--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিৰো মট’কৰ্পে শেহতীয়াকৈ এই তথ্য দিছে যে সুনীল কান্ত মুঞ্জলে কোম্পানীটোৰ যুটীয়া পৰিচালন সঞ্চালকৰ পদৰ পৰা পদত্যাগ কৰিব। গ্ৰুপৰ চুক্তি প্ৰকাশ কৰি কোম্পানীটোৱে প্ৰমোটাৰৰ পৰা চুক্তি লাভ কৰা বুলি কয়। কোম্পানীটোৱে এই তথ্য ৰেগুলেটৰী ফাইলিঙৰ জৰিয়তে ষ্টক এক্সচেঞ্জত উপলব্ধ কৰাইছে।

ষ্টক এক্সচেঞ্জসমূহক প্ৰমোটাৰ ফেমিলি ছেটেলমেণ্ট এগ্ৰিমেণ্টৰ সবিশেষ দি কোম্পানীটোৱে কয় যে সুনীল মুঞ্জলে হিৰো মট’কৰ্পৰ পৰিচালনা আৰু নিয়ন্ত্ৰণৰ পৰা পদত্যাগ কৰাৰ লগতে যুটীয়া পৰিচালন সঞ্চালকৰ পদৰ পৰাও পদত্যাগ কৰিছে। চুক্তি অনুসৰি তালিকাভুক্ত ইউনিটটোৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ পৱন মুঞ্জল, সন্তোষ মুঞ্জল, ৰেণু মুঞ্জল আৰু সুমন কান্ত মুঞ্জাল নামৰ পৰিয়ালৰ গোটৰ সৈতে হ’ব। কোম্পানীটোৱে ফাইলিঙত কয় যে ফেমিলি গ্ৰুপ আৰু সুনীল কান্ত মুঞ্জলৰ মাজতো ট্ৰেডমাৰ্ক হিৰো ব্যৱহাৰৰ বাবে চুক্তি কৰা হৈছে।

কোম্পানীটোৰ ৰেগুলেটৰী ফাইলিঙৰ মতে, নিষ্পত্তিৰ সময়ত প্ৰমোটাৰ সন্তোষ মুঞ্জাল, হিৰো মট’কৰ্প লিমিটেডৰ প্ৰমোটাৰ আৰু চেয়াৰমেন ৰেণু মুঞ্জাল,পৱন মুঞ্জাল আৰু প্ৰমোটাৰ গ্ৰুপৰ সদস্য সুনীল কান্ত মুঞ্জাল সকলোৱে এই চুক্তিত স্বাক্ষৰ কৰে। ২০১৬ চনৰ জুলাই মাহত চুক্তিখনৰ চৰ্তসমূহৰ সন্দৰ্ভত জড়িত পক্ষসমূহে সন্মতি দিছিল। ইয়াৰ পূৰ্বে ২০১৬ চনৰ ২৭ জুলাইত আনুষ্ঠানিকভাৱে এই চুক্তি স্বাক্ষৰিত হৈছিল।

এপ্ৰিলৰ পৰা জুন ত্ৰৈমাসিকত হিৰো মট’কৰ্পে ঘোষণা কৰা ফলাফল অনুসৰি লাভৰ ক্ষেত্ৰত ৩২ শতাংশ জঁপিয়াই পৰাৰ লগতে কোম্পানীটোৰ লাভ ৮২৫ কোটি টকা হোৱাৰ বিপৰীতে পৰিচালনাৰ পৰা লাভ কৰা ৰাজহ ৮৭৬৭ কোটি টকা। শেহতীয়াকৈ হিৰো মট’কৰ্প প্ৰৱৰ্তন সঞ্চালকায়ৰ লক্ষ্য উপনীত হৈছে। যোৱা মাহত প্ৰৱৰ্তন সঞ্চালকালয়ে কোম্পানীটোৰ অধ্যক্ষ পৱন মুঞ্জালৰ ঘৰত অভিযান চলাইছিল। ইতিমধ্যে আয়কৰ বিভাগে তদন্ত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী