--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খোজকাঢ়ি বা কোনো বাহনত উঠি নহয়, স্কেটিং কৰি ৭০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব এটি ১০ বছৰীয়া শিশুৱে। শিশুটিৰ লক্ষ্য অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনত অংশগ্ৰহণ কৰা। ৰাজস্থানৰ কোটপুতলিৰ বাসিন্দা হিমাংশু চাইনীৰ বয়স  ১০ বছৰ।এই দহ বছৰীয়া ল’ৰাজনেই  স্কেটিং কৰি  অযোধ্যাৰ  ৰাম মন্দিৰৰ  অভিষেক অনুষ্ঠানত  উপস্থিত হ'ব।

 হিমাংশুৱে ৮ জানুৱাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। প্ৰথম দিনা  তেওঁ স্কেটিং কৰি ৮০  কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। আহি আহি তেওঁ  আলৱাৰ চহৰত নিশাৰ বিশ্ৰাম লৈ  মঙলবাৰে পুৱা ৯.৩০ বজাত পুনৰ যাত্ৰা আৰম্ভ কৰিছে।  হিমাংশুৱে  ১৬ জানুৱাৰীৰ ভিতৰত তেওঁৰ যাত্ৰা সম্পূৰ্ণ কৰিব পাৰিব বুলি আশা কৰিছে। হিমাংশুৱে ৰাজস্থানৰ কোটপুটলি জিলাৰ লক্ষ্মী নগৰ অঞ্চলত বাস কৰে। উল্লেখ্য ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। 

 এয়া হ’ব  দেশৰ বাবে এক ঐতিহাসিক দিন।মোদীয়ে কৈছিল " মই বহুত ধন্য অনুভৱ কৰিছো। এয়া  মোৰ সৌভাগ্য যে মোৰ জীৱনকালত মই এই ঐতিহাসিক অনুষ্ঠানটো চাবলৈ পাম । আজিৰ দিনটো আৱেগেৰে পৰিপূৰ্ণ। শেহতীয়াকৈ শ্ৰী ৰাম জন্ম ভূমি তীৰ্থ ক্ষেত্ৰৰ কৰ্মকৰ্তাসকলে  মোক মোৰ বাসগৃহত লগ কৰিবলৈ আহিছিল। তেওঁলোকে মোক শ্ৰী ৰাম মন্দিৰৰ উদ্বোধন  উপলক্ষে অযোধ্যালৈ আহিবলৈ আমন্ত্ৰণ জনাইছে"।  ০২৩  চনৰ ২৩  মাৰ্চলৈকে মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় কৰা হৈছে।পৃথিৱীৰ সৰ্ববৃহৎ ৰাম মন্দিৰটো অযোধ্যাৰ বহু চৰ্চিত ভূমিত নিৰ্মাণ কৰি থকা হৈছে। এই মন্দিৰ ৩৮০ ফুট দীঘল আৰু ২৫০ ফুট বহল। উচ্চতা ১৬১  ফুট। বিশাল মন্দিৰটো থাকিব ৩৯২ টা স্তম্ভত । 

মন্দিৰৰ ৪৬ খন দুৱাৰ  চেগুনৰ কাঠেৰে  নিৰ্মাণ কৰা হৈছে। গৰ্ভগৃহৰ দুৱাৰখন হ'ব সোণৰ । এই মন্দিৰ নিৰ্মাণৰ সামগ্ৰী পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছে। মন্দিৰ নিৰ্মাণৰ বাবে ধনো ভক্তসকলৰ দানৰ পৰা আহিছে।শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই কয় যে মন্দিৰটো অহা বছৰৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ'ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক