--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোণাক্ষী সিনহা আৰু জাহিৰ ইকবাল ২৩ জুনত বিবাহপাশত আবদ্ধ হয়। পঞ্জীয়নভুক্ত বিবাহৰ পিছত তেওঁলোকে এক গ্ৰেণ্ড ৰিচেপচন আয়োজন কৰে। য'ত পৰিয়াল, বন্ধু-বান্ধৱী আৰু বহু বলীউডৰ তাৰকাই অংশগ্ৰহণ কৰিছিল। সোনাক্ষী আৰু জাহিৰৰ বিবাহ সন্দৰ্ভত বহু খবৰ ওলাইছিল। এই বিবাহত সিনহা পৰিয়াল সুখী নাছিল। 

সোণাক্ষীৰ যমজ ককায়েক লৱ আৰু কুশৰ সোণাক্ষীৰ ওপৰত খং উঠিছিল। কিন্তু গোটেই পৰিয়ালটো বিয়াত উপস্থিত থাকিল। সোনাক্ষীৰ দুয়োজন ভাতৃ লৱ আৰু কুশ বিয়াত উপস্থিত আছিল যদিও দুয়ো কোনো এটা অনুষ্ঠানতে ভাগ নল’লে। যাৰ বাবে অনুৰাগীসকলে অনুভৱ কৰিছে যে দুয়োজন ভাতৃয়ে এতিয়াও তেওঁৰ ওপৰত খং কৰি আছে।

পঞ্জীয়নভুক্ত বিবাহত সোণাক্ষীয়ে পিন্ধিছিল মাকৰ হাতীদাঁতৰ ৰঙৰ শাৰী। ইয়াৰ লগতে মাকৰ গহনাও পিন্ধিছিল। য'ত তেওঁক বৰ ধুনীয়া দেখা গৈছিল। আইনী বিবাহৰ সময়ত লৱ আৰু কুশ নিৰুদ্দেশ হৈ থাকিল।

কইনা ওলাই অহাৰ সময়ত ফুলৰ বিচনা এখন কইনাৰ মূৰৰ ওপত ডাঙি অনা হয়। সাধাৰণতে এই কাম কইনাৰ ককায়েক-ভায়েকে কৰে। কিন্তু এই সময়ছোৱাত সোণাক্ষীৰ দুয়োজন ভাতৃক দেখা পোৱা নগ’ল। অভিনেতা ছাকিব ছালিমক এই কাম কৰা দেখা গ’ল। সোনাক্ষীৰ বাবে সাকিব ভাইৰ দৰে। এই সময়ছোৱাত সোণাক্ষীকো আৱেগিক হৈ পৰা দেখা গৈছিল।


সোনাক্ষীৰ দুই ভাতৃ লৱ আৰু কুশ তেওঁৰ বিয়াৰ পূৰ্বৰ ৰীতি-নীতিত উপস্থিত নাথাকিলেও বিয়াত উপস্থিত থাকে। বিয়াত উপস্থিত হোৱা দুয়োজন ভাতৃৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু