--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২১ জানুৱাৰীত সুশান্ত সিং ৰাজপুতৰ জন্ম বাৰ্ষিকী। আজি যদি সুশান্ত আমাৰ মাজত থাকিলহেঁতেন তেন্তে তেওঁ ৩৭ সংখ্যক জন্মদিন পালন কৰিলেহেঁতেন। আজি সুশান্তৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে এটা আৱেগিক ভিডিঅ’ আৰু পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁলোকৰ শৈশৱৰ স্মৃতি  অনুৰাগীৰ সৈতে ভাগ কৰিছে।

আজিও সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে কন্দুৱাই বহু অনুৰাগীক।  ৩৪ বছৰ বয়সতে অজান কাৰণত আত্মঘাটি সিদ্ধান্ত লৈছিল অভিনেতা গৰাকীয়ে।  “পবিত্ৰ ৰিষ্টা” ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা সুশান্ত সিঙে পিছলৈ বলীউডতো নিজৰ বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ হৃদয়ত স্থান বনাবলৈ সক্ষম হয়। 

ওপজা দিন উপলক্ষে আজি সুশান্তক স্মৰণ কৰি তেওঁৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে লিখিছে এটি আৱেগিক পোষ্ট 
সুশান্ত সিং ৰাজপুতৰ জন্ম বাৰ্ষিকীত তেওঁৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে তেওঁক পুৰনি ছবি পোষ্ট কৰি স্মৰণ কৰে। প্ৰয়াত অভিনেতাগৰাকীৰ পৰিয়ালৰ সৈতে এখন ছবি পোষ্ট কৰি তেওঁ লিখিছে- 'মোৰ মৰমৰ সৰু ভাইটিলৈ জন্ম দিনৰ সুভাষা তুমি যতেই আছা সুখত থাকা , মোৰ  অনুভৱ হয় তুমি নিশ্চয় কৈলাশত মহাদেৱৰ সৈতে সময় পাৰ কৰিছা। কেতিয়াবা তললৈ চাবাচোন যে তুমি কিমান যাদুৰ সৃষ্টি কৰিছা। তুমি তোমাৰ দৰেই 
বহু সুশান্তৰ জন্ম দিলা। মই সদায় তোমাক লৈ গৌৰৱান্বিত।'

জনপ্ৰিয় টিভি শ্ব’ পবিত্ৰ ৰিষ্টাত মুখ্য চৰিত্ৰত অভিনয় কৰি সুশান্ত সিং ৰাজপুতৰ নাম ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল। তেওঁৰ আকৰ্ষণীয় ফিল্মগ্ৰাফীত আছিল কেদাৰনাথ, এম এছ ধোনী: দ্য আনটল্ড ষ্ট’ৰী।  কেদাৰনাথ”, “পিকে” আদিৰ দৰে কেইবাখনো ছবিত অভিনীত সুশান্ত সিঙৰ মৃত্যুয়ে শোকস্তব্ধ কৰি তুলিছিল সকলোকে ।
 
সুশান্ত সিং ৰাজপুতৰ শেষ প্ৰজেক্ট আছিল অভিনীত দিল বেচাৰা। ২০২০ চনত তেওঁৰ মৃত্যুৰ পিছত মুক্তি লাভ কৰা ছবিখন।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু