--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিণ্ডেনবাৰ্গ প্ৰতিবেদন সম্পৰ্কীয় গোচৰত আদানি গোটে উচ্চতম ন্যায়ালয়ত সকাহ লাভ কৰিছে। উচ্চতম ন্যায়ালয়ে বুধবাৰে হিণ্ডেনবাৰ্গ গোচৰৰ তদন্তৰ বাবে চিবিআই অথবা বিশেষ তদন্তকাৰী গোটক দায়িত্ব অৰ্পন কৰাৰ প্ৰয়োজন নাই বুলি কোৱাৰ লগতে ছেবিয়ে দিয়া ক্লীনশ্বিটকো স্বীকৃতি দিয়ে।   শীৰ্ষ আদালত খনে  বিষয়টো সন্দৰ্ভত  ছেবিৰ আভ্যন্তৰীণ তদন্তৰ ওপৰতে অধিক  নিৰ্ভৰ কৰিছে । আদালতৰ মতে ছেবিয়েই এই সম্পৰ্কীয়  তদন্ত আগুৱাই নিব। উচ্চতম ন্যায়ালয়ে বিষয়টোত শ্বেয়াৰ বজাৰ নিয়ন্ত্ৰক ছেবিৰ আভ্যন্তৰীণ তদন্তৰ বিষয়ত অধিক গুৰুত্ব দিছে।আদালতৰ  ৰায়ৰ পিছত আদানীয়ে  এক্স হেণ্ডেলত তেওঁৰ মন্তব্য  প্ৰকাশ কৰিছে। তিনিটা শব্দত তেওঁ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰকৃত অৰ্থ কি বৰ্ণনা কৰিছে।

আদানীয়ে লিখিছে , "মাননীয় উচ্চতম ন্যায়ালয়ৰ ৰায়ে  দেখুৱাইছে যে সত্যৰ সদায় জয় । আদানীয়ে কেৱল লিখিছে, "সত্যমেৱ জয়তে" ।আদানীয়ে কৈছে  যে তেওঁ উচ্চতম ন্যায়ালয়ৰ ৰায়ত সুখী। তেওঁ তেওঁলোকৰ প্ৰতিও কৃতজ্ঞ যিসকলে এই কঠিন সময়ত তেওঁৰ কাষত থিয় দিছিল। আদানি গ্ৰুপৰ মুৰব্বীগৰাকীয়ে  কয়  যে তেওঁৰ কোম্পানীয়ে অনাগত দিনত দেশৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব।

আদানি গ্ৰুপৰ বিৰুদ্ধে ছেবিৰ নিয়ম উলংঘা কৰি শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰাৰ অভিযোগ উত্থাপিত হৈছিল।  বুধবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে কয়  যে এক অসমৰ্থিত প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিয়ামক তদন্তৰ একোটাৰ বিষয়ত সন্দেহ কৰা উচিত নহয় । প্ৰকাশিত প্ৰতিবেদন এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তথ্য হিচাপে পৰিলক্ষিত হ’ব  পাৰে। কিন্তু এয়া অভিযোগ প্ৰমাণৰ দস্তাবেজ হিচাপে নহয়। উচ্চতম ন্যায়ালয়ে বুধবাৰে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আদানি গোটৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এটা বিশেষ তদন্ত দল (এছআইটি) গঠনৰ আবেদনো নাকচ কৰে।

জানুৱাৰীত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টক বিশ্লেষক প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে ইয়াৰ প্ৰতিবেদনত দাবী কৰিছিল যে আদানি গ্ৰুপে ইয়াৰ তালিকাভুক্ত কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য এক দশকৰো অধিক সময় ধৰি হেৰফেৰ কৰিছে ।  প্ৰতিবেদনৰ ওপৰত আধাৰ  কৰি উচ্চতম ন্যায়ালয়ত দুটা গোচৰ ৰুজু কৰা হৈছিল। তাৰে  এটাত, এছ.আই.টি. গঠন কৰিবলৈ অনুৰোধ কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে বুধবাৰে কয়  যে  আদানি-হিণ্ডেনবাৰ্গ গোচৰত এছআইটি গঠন কৰিব নোৱাৰে। আদালতে এই সন্দৰ্ভত ছেবিৰ তদন্তৰ ওপৰতে নিৰ্ভৰ কৰি আছে। বিচাৰপীঠে  কয় "উচ্চতম  ন্যায়ালয়ে এনে ঠাইত হস্তক্ষেপ  কৰিব নোৱাৰে য'ত এটা নিয়ামক সংস্থাৰ অধীনত তদন্ত চলি আছে। '' আদালতে আদানী সম্পৰ্কীয় বাকীবোৰ গোচৰৰ তদন্ত তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ছেবিক নিৰ্দেশ দিয়ে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক