--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত প্ৰায় ৮০ দিন ধৰি জাতিগত হিংসা চলি আছে। এই হিংসাই সকলো মণিপুৰীক প্ৰভাৱান্বিত কৰিছে। সাধাৰণ লোকৰ লগতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিশুসকল। বহু শিশু অনাথ হৈ পৰিছে, বহুতে শৈশৱকালতে দেখিছে নাৰকীয় ঘটনা।  মণিপুৰৰ সুয়াণ্টকে ইনষ্টাগ্ৰামত তেওঁৰ ভতিজীসকলৰ সৈতে তেওঁৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা  পাতিছে। তেওঁ মণিপুৰৰ পৰিস্থিতিক যুদ্ধ বুলি বৰ্ণনা কৰিছে

 ৯ বছৰীয়া লিংনুনাম হাওকিপে ৩ মে’ৰ অভিজ্ঞতাৰ বিষয়ে লিখিছে  "গীৰ্জাৰ ঘণ্টাটো জোৰেৰে বাজি আছিল, মানুহে চিঞৰি চিঞৰি গীৰ্জাৰ ফালে দৌৰি আছিল। মই বহুত  ভয় খাইছিলো, মই কান্দিবলৈ চেষ্টা কৰি আছিলো, মোৰ ভণ্টিয়ে  গোটেই সময় ধৰি  কান্দি আছিল... মানুহবোৰ পলাই গৈছিল..." তেওঁৰ ভগ্নী ৭ বছৰীয়া লিংঝৌকিম হাওকিপে এইদৰে লিখিছে: "মই গুলীবৰ্ষণ আৰু  বিস্ফোৰণৰ শব্দ শুনিছিলো। মই কান্দি আছিলোঁ ।কাৰণ মই মৰিবলৈ ভয় কৰিছিলোঁ।’’

মাইটি সম্প্ৰদায়ৰ এজন সদস্যই উল্লেখ কৰিছে  যে তেওঁৰ এলেকাত থকা শিশুসকলে  শিশুসকলে কেলাৰ সময়তো কৈছে  যে এজন মেইটেই আৰু আনজন কুকি হ’ব লাগিব।তেওঁলোকৰ মনতো জাতিগত হিংসাই কিদৰে প্ৰভাৱ পেলাইছে এয়া তাৰেই প্ৰমাণ বুলিও তেওঁ কয়। উল্লেখ্য মণিপুৰী ছাত্ৰ সংগঠন অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰে (এটিএছইউএম) বুধবাৰে আন্দোলনকাৰী মেইটেই সম্প্ৰদায়ৰ জনজাতিকৰণৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক পদযাত্ৰা উলিয়াইছিল। 

সেই পদযাত্ৰাৰ পৰাই হিংসা বিয়পি পৰিছিল বুলি অভিযোগ উঠিছে। শেহতীয়াকৈ গৌহাটি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটিসকলক  অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ ঠিক পিছতে জনজাতীয় সংগঠনবোৰে এই  নিৰ্দেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল। লগে লগে আৰম্ভ হৈছিল  বিবাদ, সংঘৰ্ষ আৰু ৰক্তপাতৰ।

মণিপুৰত  মেইটিসকল সৰ্বাধিক জনসংখ্যাৰ জনগোষ্ঠী। আনহাতে, কুকি, আংগামি, লুচাই, নাগা, থাদাৰৱাছৰ দৰে প্ৰায় ৩০ টা জনজাতীয় গোটৰ লোককে  পাহাৰীয়া ৰাজ্য খনত  বাস কৰে। তেওঁলোকে আশংকা কৰে যে মেইটেইসকলে জনজাতীয় মৰ্যাদা পালে তেওঁলোকৰ অধিকাৰ খৰ্ব হ’ব।  মাটি কিনা-বেচাৰ ক্ষেত্ৰতো আন জনগোষ্ঠীৰ লোকসকলে সমস্যাৰ সন্মুখীন হ’ব বুলি বহুতে আশংকা প্ৰকাশ কৰি আহিছে। আনহাতে,মেইটেইসকলে দাবী কৰে যে ১৯৪৯ চনত মণিপুৰ ভাৰতত অন্তৰ্ভুক্ত হোৱাৰ আগতে তেওঁলোকক এটা জনজাতি বুলি গণ্য কৰা হৈছিল। 

কিন্তু একত্ৰীকৰণৰ পিছত তেওঁলোকে সেই পৰিচয় হেৰুৱালে। ফলস্বৰূপে, জনজাতীয় ভূমি অধিকাৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ সাংবিধানিক সুৰক্ষাও তেওঁলোকে হেৰুৱাই পেলোৱা বুলি অভিযোগ কৰি আহিছে। ১৯৫২  চনত মণিপুৰৰ জনসংখ্যাৰ ৫১ শতাংশ মেইটেই আছিল। ২০১১  চনৰ লোকপিয়লত তেওঁলোকৰ সংখ্যা ৪৪  শতাংশলৈ হ্ৰাস পায়। সেইবাবেই মেইটেইসকলে জনজাতিৰ মৰ্যাদা দাবী কৰি আহিছে। যি দাবীৰ বিৰোধিতা কৰিছে আন জনগোষ্ঠীৰ লোকসকলে। পৰিণতিত সূত্ৰপাত ঘটিছে ৰক্তাক্ত পৰিস্থিতিৰ। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন কিশোৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক