--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯০ দশকৰ বলিউডৰ তাৰকাসকলৰ ভিতৰত অন্যতম আছিল গোবিন্দ অৰুণ আহুজা ওৰফে গোবিন্দা। হাস্য-ব্যংগ আৰু স্বাভাৱিক অভিনয় দক্ষতাৰ বাবে তেওঁ দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছিল। কিন্তু এতিয়া তেওঁ লাহে লাহে বলিউড উদ্যোগৰ পৰা অদৃশ্য হৈ গৈ আছে।

বৰ্তমান বলিউডত অজয় দেৱগণ, শ্বাহৰুখ খান, ছলমান খান, অক্ষয় কুমাৰৰ জয় জয়কাৰ অৱস্থা। এওঁলোক আটাইকেওজনেই নবৈ দশকত জনপ্ৰিয়তা লাভ কৰা। কিন্তু ইয়াৰ মাজত নাই গোবিন্দা। কিয় বলিউডত নিস্প্ৰভ হৈ পৰিছে গোবিন্দা?

শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতা টিনু বাৰ্মাই গোবিন্দাৰ 'অপেছাদাৰী' আচৰণৰ বিষয়ে মুকলি কৈছিল। তেওঁ সাক্ষাৎকাৰটোত কৈছিল যে গোবিন্দাই কেতিয়াও সঠিক সময়ত ছৱিৰ শ্বুটিংলৈ নাহে। টিনুৱে দাবী কৰিছিল যে ছৱিৰ প্রযোজকসকলে গোবিন্দাৰ আচৰণত অসন্তুষ্ট হৈ আহিছে। 

সেয়েহে কামৰ সুযোগো অভিনেতাজনৰ ওচৰলৈ কমি আহিবলৈ আৰম্ভ কৰে। টিনুৱে দাবী কৰে যে এইকাৰণেই তেওঁ লাহে লাহে উদ্যোগটোৰ পৰা অদৃশ্য হৈ গৈছে। অন্যথা গোবিন্দই এতিয়াও বালিউড কঁপাই থাকিলহেঁতেন।

কেৱল টিনুৱেই নহয়, ডেভিদ ধাৱানৰ দৰে পৰিচালকেও গোবিন্দাৰ অপেছাদাৰীত্বৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে। অনুৰাগ বসুৱেও গোবিন্দাৰ ওপৰত অসন্তুষ্ট। শুনা গৈছে যে অনুৰাগে 'জগ্গা জাসুছ' বোলছবিখনত চৰিত্ৰত অভিনয় কৰিবলৈ গোবিন্দাক বাছনি কৰিছিল। কিন্তু গোবিন্দা সঠিক সময়ত ছেটলৈ অহা নাছিল, সেয়েহে কাম আৰম্ভ কৰাৰ পিছতো তেওঁ মাজভাগত ৰ'ব লগা হৈছিল।

গোবিন্দাৰ চৰিত্ৰও বলিউডত বিতৰ্কিত। অভিনেতাজনে সহ-অভিনেত্ৰীৰ সৈতে প্ৰায়ে বিবাহ বহিৰ্ভূত সম্পৰ্কত লিপ্ত হৈছিল বুলিও গুজৱ আছে। নীলম কোঠাৰী আৰু ৰাণী মুখাৰ্জীৰ সৈতে গোবিন্দৰ থকা সম্পৰ্ক প্ৰায়ে শুনা যায়।

গোবিন্দাক ৰাণী মূখাৰ্জীৰ সৈতে এখন বিলাসী হোটেলত একেলগে দেখা বুলিও বহুতে কয়। বিয়া হোৱাৰ পিছতো ৰাণীৰ সৈতে সম্পৰ্কত থকাৰ বাবে গোবিন্দাই তিক্ত কথা শুনিব লগা হৈছিল। আনকি তেওঁৰ পত্নী সুনীতাৰ সৈতেও সম্পৰ্ক তিক্ত হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক