--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
হঠাৎ পাকিস্তানত দেখা গ’ল হলিউডৰ তাৰকা এঞ্জেলীনাৰ জলীক!  সমগ্ৰ পাকিস্তানতে ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত ৩৩ নিযুত লোক প্ৰভাৱিত হৈছে আৰু দেশৰ এক-তৃতীয়াংশ পানীৰ তলত ডুব গৈছে। এঞ্জেলীনা জলীয়ে এই  বান পৰিস্থিতিৰ  সাক্ষী হ'বলৈ আৰু পৰিস্থিতিৰ বুজি লবলৈ মংগলবাৰে দেশখনত উপস্থিত হৈছিল৷  
 
ইয়াৰ পূৰ্বে পাকিস্তানত ২০১০ চনৰ বানপানী আৰু ২০০৫ চনৰ ভূমিকম্পৰ ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰা জলীয়ে আই আৰ চিৰ (আন্তঃৰাষ্ট্ৰীয় উদ্ধাৰ সমিতি) জৰুৰীকালীন সঁহাৰি অভিযান আৰু আফগান শৰণাৰ্থীকে ধৰি স্থানচ্যুত লোকসকলক সহায় কৰা স্থানীয় সংগঠনসমূহ পৰিদৰ্শন কৰিব। জলবায়ু পৰিৱৰ্তন, মানৱ স্থানচ্যুতি আৰু দীৰ্ঘম্যাদী নিৰাপত্তাহীনতাৰ বহুগুণে সমাধানৰ বাবে পাকিস্তানী জনসাধাৰণৰ বাবে জৰুৰী সমৰ্থন আৰু দীৰ্ঘম্যাদী সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত জলীয়ে আলোকপাত কৰিব৷ আই আৰ চিৰ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হৈছে।

তথ্য অনুসৰি তীব্ৰ বৰষুণৰ ফলত সৃষ্ট বানপানীত  জুন মাহৰ পৰা সমগ্ৰ পাকিস্তানত এক হাজাৰৰো অধিক লোকৰ প্ৰাণ হেৰুৱাইছে৷ বানত  পাকিস্তানত উৎপাদিত  শস্যৰ বৃহৎ  অংশ ধুই পেলাইছে৷  এক মিলিয়নতকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত বা ধ্বংস কৰিছে। কৰ্তৃপক্ষই জনোৱা অনুসৰি, বানপানীত মৃত্যুৰ সংখ্যা ১,৫৫৯ জনলৈ বৃদ্ধি পাইছে, যাৰ ভিতৰত আছে ৫৫১ টা শিশু আৰু ৩১৮ গৰাকী মহিলা৷ মেলেৰিয়া, ডেংগু জ্বৰ, ডায়েৰিয়া আৰু ছালৰ সংক্ৰমণৰ দৰে ভাইৰেল ৰোগেবোৰেও  পানী কমিবলৈ আৰম্ভ কৰাৰ লগে লগে সমগ্ৰ প্ৰদেশত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।
বৰষুণ আৰু প্ৰচণ্ড বানপানীয়ে ৩৩ নিযুত লোকক প্ৰভাৱিত কৰিছে আৰু ৩০ বিলিয়ন আমেৰিকান ডলাৰৰ ক্ষতি কৰিছে বুলি অনুমান কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ