--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ পোষকতা কৰি দেশত এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছে। কোৱা হৈছে যে পি এম মোদীয়ে ইউ চি চিৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষা অধিৱেশনত লোকসভাৰ মজিয়াত উত্থাপন কৰিব পৰা যাব। ইউনিফৰ্ম চিভিল কোডৰ বিষয়টো আৰম্ভণিৰে পৰাই বিজেপিৰ মূল এজেণ্ডাত আছিল আৰু এই কাৰণেই ইয়াক মুছলমান আৰু অন্যান্য ধৰ্মীয় সংখ্যালঘুৰ সৈতে জড়িত কৰা হৈছে, কিন্তু এয়াই সকলো নহয়। UCC সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আন্দোলনৰ আশংকা কৰা হৈছে। কাৰণ, দেশৰ উত্তৰ-পূব অংশত UCC সন্দৰ্ভত ইমান আলোচনা কিয় হৈছে আৰু ইয়াৰ বাসিন্দাসকলে কিহৰ বাবে ইউচিচিক লৈ চিন্তিত কিয়?ৰাজ্য অনুসৰি জানো আহক সবিশেষ- 

মিজোৰাম - ৯৪.৪ শতাংশ জনজাতীয় জনসংখ্যা থকা এই ৰাজ্যখনৰ বিধানসভাই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা কৰি প্ৰস্তাৱ গৃহীত কৰিছিল। ভাৰতীয় সংবিধানৰ ৩৭১জি অনুচ্ছেদত মিজোৰামক বিশেষ সুৰক্ষা দিয়া হৈছে। ইয়াত উল্লেখ আছে যে সংসদৰ যিকোনো আইন যিয়ে সামাজিক বা ধৰ্মীয় প্ৰথা, মিজো ৰীতি-নীতি আৰু মাটিৰ মালিকীস্বত্ব আৰু মিজা জনগোষ্ঠীৰ হস্তান্তৰক প্ৰভাৱিত কৰে, সেই আইন ৰাজ্যৰ বিধানসভাৰ অনুমোদন নোপোৱালৈকে মিজোৰামত ইউচিচি প্ৰযোজ্য হ'ব নোৱাৰে।

মেঘালয়- প্ৰধানমন্ত্ৰী মোদীৰ ইউচিচিৰ পোষকতা কৰাৰ পাছত যেতিয়া বিজেপিৰ মিত্ৰ দল এটাই বিজেপিৰ বিৰুদ্ধে বিবৃতি দিছিল তেতিয়া সেইজন আছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। খাচী, জয়ন্তীয়া আৰু গাৰো, এই তিনিটা প্ৰধান জনজাতি মেঘালয়ত বাস কৰে। এই জাতি গোটবোৰৰ বিবাহ, বিবাহ বিচ্ছেদ আৰু অন্যান্য বিষয়ৰ বাবে নিজস্ব সুকীয়া আইন আছে।তেনে এক প্ৰেক্ষাপটত ইউচিচিৰ প্ৰতিবাদ মেঘালয়ত হোৱাটো স্বাভাৱিক৷

নাগালেণ্ড- মেঘালয় আৰু মিজোৰামৰ দৰে নাগালেণ্ডতো ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত নিজস্ব চিন্তা আছে। সংবিধানৰ ৩৭১জে অনুচ্ছেদৰ অধীনত ৰাজ্যসমূহৰ সামাজিক আৰু ধৰ্মীয় প্ৰথা, প্ৰথাগত আইন আৰু মাটিৰ মালিকীস্বত্বৰ সন্দৰ্ভত সুৰক্ষা প্ৰদান কৰা হৈছে।

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ছিকিমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ইউনিফৰ্ম চিভিল কোড সন্দৰ্ভত বিবৃতি জাৰি কৰাৰ পূৰ্বে এক বৈঠক অনুষ্ঠিত কৰিব বুলি অৱগত কৰিছে। একে সময়তে অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰাৰ দৰে আন ৰাজ্যসমূহে এতিয়াও খচৰা প্ৰকাশৰ বাবে অপেক্ষা কৰি আছে।আৰু অসমতো বিৰোধী দলসমূহৰ মাজত ইউচিচিক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত চাঞ্চল্য! এখন বিদ্যালয়ৰ পৰা ১.৪৪ কোটি টকা জব্দ
মেঘালয়ত নতুন সাপৰ প্ৰজাতি আৱিষ্কাৰ, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গৱেষকৰ গুৰুত্বপূৰ্ণ ভূমিকা
১২৪৮ যোদ্ধাই যুঁজিব ফুটবলৰ বিশ্বযুদ্ধত
অসমৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা; সন্মানিত জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাসো
বিশ্বকাপক লৈ বিতর্ক; ইৰানী অনুৰাগীৰ আবণ্টিত টিকট বাতিল ফিফাৰ
এছ বি আইৰ প্ৰতিবেদন; ২৮% অপৰাধ হ্রাস হৈছে অসমত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement