--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে আকাশলংঘী হৈছে বিলাহীৰ দাম। বিলাহীৰ দাম একাংশ অঞ্চলত প্ৰতি কেজিত ৩০০টকা হৈছেগৈ। ইয়াৰ প্ৰভাৱ জনসাধাৰণৰ পকেটৰ ওপৰত পৰিছে। একাংশ লোকে পাকঘৰত বিলাহী ব্যৱহাৰ কৰা বন্ধ কৰাৰ বিপৰীতে বহুতে এতিয়া বিকল্পৰ  সন্ধানত নামিছে। বিলাহীৰ দাম বৃদ্ধিৰ মাজতে চৰ্চালৈ আহিছে এক কাহিনী। ডুবাইত বাস কৰা এগৰাকী কন্যাই মাকৰ বাবে ছুটকেছত  টমেটো লৈ আহিল ১০ কেজি বিলাহী।

‘ৰেভছ’ নামৰ এটা টুইটাৰ হেণ্ডেলত টুইটাৰ ব্যৱহাৰকাৰীজনে লিখিছে, "মোৰ ভণ্টীয়ে ল'ৰা-ছোৱালীৰ সৈতে ডুবাইৰ পৰা ভাৰতলৈ আহিছিল গ্ৰীষ্মকালীন ছুটীৰ বাবে। তেওঁ মাকক সুধিছিল যে তেওঁ ডুবাইৰ পৰা কিবা আনিব লাগিব নেকি? মায়ে কৈছিল ১০ কেজি বিলাহী আনিব। আৰু ভণ্টীয়েও ১০ কেজি বিলাহী এটা ছুটকেছত পেক কৰিছিল।"

টুইটাৰ ব্যৱহাৰকাৰীজনে আৰু লিখিছে, "আমাৰ পৰিয়ালে বিলাহী বহুত ব্যৱহাৰ কৰে, গতিকে এতিয়া মই ডুবাইৰ পৰা অনা এই বিলাহীৰ পৰা আচাৰ, চাটনীৰ দৰে কিবা এটা বনাম। এই টুইটটো এতিয়া ভাইৰেল হৈ পৰিছে।

এতিয়া এই কাহিনীটো পঢ়াৰ পিছত টুইটাৰত বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

উল্লেখ্য যে বিলাহীৰ দাম বৃদ্ধিৰ মাজতে মহাৰাষ্ট্ৰৰ পুনেৰ এজন কৃষক এমাহৰ অলপ বেছি সময়ৰ ভিতৰতে সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি কোটিপতি হৈ পৰিছে।

এয়া পুনে জিলাৰ জুন্নাৰ তহচিলৰ পাচঘৰ গাঁৱৰ কৃষক ঈশ্বৰ গায়কৰ (৩৬)ৰ কাহিনী। মে’ মাহত বিলাহীৰ বীজৰ মূল্য তীব্ৰভাৱে হ্ৰাস পোৱাৰ বাবে কৃষকজনে বৃহৎ পৰিমাণৰ বিলাহী ধ্বংস কৰিবলগীয়া হৈছিল। কিন্তু এই বিফলতাৰ বাবে বিৰক্ত নোহোৱাকৈ তেওঁ ১২ একৰ মাটিত বিলাহীৰ খেতি কৰি থাকিল।

এতিয়া বিলাহীৰ আকাশলংঘী মূল্যৰ মাজতে কৃষক ঈশ্বৰ গাইকৰে কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিছে, কিয়নো তেওঁ কোটিপতি হৈ পৰিছে। তেওঁ ১১ জুনৰ পৰা ১৮ জুলাইৰ ভিতৰত নিজৰ শস্যৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ জৰিয়তে ৩ কোটি টকা উপাৰ্জন কৰা বুলি দাবী কৰিছে। 
















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস