--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে আকাশলংঘী হৈছে বিলাহীৰ দাম। বিলাহীৰ দাম একাংশ অঞ্চলত প্ৰতি কেজিত ৩০০টকা হৈছেগৈ। ইয়াৰ প্ৰভাৱ জনসাধাৰণৰ পকেটৰ ওপৰত পৰিছে। একাংশ লোকে পাকঘৰত বিলাহী ব্যৱহাৰ কৰা বন্ধ কৰাৰ বিপৰীতে বহুতে এতিয়া বিকল্পৰ  সন্ধানত নামিছে। বিলাহীৰ দাম বৃদ্ধিৰ মাজতে চৰ্চালৈ আহিছে এক কাহিনী। ডুবাইত বাস কৰা এগৰাকী কন্যাই মাকৰ বাবে ছুটকেছত  টমেটো লৈ আহিল ১০ কেজি বিলাহী।

‘ৰেভছ’ নামৰ এটা টুইটাৰ হেণ্ডেলত টুইটাৰ ব্যৱহাৰকাৰীজনে লিখিছে, "মোৰ ভণ্টীয়ে ল'ৰা-ছোৱালীৰ সৈতে ডুবাইৰ পৰা ভাৰতলৈ আহিছিল গ্ৰীষ্মকালীন ছুটীৰ বাবে। তেওঁ মাকক সুধিছিল যে তেওঁ ডুবাইৰ পৰা কিবা আনিব লাগিব নেকি? মায়ে কৈছিল ১০ কেজি বিলাহী আনিব। আৰু ভণ্টীয়েও ১০ কেজি বিলাহী এটা ছুটকেছত পেক কৰিছিল।"

টুইটাৰ ব্যৱহাৰকাৰীজনে আৰু লিখিছে, "আমাৰ পৰিয়ালে বিলাহী বহুত ব্যৱহাৰ কৰে, গতিকে এতিয়া মই ডুবাইৰ পৰা অনা এই বিলাহীৰ পৰা আচাৰ, চাটনীৰ দৰে কিবা এটা বনাম। এই টুইটটো এতিয়া ভাইৰেল হৈ পৰিছে।

এতিয়া এই কাহিনীটো পঢ়াৰ পিছত টুইটাৰত বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

উল্লেখ্য যে বিলাহীৰ দাম বৃদ্ধিৰ মাজতে মহাৰাষ্ট্ৰৰ পুনেৰ এজন কৃষক এমাহৰ অলপ বেছি সময়ৰ ভিতৰতে সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি কোটিপতি হৈ পৰিছে।

এয়া পুনে জিলাৰ জুন্নাৰ তহচিলৰ পাচঘৰ গাঁৱৰ কৃষক ঈশ্বৰ গায়কৰ (৩৬)ৰ কাহিনী। মে’ মাহত বিলাহীৰ বীজৰ মূল্য তীব্ৰভাৱে হ্ৰাস পোৱাৰ বাবে কৃষকজনে বৃহৎ পৰিমাণৰ বিলাহী ধ্বংস কৰিবলগীয়া হৈছিল। কিন্তু এই বিফলতাৰ বাবে বিৰক্ত নোহোৱাকৈ তেওঁ ১২ একৰ মাটিত বিলাহীৰ খেতি কৰি থাকিল।

এতিয়া বিলাহীৰ আকাশলংঘী মূল্যৰ মাজতে কৃষক ঈশ্বৰ গাইকৰে কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিছে, কিয়নো তেওঁ কোটিপতি হৈ পৰিছে। তেওঁ ১১ জুনৰ পৰা ১৮ জুলাইৰ ভিতৰত নিজৰ শস্যৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ জৰিয়তে ৩ কোটি টকা উপাৰ্জন কৰা বুলি দাবী কৰিছে। 
















FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে