--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সীমান্তত উত্তেজনা বৃদ্ধি পাই থকাৰ সময়তে ভাৰতীয় সেনাই লাডাখ খণ্ডত চীনৰ সৈতে থকা  দেশৰ সীমান্তত  উন্নত সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক বিশেষ ধৰণৰ বংকাৰ সজাৰ পৰিকল্পনা কৰিছে। মডুলাৰ, ত্ৰিমাত্ৰিক মুদ্ৰিত, পৰৱৰ্তী প্ৰজন্মৰ এই বাংকাৰসমূহ  প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) সীপতে নিৰ্মাণ কৰা হ’ব আৰু ইয়াত গোলাবাৰুদ সংৰক্ষণৰ বাবে ভূগৰ্ভস্থ সুবিধা থাকিব।

এনে বংকাৰ অতি  সংবেদনশীল আৰু অনে বাংকাৰৰ সহায়ত গোলাবাৰুদসমূহ সহজে ধ্বংস নোহোৱাকৈ ৰাখিব পৰা যাব।সেনাই লগতে সীমান্তত নতুন পথ, দলং আৰু সুৰংগও নিৰ্মাণ কৰিব।সেনাই এনে থ্ৰি ডি  বাংকাৰসমূহ  অহা বছৰৰ পৰা নিৰ্মাণ কৰিব।এনে বাংকাৰে যিকোনো আক্ৰমণ সহজে সহ্য কৰিব পৰা ধৰণৰ হ’ব।উল্লেখ্য কেইবছৰমানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই বাংকাৰ সৃষ্টি কৰিবলৈ ত্ৰিমাত্ৰিক প্ৰিণ্টাৰ ব্যৱহাৰ কৰি আহিছে।ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই কয় " এই প্ৰতিৰক্ষা ব্যৱস্থা  যথেষ্ট শক্তিশালী আৰু টি-৯০ টেংকৰ পোনপটীয়া আঘাতৰ পৰাও নিজকে ৰক্ষা কৰিব পাৰে।" 

তেওঁ লগতে কয় যে ইতিমধ্যে পশ্চিম খণ্ড (ৰাজস্থান) আৰু পূব লাডাখত এনে বাংকাৰৰ পৰীক্ষণ চলোৱা হৈছে। এই প্ৰকল্পটো সেনাৰ কৰ্পছ অফ ইঞ্জিনিয়াৰৰ দ্বাৰা ৰূপায়ণ কৰা হ’ব। এনে বাংকাৰৰ আটাইতকৈ গধুৰ উপাদানটোৰ ওজন মাত্ৰ ৪০ কিলোগ্ৰাম।সেয়ে মাত্ৰ দুজন সেনাই এনে বাংকাৰ স্থানান্তৰিত কৰিব পাৰিব। স্থিৰতা আৰু কম ওজন  হৈছে বাংকাৰবোৰৰ বৈশিষ্ট। গান্ধীনগৰ আৰু মাদ্ৰাজত আইআইটিৰ সহযোগিতাত সেনাই এই বাংকাৰমূহ নিৰ্মাণ কৰি আছে।  ত্ৰিমাত্ৰিক প্ৰিণ্টাৰবোৰ ইতিমধ্যে  লাডাখলৈ স্থানান্তৰ কৰা হৈছে। আনহাতে এনে বাংকাৰৰ লাভালাভ হৈছে  - কেইঘণ্টামানৰ ভিতৰতে এটা বাংকাৰ প্ৰিণ্ট কৰিব পাৰি। 

ইতিমধ্যে ২০ টা এনে থ্ৰিডি  বাংকাৰ নিৰ্মাণ কৰা হৈছে।উল্লেখ্য চীনা পিপলছ লিবাৰেচন আৰ্মীয়েও (পিএলএ) সীমান্তত  আন্তঃগাঁথনি শক্তিশালী কৰিছে। ২০২০ চনৰ মে’ মাহত লাডাখ সীমান্তত চীনৰ সৈতে অচলাৱস্থাৰ সূত্ৰপাত হোৱাৰ পিছতে সীমান্তত যুদ্ধ সদৃশ পৰিবেশে বিৰাজ কৰি আছে। ২০২০ চনৰ জুন মাহত গালোৱান উপত্যকাৰ সংঘৰ্ষৰ পিছত ভাৰতে সীমান্তত প্ৰায় ২২,০০০ সৈন্য আৰু প্ৰায় ৪৫০ টা টেংক/আৰ্টিলাৰী বন্দুকৰ মজুত কৰি ৰাখিছে।  গালৱান ভেলী, পাংগং টছ' , গোগ্ৰা (পিপি-১৭এ) আৰু হট স্প্ৰিংছ (পিপি-১৫) আদি এলেকাত চীনৰ সেনাই এতিয়াও বিচৰণ কৰি আছে। কেৱল  লাডাখ খণ্ডতে নহয়, উত্তৰাখণ্ড আৰু পূব খণ্ড (ছিকিম আৰু অৰুণাচল প্ৰদেশ)তো চীনৰ সেনাই অস্থিৰতাৰ সৃষ্টি কৰি আহিছে।

সীমান্তত ভাৰতীয় সেনাৰ  মুখ্য প্ৰকল্পসমূহৰ ভিতৰত আছে অৰুণাচল সীমান্তত ২,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ  ঘাইপথ নিৰ্মাণ, যাক মাগো-থিংবু-বিজয়নগৰ সীমান্ত ঘাইপথ বুলিও জনা যায় আদি। প্ৰকল্পটোৰ বাবে ৪০,০০০ কোটি টকা ব্যয় হোৱাৰ সম্ভাৱনা আছে। লাডাখত চলি থকা প্ৰকল্পসমূহৰ ভিতৰত আছে  ডাৰ্বুক-শ্বায়োক-দৌলত বেগ ওল্ডি (ডিএছ-ডিবিঅ') পথৰ দলং উন্নীতকৰণ আদি। সেনাই সৈনিকসকলৰ বাবে বাসস্থান নিৰ্মাণৰ বাবে একেটা ত্ৰিমাত্ৰিক মুদ্ৰণ পদ্ধতি ব্যৱহাৰ কৰি আছে।  পূব খণ্ডত এনে চাৰিটা দুমহলীয়া আশ্ৰয়স্থল স্থাপন কৰা হৈছে, য'ত প্ৰতিটো ঘৰতে  ৬৪ জনকৈ সৈনিক থাকিব পাৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক