--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯০ দশকৰ বলিউডৰ তাৰকাসকলৰ ভিতৰত অন্যতম আছিল গোবিন্দ অৰুণ আহুজা ওৰফে গোবিন্দা। হাস্য-ব্যংগ আৰু স্বাভাৱিক অভিনয় দক্ষতাৰ বাবে তেওঁ দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছিল। কিন্তু এতিয়া তেওঁ লাহে লাহে বলিউড উদ্যোগৰ পৰা অদৃশ্য হৈ গৈ আছে।

বৰ্তমান বলিউডত অজয় দেৱগণ, শ্বাহৰুখ খান, ছলমান খান, অক্ষয় কুমাৰৰ জয় জয়কাৰ অৱস্থা। এওঁলোক আটাইকেওজনেই নবৈ দশকত জনপ্ৰিয়তা লাভ কৰা। কিন্তু ইয়াৰ মাজত নাই গোবিন্দা। কিয় বলিউডত নিস্প্ৰভ হৈ পৰিছে গোবিন্দা?

শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতা টিনু বাৰ্মাই গোবিন্দাৰ 'অপেছাদাৰী' আচৰণৰ বিষয়ে মুকলি কৈছিল। তেওঁ সাক্ষাৎকাৰটোত কৈছিল যে গোবিন্দাই কেতিয়াও সঠিক সময়ত ছৱিৰ শ্বুটিংলৈ নাহে। টিনুৱে দাবী কৰিছিল যে ছৱিৰ প্রযোজকসকলে গোবিন্দাৰ আচৰণত অসন্তুষ্ট হৈ আহিছে। 

সেয়েহে কামৰ সুযোগো অভিনেতাজনৰ ওচৰলৈ কমি আহিবলৈ আৰম্ভ কৰে। টিনুৱে দাবী কৰে যে এইকাৰণেই তেওঁ লাহে লাহে উদ্যোগটোৰ পৰা অদৃশ্য হৈ গৈছে। অন্যথা গোবিন্দই এতিয়াও বালিউড কঁপাই থাকিলহেঁতেন।

কেৱল টিনুৱেই নহয়, ডেভিদ ধাৱানৰ দৰে পৰিচালকেও গোবিন্দাৰ অপেছাদাৰীত্বৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে। অনুৰাগ বসুৱেও গোবিন্দাৰ ওপৰত অসন্তুষ্ট। শুনা গৈছে যে অনুৰাগে 'জগ্গা জাসুছ' বোলছবিখনত চৰিত্ৰত অভিনয় কৰিবলৈ গোবিন্দাক বাছনি কৰিছিল। কিন্তু গোবিন্দা সঠিক সময়ত ছেটলৈ অহা নাছিল, সেয়েহে কাম আৰম্ভ কৰাৰ পিছতো তেওঁ মাজভাগত ৰ'ব লগা হৈছিল।

গোবিন্দাৰ চৰিত্ৰও বলিউডত বিতৰ্কিত। অভিনেতাজনে সহ-অভিনেত্ৰীৰ সৈতে প্ৰায়ে বিবাহ বহিৰ্ভূত সম্পৰ্কত লিপ্ত হৈছিল বুলিও গুজৱ আছে। নীলম কোঠাৰী আৰু ৰাণী মুখাৰ্জীৰ সৈতে গোবিন্দৰ থকা সম্পৰ্ক প্ৰায়ে শুনা যায়।

গোবিন্দাক ৰাণী মূখাৰ্জীৰ সৈতে এখন বিলাসী হোটেলত একেলগে দেখা বুলিও বহুতে কয়। বিয়া হোৱাৰ পিছতো ৰাণীৰ সৈতে সম্পৰ্কত থকাৰ বাবে গোবিন্দাই তিক্ত কথা শুনিব লগা হৈছিল। আনকি তেওঁৰ পত্নী সুনীতাৰ সৈতেও সম্পৰ্ক তিক্ত হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তামুলপুৰত জুবিন অনুৰাগীৰ এহেজাৰটা নাহৰ পুলি ৰোপণ
আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু; মংগল হওক সকলোৰে
আপুনি Meta ৰ Messenger app ব্যৱহাৰ কৰে নেকি? শীঘ্ৰেই বন্ধ হ'ব এই Messenger App
বায়ুমণ্ডলত অভাৱনীয় হাৰত বৃদ্ধি কাৰ্বন-ডাই-অক্সাইড, বায়ুমণ্ডল, মহাসাগৰ, স্থলভাগৰ জীৱকুলৰ ভাৰসাম্য নোহোৱা হৈছে
জুবিনৰ স্থায়ী সমাধিক্ষেত্র, ফাষ্টট্রেক আদালত, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বাৰিষাতে ৰাজ্যত হ্রাস চাহৰ উৎপাদন, চাহ ব'ৰ্ডৰ উদ্বেগজনক তথ্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে