--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
হঠাৎ পাকিস্তানত দেখা গ’ল হলিউডৰ তাৰকা এঞ্জেলীনাৰ জলীক!  সমগ্ৰ পাকিস্তানতে ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত ৩৩ নিযুত লোক প্ৰভাৱিত হৈছে আৰু দেশৰ এক-তৃতীয়াংশ পানীৰ তলত ডুব গৈছে। এঞ্জেলীনা জলীয়ে এই  বান পৰিস্থিতিৰ  সাক্ষী হ'বলৈ আৰু পৰিস্থিতিৰ বুজি লবলৈ মংগলবাৰে দেশখনত উপস্থিত হৈছিল৷  
 
ইয়াৰ পূৰ্বে পাকিস্তানত ২০১০ চনৰ বানপানী আৰু ২০০৫ চনৰ ভূমিকম্পৰ ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰা জলীয়ে আই আৰ চিৰ (আন্তঃৰাষ্ট্ৰীয় উদ্ধাৰ সমিতি) জৰুৰীকালীন সঁহাৰি অভিযান আৰু আফগান শৰণাৰ্থীকে ধৰি স্থানচ্যুত লোকসকলক সহায় কৰা স্থানীয় সংগঠনসমূহ পৰিদৰ্শন কৰিব। জলবায়ু পৰিৱৰ্তন, মানৱ স্থানচ্যুতি আৰু দীৰ্ঘম্যাদী নিৰাপত্তাহীনতাৰ বহুগুণে সমাধানৰ বাবে পাকিস্তানী জনসাধাৰণৰ বাবে জৰুৰী সমৰ্থন আৰু দীৰ্ঘম্যাদী সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত জলীয়ে আলোকপাত কৰিব৷ আই আৰ চিৰ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হৈছে।

তথ্য অনুসৰি তীব্ৰ বৰষুণৰ ফলত সৃষ্ট বানপানীত  জুন মাহৰ পৰা সমগ্ৰ পাকিস্তানত এক হাজাৰৰো অধিক লোকৰ প্ৰাণ হেৰুৱাইছে৷ বানত  পাকিস্তানত উৎপাদিত  শস্যৰ বৃহৎ  অংশ ধুই পেলাইছে৷  এক মিলিয়নতকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত বা ধ্বংস কৰিছে। কৰ্তৃপক্ষই জনোৱা অনুসৰি, বানপানীত মৃত্যুৰ সংখ্যা ১,৫৫৯ জনলৈ বৃদ্ধি পাইছে, যাৰ ভিতৰত আছে ৫৫১ টা শিশু আৰু ৩১৮ গৰাকী মহিলা৷ মেলেৰিয়া, ডেংগু জ্বৰ, ডায়েৰিয়া আৰু ছালৰ সংক্ৰমণৰ দৰে ভাইৰেল ৰোগেবোৰেও  পানী কমিবলৈ আৰম্ভ কৰাৰ লগে লগে সমগ্ৰ প্ৰদেশত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।
বৰষুণ আৰু প্ৰচণ্ড বানপানীয়ে ৩৩ নিযুত লোকক প্ৰভাৱিত কৰিছে আৰু ৩০ বিলিয়ন আমেৰিকান ডলাৰৰ ক্ষতি কৰিছে বুলি অনুমান কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু