--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ পোষকতা কৰি দেশত এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছে। কোৱা হৈছে যে পি এম মোদীয়ে ইউ চি চিৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষা অধিৱেশনত লোকসভাৰ মজিয়াত উত্থাপন কৰিব পৰা যাব। ইউনিফৰ্ম চিভিল কোডৰ বিষয়টো আৰম্ভণিৰে পৰাই বিজেপিৰ মূল এজেণ্ডাত আছিল আৰু এই কাৰণেই ইয়াক মুছলমান আৰু অন্যান্য ধৰ্মীয় সংখ্যালঘুৰ সৈতে জড়িত কৰা হৈছে, কিন্তু এয়াই সকলো নহয়। UCC সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আন্দোলনৰ আশংকা কৰা হৈছে। কাৰণ, দেশৰ উত্তৰ-পূব অংশত UCC সন্দৰ্ভত ইমান আলোচনা কিয় হৈছে আৰু ইয়াৰ বাসিন্দাসকলে কিহৰ বাবে ইউচিচিক লৈ চিন্তিত কিয়?ৰাজ্য অনুসৰি জানো আহক সবিশেষ- 

মিজোৰাম - ৯৪.৪ শতাংশ জনজাতীয় জনসংখ্যা থকা এই ৰাজ্যখনৰ বিধানসভাই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা কৰি প্ৰস্তাৱ গৃহীত কৰিছিল। ভাৰতীয় সংবিধানৰ ৩৭১জি অনুচ্ছেদত মিজোৰামক বিশেষ সুৰক্ষা দিয়া হৈছে। ইয়াত উল্লেখ আছে যে সংসদৰ যিকোনো আইন যিয়ে সামাজিক বা ধৰ্মীয় প্ৰথা, মিজো ৰীতি-নীতি আৰু মাটিৰ মালিকীস্বত্ব আৰু মিজা জনগোষ্ঠীৰ হস্তান্তৰক প্ৰভাৱিত কৰে, সেই আইন ৰাজ্যৰ বিধানসভাৰ অনুমোদন নোপোৱালৈকে মিজোৰামত ইউচিচি প্ৰযোজ্য হ'ব নোৱাৰে।

মেঘালয়- প্ৰধানমন্ত্ৰী মোদীৰ ইউচিচিৰ পোষকতা কৰাৰ পাছত যেতিয়া বিজেপিৰ মিত্ৰ দল এটাই বিজেপিৰ বিৰুদ্ধে বিবৃতি দিছিল তেতিয়া সেইজন আছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। খাচী, জয়ন্তীয়া আৰু গাৰো, এই তিনিটা প্ৰধান জনজাতি মেঘালয়ত বাস কৰে। এই জাতি গোটবোৰৰ বিবাহ, বিবাহ বিচ্ছেদ আৰু অন্যান্য বিষয়ৰ বাবে নিজস্ব সুকীয়া আইন আছে।তেনে এক প্ৰেক্ষাপটত ইউচিচিৰ প্ৰতিবাদ মেঘালয়ত হোৱাটো স্বাভাৱিক৷

নাগালেণ্ড- মেঘালয় আৰু মিজোৰামৰ দৰে নাগালেণ্ডতো ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত নিজস্ব চিন্তা আছে। সংবিধানৰ ৩৭১জে অনুচ্ছেদৰ অধীনত ৰাজ্যসমূহৰ সামাজিক আৰু ধৰ্মীয় প্ৰথা, প্ৰথাগত আইন আৰু মাটিৰ মালিকীস্বত্বৰ সন্দৰ্ভত সুৰক্ষা প্ৰদান কৰা হৈছে।

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ছিকিমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত বিবৃতি জাৰি কৰাৰ পূৰ্বে এক বৈঠক অনুষ্ঠিত কৰিব বুলি অৱগত কৰিছে। একে সময়তে অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰাৰ দৰে আন ৰাজ্যসমূহে এতিয়াও খচৰা প্ৰকাশৰ বাবে অপেক্ষা কৰি আছে।আৰু অসমতো বিৰোধী দলসমূহৰ মাজত ইউচিচিক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু