৰ্শন কৰে। এই মছজিদটোৰ সৈতে  ভাৰতৰ দাউদী বোহৰা সম্প্ৰদায়ৰ সম্পৰ্ক আছে৷ মোদীক মছজিদৰ চাৰিওফালে দেখুওৱা হয়।আল হাকিম হৈছে কায়ৰোৰ চতুৰ্থ পুৰণি মছজিদ আৰু ইজিপ্তৰ ৰাজধানীত নিৰ্মাণ কৰা দ্বিতীয় ফাতিম মছজিদ। মছজিদটোৱ  ১৩,৫৬০ বৰ্গ মিটাৰ এলেকা আৱৰি আছে। ভাৰতত বসতি স্থাপন কৰা বোহৰা সম্প্ৰদায়ৰ উৎপত্তি ফেটিমিডসকলৰ পৰা হৈছিল বুলি কোৱা হয়। 

তেওঁলোকে ১৯৭০ চনৰ পৰা মছজিদটো পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল । পিছত প্ৰধানমন্ত্ৰী মোদীয়ে  হেলিঅ'পলিছ কমনৱেলথ ৱাৰ চিমেট্ৰি ভ্ৰমণ কৰে আৰু প্ৰথম বিশ্বযুদ্ধৰ সময়ত সাহসেৰে ইজিপ্ত আৰু পেলেষ্টাইনত যুঁজ দি প্ৰাণ আহুতি  দিয়া ভাৰতীয় সৈনিকসকলৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ হেলিঅ'পলিছ (পোৰ্ট টেৱফিক) স্মাৰক আৰু হেলিঅ'পলিছ (এডেন) স্মাৰকতো মোদীয়ে  শ্ৰদ্ধাঞ্জলি জ্ঞাপন  কৰে। এই স্মাৰক  প্ৰথম বিশ্বযুদ্ধত ইজিপ্ত আৰু পেলেষ্টাইনত যুঁজ দি মৃত্যুবৰণ কৰা প্ৰায় ৪,০০০ ভাৰতীয় সৈনিকৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন