--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোনাক্ষী সিনহা আৰু জহীৰ ইকবালে একেলগে নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে। আৰম্ভণিৰে পৰাই সোণাক্ষী আৰু জহীৰৰ বিবাহৰ নিয়ম, হিন্দু বা মুছলমানক লৈ জল্পনা-কল্পনা চলিছিল। অৱশ্যে সেই জল্পনা-কল্পনাৰ অন্ত পেলালে সোণাক্ষীৰ ভাবী শহুৰেক ইকবাল ৰতনচিয়ে। তেওঁ কয় যে সোণাক্ষী আৰু জহীৰৰ বিবাহ কোনো ধৰ্মীয় নীতি-নিয়ম মানি চলা নাই। মুছলমান পৰিয়ালত বিবাহপাশত আবদ্ধ হ’লেও সোণাক্ষীয়ে নিজৰ ধৰ্ম সলনি নকৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

‘বিশেষ বিবাহ আইন’ অনুসৰি বিয়া হ’ব সোণাক্ষী-জাহিৰে। ইয়াৰ পূৰ্বে অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু সমাজবাদী পাৰ্টিৰ যুৱ নেতা ফাহাদ আহমেদেও এই আইনৰ অধীনত বিবাহপাশত আবদ্ধ হৈছিল।

ভাৰতবৰ্ষত বিবাহ আইন তিনি প্ৰকাৰৰ। ১) হিন্দু বিবাহ আইন ২) মুছলমান বিবাহ আইন আৰু ৩) বিশেষ বিবাহ আইন। এই বিশেষ বিবাহ আইনখন ১৯৫৪ চনৰ ৯ অক্টোবৰত সংসদত গৃহীত হয়। এই আইনখনে কোনো ধৰ্মীয় ৰীতি-নীতি পালন নকৰাকৈ বিবাহৰ অধিকাৰ প্ৰদান কৰে। এই আইনত ধৰ্মান্তৰকৰণৰ কথা কোৱা হোৱা নাই। ধৰ্মীয় পৰিচয় সলনি নকৰাকৈ এজনে বিয়া পাতিব পাৰে।

জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ভাৰতীয় নাগৰিকে এই আইনৰ অধীনত বিবাহপাশত আবদ্ধ কৰিব পাৰিব। আনকি যিসকলে নিজকে ধৰ্মীয় পৰিচয়ৰ পৰা আঁতৰাই ৰাখিব বিচাৰে তেওঁলোককো এই আইনৰ অধীনত বিবাহৰ অধিকাৰ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ