--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খোজকাঢ়ি বা কোনো বাহনত উঠি নহয়, স্কেটিং কৰি ৭০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব এটি ১০ বছৰীয়া শিশুৱে। শিশুটিৰ লক্ষ্য অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনত অংশগ্ৰহণ কৰা। ৰাজস্থানৰ কোটপুতলিৰ বাসিন্দা হিমাংশু চাইনীৰ বয়স  ১০ বছৰ।এই দহ বছৰীয়া ল’ৰাজনেই  স্কেটিং কৰি  অযোধ্যাৰ  ৰাম মন্দিৰৰ  অভিষেক অনুষ্ঠানত  উপস্থিত হ'ব।

 হিমাংশুৱে ৮ জানুৱাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। প্ৰথম দিনা  তেওঁ স্কেটিং কৰি ৮০  কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। আহি আহি তেওঁ  আলৱাৰ চহৰত নিশাৰ বিশ্ৰাম লৈ  মঙলবাৰে পুৱা ৯.৩০ বজাত পুনৰ যাত্ৰা আৰম্ভ কৰিছে।  হিমাংশুৱে  ১৬ জানুৱাৰীৰ ভিতৰত তেওঁৰ যাত্ৰা সম্পূৰ্ণ কৰিব পাৰিব বুলি আশা কৰিছে। হিমাংশুৱে ৰাজস্থানৰ কোটপুটলি জিলাৰ লক্ষ্মী নগৰ অঞ্চলত বাস কৰে। উল্লেখ্য ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। 

 এয়া হ’ব  দেশৰ বাবে এক ঐতিহাসিক দিন।মোদীয়ে কৈছিল " মই বহুত ধন্য অনুভৱ কৰিছো। এয়া  মোৰ সৌভাগ্য যে মোৰ জীৱনকালত মই এই ঐতিহাসিক অনুষ্ঠানটো চাবলৈ পাম । আজিৰ দিনটো আৱেগেৰে পৰিপূৰ্ণ। শেহতীয়াকৈ শ্ৰী ৰাম জন্ম ভূমি তীৰ্থ ক্ষেত্ৰৰ কৰ্মকৰ্তাসকলে  মোক মোৰ বাসগৃহত লগ কৰিবলৈ আহিছিল। তেওঁলোকে মোক শ্ৰী ৰাম মন্দিৰৰ উদ্বোধন  উপলক্ষে অযোধ্যালৈ আহিবলৈ আমন্ত্ৰণ জনাইছে"।  ০২৩  চনৰ ২৩  মাৰ্চলৈকে মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় কৰা হৈছে।পৃথিৱীৰ সৰ্ববৃহৎ ৰাম মন্দিৰটো অযোধ্যাৰ বহু চৰ্চিত ভূমিত নিৰ্মাণ কৰি থকা হৈছে। এই মন্দিৰ ৩৮০ ফুট দীঘল আৰু ২৫০ ফুট বহল। উচ্চতা ১৬১  ফুট। বিশাল মন্দিৰটো থাকিব ৩৯২ টা স্তম্ভত । 

মন্দিৰৰ ৪৬ খন দুৱাৰ  চেগুনৰ কাঠেৰে  নিৰ্মাণ কৰা হৈছে। গৰ্ভগৃহৰ দুৱাৰখন হ'ব সোণৰ । এই মন্দিৰ নিৰ্মাণৰ সামগ্ৰী পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছে। মন্দিৰ নিৰ্মাণৰ বাবে ধনো ভক্তসকলৰ দানৰ পৰা আহিছে।শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই কয় যে মন্দিৰটো অহা বছৰৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ'ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু