--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত প্ৰায় ৮০ দিন ধৰি জাতিগত হিংসা চলি আছে। এই হিংসাই সকলো মণিপুৰীক প্ৰভাৱান্বিত কৰিছে। সাধাৰণ লোকৰ লগতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিশুসকল। বহু শিশু অনাথ হৈ পৰিছে, বহুতে শৈশৱকালতে দেখিছে নাৰকীয় ঘটনা।  মণিপুৰৰ সুয়াণ্টকে ইনষ্টাগ্ৰামত তেওঁৰ ভতিজীসকলৰ সৈতে তেওঁৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা  পাতিছে। তেওঁ মণিপুৰৰ পৰিস্থিতিক যুদ্ধ বুলি বৰ্ণনা কৰিছে

 ৯ বছৰীয়া লিংনুনাম হাওকিপে ৩ মে’ৰ অভিজ্ঞতাৰ বিষয়ে লিখিছে  "গীৰ্জাৰ ঘণ্টাটো জোৰেৰে বাজি আছিল, মানুহে চিঞৰি চিঞৰি গীৰ্জাৰ ফালে দৌৰি আছিল। মই বহুত  ভয় খাইছিলো, মই কান্দিবলৈ চেষ্টা কৰি আছিলো, মোৰ ভণ্টিয়ে  গোটেই সময় ধৰি  কান্দি আছিল... মানুহবোৰ পলাই গৈছিল..." তেওঁৰ ভগ্নী ৭ বছৰীয়া লিংঝৌকিম হাওকিপে এইদৰে লিখিছে: "মই গুলীবৰ্ষণ আৰু  বিস্ফোৰণৰ শব্দ শুনিছিলো। মই কান্দি আছিলোঁ ।কাৰণ মই মৰিবলৈ ভয় কৰিছিলোঁ।’’

মাইটি সম্প্ৰদায়ৰ এজন সদস্যই উল্লেখ কৰিছে  যে তেওঁৰ এলেকাত থকা শিশুসকলে  শিশুসকলে কেলাৰ সময়তো কৈছে  যে এজন মেইটেই আৰু আনজন কুকি হ’ব লাগিব।তেওঁলোকৰ মনতো জাতিগত হিংসাই কিদৰে প্ৰভাৱ পেলাইছে এয়া তাৰেই প্ৰমাণ বুলিও তেওঁ কয়। উল্লেখ্য মণিপুৰী ছাত্ৰ সংগঠন অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰে (এটিএছইউএম) বুধবাৰে আন্দোলনকাৰী মেইটেই সম্প্ৰদায়ৰ জনজাতিকৰণৰ দাবীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক পদযাত্ৰা উলিয়াইছিল। 

সেই পদযাত্ৰাৰ পৰাই হিংসা বিয়পি পৰিছিল বুলি অভিযোগ উঠিছে। শেহতীয়াকৈ গৌহাটি উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটিসকলক  অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ ঠিক পিছতে জনজাতীয় সংগঠনবোৰে এই  নিৰ্দেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল। লগে লগে আৰম্ভ হৈছিল  বিবাদ, সংঘৰ্ষ আৰু ৰক্তপাতৰ।

মণিপুৰত  মেইটিসকল সৰ্বাধিক জনসংখ্যাৰ জনগোষ্ঠী। আনহাতে, কুকি, আংগামি, লুচাই, নাগা, থাদাৰৱাছৰ দৰে প্ৰায় ৩০ টা জনজাতীয় গোটৰ লোককে  পাহাৰীয়া ৰাজ্য খনত  বাস কৰে। তেওঁলোকে আশংকা কৰে যে মেইটেইসকলে জনজাতীয় মৰ্যাদা পালে তেওঁলোকৰ অধিকাৰ খৰ্ব হ’ব।  মাটি কিনা-বেচাৰ ক্ষেত্ৰতো আন জনগোষ্ঠীৰ লোকসকলে সমস্যাৰ সন্মুখীন হ’ব বুলি বহুতে আশংকা প্ৰকাশ কৰি আহিছে। আনহাতে,মেইটেইসকলে দাবী কৰে যে ১৯৪৯ চনত মণিপুৰ ভাৰতত অন্তৰ্ভুক্ত হোৱাৰ আগতে তেওঁলোকক এটা জনজাতি বুলি গণ্য কৰা হৈছিল। 

কিন্তু একত্ৰীকৰণৰ পিছত তেওঁলোকে সেই পৰিচয় হেৰুৱালে। ফলস্বৰূপে, জনজাতীয় ভূমি অধিকাৰ আৰু সাংস্কৃতিক ঐতিহ্যৰ সাংবিধানিক সুৰক্ষাও তেওঁলোকে হেৰুৱাই পেলোৱা বুলি অভিযোগ কৰি আহিছে। ১৯৫২  চনত মণিপুৰৰ জনসংখ্যাৰ ৫১ শতাংশ মেইটেই আছিল। ২০১১  চনৰ লোকপিয়লত তেওঁলোকৰ সংখ্যা ৪৪  শতাংশলৈ হ্ৰাস পায়। সেইবাবেই মেইটেইসকলে জনজাতিৰ মৰ্যাদা দাবী কৰি আহিছে। যি দাবীৰ বিৰোধিতা কৰিছে আন জনগোষ্ঠীৰ লোকসকলে। পৰিণতিত সূত্ৰপাত ঘটিছে ৰক্তাক্ত পৰিস্থিতিৰ। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ