--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
যিখন যুদ্ধ আৰম্ভ হোৱাতো শান্তিপ্ৰিয় বিশ্ববাসীয়ে কেতিয়াও বিচৰা নাছিল, সেই যুদ্ধখনৰে আৰম্ভণি হ’ল! এজন যুদ্ধবাজ নেতা হিচাপে নিজৰ স্থায়ী চিনাকি প্ৰতিষ্ঠা কৰি ভ্লাদিমীৰ পুটিনে গ্ৰহণ কৰিলে বিশ্বশান্তি ভংগ কৰাৰ পদক্ষেপ। দেশে-দেশে কৰ’নাৰ ত্ৰাস অব্যাহত থকাৰ মাজতে পুটিনে আৰম্ভ কৰা ইউক্ৰেইন যুদ্ধই যে সমগ্র বিশ্বৰে জনজীৱনক সকলো দিশৰে পৰা ভয়ানকভাৱে ক্ষতি কৰিব সেয়া এতিয়া নিশ্চিত হৈছে। পুটিনৰ যুক্তি ইউক্ৰেইনক ‘নাটো’ৰ সদস্য ৰাষ্ট্ৰ কৰি দেশখনত আমেৰিকাই ঘাটি পাতিব খুজিছে। এনে হ’লে ৰাছিয়াৰ সুৰক্ষা বিঘ্নিত হ’ব। কিন্তু এই যুক্তিৰেই ৰাছিয়াই মানৱতা বিৰোধী এখন যুদ্ধ আৰম্ভ কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। এনে এখন যুদ্ধই সমগ্র বিশ্বৰ ওপৰতে ব্যাপক ঋণাত্মক প্ৰভাৱ পেলোৱাৰ দিশটোক সমূলি গুৰুত্ব নিদিলে পুটিনে। যাৰ বাবেই এতিয়া ভ্লাদিমীৰ পুটিন যুদ্ধবাজৰ লগতে খলনায়ক হিচাপেও সচেতন বিশ্ববাসীৰ সন্মুখত চিহ্নিত হৈছে। ইউক্ৰেইন যুদ্ধই এতিয়া সমগ্র বিশ্বজুৰি ব্যাপক অৰ্থনৈতিক সংকটৰ সৃষ্টি কৰিব। ইতিমধ্যে দেশে-দেশে অৱনিমিত হৈছে শ্বেয়াৰ বজাৰ। ভাৰততো বৃহস্পতিবাৰে মুম্বাই ষ্টক একচেঞ্জৰ ছেনচেক্স খহনীয়া হৈ ২,৭০০ পইণ্ট পৰ্যন্ত। ইউৰোপৰ দেশসমূহ আৰু আমেৰিকাৰ শ্বেয়াৰ বজাৰৰো একেই অৱস্থা। আনহাতে, ইউক্ৰেইন আক্ৰমণ কৰি ৰাছিয়াই যে নিজৰ অৰ্থব্যৱস্থাতো যে কুঠাৰাঘাত কৰিলে, তাৰ প্ৰমাণ স্বৰূপে আজি বিধস্ত হ’ল ৰাছিয়াৰ শ্বেয়াৰ বজাৰ। আজি ৰাছিয়াৰ শ্বেয়াৰ বজাৰৰ ট্ৰেডিং বন্ধ কৰাৰ পৰিস্থিতিৰ উদ্ভৱ হয়। ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ ফলত ইতিমধ্যে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য আকাশলংঘী হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ বৃদ্ধি হৈছে। বৃহস্পতিবাৰেই আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দৰ প্ৰতি বেৰেলত ১০০ ডলাৰ হয়গৈ। আগন্তুক দিনসমূহত খাৰুৱা তেলৰ অধিক মূল্য বৃদ্ধি হোৱাতো নিশ্চিত বুলি এই মুহূৰ্ততে ক’ব পৰা হৈছে। খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বাবেই আগন্তুক দিনসমূহত সংকটত পৰিব আমেৰিকা, ভাৰতকে ধৰি প্ৰতিখন দেশ। ভাৰতত পেট্ৰ’ল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধি ঘটি জনতাক সংকটৰ মুখলৈ ঠেলি দিব। ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবেই জনতা সন্মুখীন হ’ব অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ ভয়াৱহ মূল্যবৃদ্ধিৰো। এতিয়া এই যুদ্ধ পৰিস্থিতিত উদ্ভৱ হোৱা সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোত অৱলোকন কৰা হওক। ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণিৰ সংকেত নেকি? ইয়াৰ উত্তৰত এইবুলি ক’ব লাগিব যদিহে আমেৰিকাৰ নেতৃত্বত 'নাটো' বাহিনী ৰুছ সেনাৰ বিৰুদ্ধে অৱতীৰ্ণ হয়, তেন্তে তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি নিশ্চয় ঘটিব। তৃতীয় বিশ্বযুদ্ধ নহ’লেও এখন বৃহৎ ইউৰোপীয়ান যুদ্ধৰ সূত্ৰপাত নিশ্চয় হ’ব। সামাজিক মাধ্যমত এতিয়া এটা বিশেষ কাৰ্টুন প্ৰত্যক্ষ কৰা হৈছে। কাৰ্টুনটোত এডল্ফ হিটলাৰে ভ্লাদিমীৰ পুটিনক গালত মৰমৰে হাত বুলাই থকা দেখা গৈছে। ইউক্ৰেইনৰ চৰকাৰী টুইটাৰত এই কার্টুনটো আপলোড কৰা হৈছে। কাৰ্টুনটোৱে বহু কথা কৈছে। হিটলাৰে পোলেণ্ড আক্ৰমণ কৰাৰ পাছত দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হৈছিল। হিটলাৰৰ বিৰুদ্ধে সমগ্র ইউৰোপ এটা সময়ত একত্ৰিত হৈ যুদ্ধত নামি পৰিছিল। এতিয়া হিটলাৰৰ দ্বিতীয় সংস্কৰণ হৈ পৰা পুটিনে। পুটিনৰ যুদ্ধবাজ আগ্ৰাসনকামী মানসিকতাৰ বাবে পুনৰ ইউৰোপত মানৱতাক ভূ-লুণ্ঠিত কৰা বৃহৎ যুদ্ধৰ সূত্ৰপাত হোৱাতো কেতিয়াও নিবিচাৰে বিশ্বৰ কোনো এগৰাকী শান্তিপ্রিয় নাগৰিকে। হিটলাৰ আৰু পুটিনৰ কাৰ্টুনটো কেতিয়াও বাস্তৱ নোহোৱা দুঃস্বপ্নৰ অংকন হিচাপেও থাকি যাওক। তাকেই মনে-প্ৰাণে কামনা কৰিছে যুদ্ধবিৰোধী শান্তিকামী জনগণে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement