--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ল’ৰাৰ সৈতে প্ৰেম কৰা বাবে মুছলমান মাতৃয়ে ১৫ বছৰীয়া কন্যাক গুলীয়াই হত্যা কৰিলে। ছোৱালীজনী স্থানীয় অঞ্চলৰ এজন হিন্দু ল’ৰাৰ প্ৰেমত পৰিছিল আৰু তাই সেই ল’ৰাটোক বিয়া কৰাব বিচাৰিছিল। আৰক্ষীয়ে হত্যাকাৰী মাতৃক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ইয়াৰ উপৰিও হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টলটোও জব্দ কৰা হৈছে। ঘটনাটো ঝাৰখণ্ডৰ গিৰিডিহৰ। 

ঘটনাৰ পাছতে অঞ্চলটোত চাঞ্চল্য বিয়পি পৰিছে আৰু উত্তেজনা বিৰাজ কৰিছে। মাতৃয়ে নিজেই থানাত উপস্থিত হৈ কন্যাৰ হত্যাকাণ্ডৰ কথা ক’লে। ইয়াৰ পিছত এই খবৰ সমগ্ৰ অঞ্চলটোত বিয়পি পৰিল। মৃতকৰ পিতৃয়ে বগোদৰ আৰক্ষী থানাত অভিযোগ পত্ৰ দিছে, য’ত তেওঁ নিজৰ পত্নীৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰিছে। প্ৰেমৰ সম্পৰ্কত মাতৃগৰাকীয়ে নিজৰ কন্যাক গুলীয়াই হত্যা কৰা বুলি নিশ্চিত কৰিছে এছডিপিঅ’ নৌছাদ আলমে।

আৰক্ষীয়ে জনোৱা মতে, ছোৱালীজনীৰ মাতৃয়ে তাইক আন ঠাইত বিয়া দিব বিচাৰিছিল যদিও কন্যা সন্তানে অটল হৈ থাকিল যে তাই ভালপোৱাজনকে বিয়া কৰাব। বৰ্তমান পিষ্টলটো ক’ৰ পৰা আহিছিল আৰু কোনে অৰ্ডাৰ দিছিল সেই সম্পৰ্কে তদন্ত চলি আছে। ছোৱালীজনীয়ে অস্বীকাৰ কৰাৰ পিছতো মাকে তাইৰ বিয়াখন আন ঠাইত ঠিক কৰি দিছিল আৰু ১৫ জানুৱাৰীৰ পৰা বিয়াৰ অনুষ্ঠান আৰম্ভ হোৱাৰ কথা আছিল। অষ্টম শ্ৰেণীত পঢ়ি থকা ছোৱালীজনীৰ সেইদিনা ৰাতিপুৱাৰে পৰা মাতৃৰ লগত কাজিয়া চলি আছিল।

সন্ধিয়া বন্দুকৰ গুলীৰ শব্দ শুনা গ’ল। কন্যা ৰুখছানাক হত্যা কৰাৰ পিছতে মাতৃ ফাৰজানা খাতুনে থানাত উপস্থিত হৈ কন্যাক হত্যা কৰা বুলি স্বীকাৰ কৰে। ৰুখছানাৰ মূৰত গুলীৰ চিন আছিল। মৃতকৰ পিতৃ অঞ্জন খান পেছাত মিস্ত্ৰী। এই ভাড়াঘৰত পৰিয়ালটোৱে ৩ বছৰ ধৰি বসবাস কৰি আছে। ঘটনাৰ সময়ত পিতৃ নাছিল, আনহাতে ছোৱালীজনীৰ আইতাক ঘৰত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু