--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
গাড়ীত ছানৰুফ লগোৱা হয় যাতে গাড়ীখনত অধিক প্ৰাকৃতিক পোহৰ সোমাব পাৰে। ইয়াৰ দ্বাৰা গাড়ীৰ ভিতৰৰ অংশ সোনকালে ঠাণ্ডা কৰিব পৰা যায়

বিলাসী বাহনখনক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবেই এতিয়া বহু  অটোমোবাইল নিৰ্মাতাই  বাহনত ছানৰুফ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। তদুপৰি  ছানৰুফৰ বাবে  গাড়ীখনত অধিক প্ৰাকৃতিক পোহৰ সোমাব পাৰে। লগতে  গাড়ীৰ ভিতৰৰ অংশ ঠাণ্ডা হৈ থাকে

কিন্তু সুৰক্ষাৰ নিয়ম মানি চলিলে চলন্ত বাহনত আৰোহীয়ে ছানৰুফ ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু এতিয়া বহু লোকে চলন্ত যান-বাহনত ব্যৱহাৰ কৰি থকা দেখা যায়। বহুতে প্ৰায়ে চলন্ত বাহনৰ ছানৰুফৰ পৰা মূৰ উলিয়াই দিয়া দেখা যায়। বহুতে নিজৰ সন্তানক ছানৰুফত থৈ দিয়ে। এইটো একেবাৰে ভুল। আৰু এইবাৰ হয়তো এই ভুলৰ বাবে জৰিমনা ভৰিব লাগিব।

শেহতীয়াকৈ মুম্বাইৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ইয়াত জীপ কম্পাছ এছ ইউ ভিৰ ছানৰুফৰ পৰা উকি মাৰি ওলাই অহা এগৰাকী মহিলাক দেখা গৈছে। ভিডিঅ’টোৰ আধাৰত মুম্বাই আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে চালান জাৰি কৰে। সেই বাহনখনৰ চালকৰ বিৰুদ্ধে কোনটো ধাৰাত চালান জাৰি কৰা হৈছে সেয়া স্পষ্ট নহয়। এই ভিডিঅ’টো মুম্বাই ছি লিংকত শ্বুট কৰা বুলি জানিব পৰা গৈছে।

ভিডিঅ’টোত মহিলাগৰাকীয়ে গাড়ীৰ ছানৰুফৰ পৰা মূৰ উলিয়াই গৈ থকা দেখা গৈছে। গাড়ীখন পথত তীব্ৰ বেগেৰে গৈ থকা বুলিও অনুমান কৰা হৈছে। বহুতে প্ৰায়ে চলন্ত গাড়ীত ছানৰুফৰ পৰা মূৰ উলিয়াই দিয়ে। পথত চলাচল কৰা বাহনত এই কাম কৰাটো বিপদজনক! কাৰণ যদি কিবা কাৰণত চালকজনে জৰুৰীকালীন ব্ৰেক লগাই দিবলগীয়া হয় তেন্তে ছানৰুফত থকা ব্যক্তিজনৰ ক্ষতি হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক