--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতে মঙলবাৰে কয় যে, যিসকলে 'ভাৰত'ক তেওঁলোকৰ মাতৃ বা মাতৃভূমি বুলি বিশ্বাস কৰে, আৰু বৈচিত্ৰ্যৰ সেই সংস্কৃতিত বাস কৰিব বিচাৰে, তেওঁলোকেই হিন্দু৷ আৰু বৰ্তমান দেশক একতাৰ প্ৰয়োজন আৰু বৈচিত্ৰ্যৰ মাজত একতাৰ প্ৰয়োজন হৈছে ভাৰতৰ মূল আদৰ্শ।

ছত্তীশগড়ৰ সুৰগুজা জিলাৰ অম্বিকাপুৰত স্বয়ংসেৱকসকলৰ এক অনুষ্ঠানত ভাষণ দি ভাগৱতে কয় যে, হিন্দুত্বৰ ধাৰণাটো হৈছে গ্ৰহণযোগ্যতা আৰু সকলোকে একত্ৰিত কৰা।

"আমি ১৯২৫ চনৰ পৰা এইটো কৈ আহিছো... ভাৰতক তেওঁৰ মাতৃ আৰু মাতৃভূমি বুলি বিশ্বাস কৰা এজন ব্যক্তি হিন্দু। এজন ব্যক্তি যি এখন বৈচিত্ৰ্যপূৰ্ণ দেশত বাস কৰিব বিচাৰে আৰু বৈচিত্ৰ্যৰ এই দেশত বাস কৰিবলৈ চেষ্টা কৰে তেওঁ হিন্দু... তেওঁ যিকোনো ধৰ্ম বা আদৰ্শ অনুসৰণ কৰিব পাৰে, যিকোনো ভাষা ক'ব পাৰে বা যিকোনো পোছাক পিন্ধিব পাৰে৷যাৰ  কেৱল এটা আদৰ্শ আছে যিয়ে একতাৰ বৈচিত্ৰ্যত বিশ্বাস কৰে," ভাগৱতে কয়।

একেসময়তে ভাগৱতে কয় যে, আমি সদায় বিশ্বাস কৰিছিলো যে যিসকলে আৰ এছ এছৰ শাখালৈ আহে তেওঁলোক এই মাতৃভূমিৰ। তেওঁলোকৰ  কেতিয়াও জাতি বা শ্ৰেণীক সোধা নাই বুলি স্পষ্টকৈ মত দিয়ে মোহন ভাগৱতে৷ 

হিন্দুত্ব হৈছে সমগ্ৰ বিশ্বৰ একমাত্ৰ ধাৰণা যি বিবিধতাক একত্ৰিত কৰাত বিশ্বাস কৰে কিয়নো ই হাজাৰ হাজাৰ বছৰ ধৰি এই দেশত এনে বিবিধতা একেলগে বহন কৰি আহিছে, আৰ এছ এছ ৰ মুৰব্বীয়ে দৃঢ়তাৰে কয়।

ভাগৱত তিনিদিনীয়া ছত্তীশগড় ভ্ৰমণলৈ আহিছে। সোমবাৰে, তেওঁ বনৱাসী কল্যাণ আশ্ৰমৰ দ্বাৰা আয়োজিত জশপুৰত 'জনজাতিয়া গৌৰৱ দিৱস' উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণত এই ভাষণ প্ৰদান কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক