--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
গাড়ীত ছানৰুফ লগোৱা হয় যাতে গাড়ীখনত অধিক প্ৰাকৃতিক পোহৰ সোমাব পাৰে। ইয়াৰ দ্বাৰা গাড়ীৰ ভিতৰৰ অংশ সোনকালে ঠাণ্ডা কৰিব পৰা যায়

বিলাসী বাহনখনক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবেই এতিয়া বহু  অটোমোবাইল নিৰ্মাতাই  বাহনত ছানৰুফ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। তদুপৰি  ছানৰুফৰ বাবে  গাড়ীখনত অধিক প্ৰাকৃতিক পোহৰ সোমাব পাৰে। লগতে  গাড়ীৰ ভিতৰৰ অংশ ঠাণ্ডা হৈ থাকে।

কিন্তু সুৰক্ষাৰ নিয়ম মানি চলিলে চলন্ত বাহনত আৰোহীয়ে ছানৰুফ ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু এতিয়া বহু লোকে চলন্ত যান-বাহনত ব্যৱহাৰ কৰি থকা দেখা যায়। বহুতে প্ৰায়ে চলন্ত বাহনৰ ছানৰুফৰ পৰা মূৰ উলিয়াই দিয়া দেখা যায়। বহুতে নিজৰ সন্তানক ছানৰুফত থৈ দিয়ে। এইটো একেবাৰে ভুল। আৰু এইবাৰ হয়তো এই ভুলৰ বাবে জৰিমনা ভৰিব লাগিব।

শেহতীয়াকৈ মুম্বাইৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ইয়াত জীপ কম্পাছ এছ ইউ ভিৰ ছানৰুফৰ পৰা উকি মাৰি ওলাই অহা এগৰাকী মহিলাক দেখা গৈছে। ভিডিঅ’টোৰ আধাৰত মুম্বাই আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে চালান জাৰি কৰে। সেই বাহনখনৰ চালকৰ বিৰুদ্ধে কোনটো ধাৰাত চালান জাৰি কৰা হৈছে সেয়া স্পষ্ট নহয়। এই ভিডিঅ’টো মুম্বাই ছি লিংকত শ্বুট কৰা বুলি জানিব পৰা গৈছে।

ভিডিঅ’টোত মহিলাগৰাকীয়ে গাড়ীৰ ছানৰুফৰ পৰা মূৰ উলিয়াই গৈ থকা দেখা গৈছে। গাড়ীখন পথত তীব্ৰ বেগেৰে গৈ থকা বুলিও অনুমান কৰা হৈছে। বহুতে প্ৰায়ে চলন্ত গাড়ীত ছানৰুফৰ পৰা মূৰ উলিয়াই দিয়ে। পথত চলাচল কৰা বাহনত এই কাম কৰাটো বিপদজনক! কাৰণ যদি কিবা কাৰণত চালকজনে জৰুৰীকালীন ব্ৰেক লগাই দিবলগীয়া হয় তেন্তে ছানৰুফত থকা ব্যক্তিজনৰ ক্ষতি হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু