--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে আজি নতুন দিল্লীত মছজিদ প্ৰদৰ্শন কৰি মুখ্য ধৰ্মগুৰুৰ সৈতে বৈঠকত মিলিত হয়৷ মোহন ভাগৱত আৰু ইমাম উমেৰ আহমেদ ইলিয়াছিৰ মাজত আজি প্ৰায় এঘণ্টাজুৰি বৈঠক অনুষ্ঠিত হয়৷ 

আজি দিল্লীৰ এটা মছজিদত নিখিল ভাৰত ইমাম সংগঠনৰ মুখ্য মৌলবী উমেৰ আহমেদ ইলিয়াছিক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে সাক্ষাৎ কৰে। এমাহতকৈ অধিক সময়ৰ ভিতৰত মুছলমান বুদ্ধিজীৱীৰ সৈতে আৰএছএছৰ মুৰব্বীগৰাকীৰ এয়া দ্বিতীয়খন বৈঠক। ইয়াৰ পূৰ্বে মোহন ভাগৱতে ‘সাম্প্ৰদায়িক সম্প্ৰীতি শক্তিশালী কৰাৰ’ বাবে পাঁচজন মুছলমান বুদ্ধিজীৱীক সাক্ষাৎ কৰিছিল।

আৰএছএছৰ মুখপাত্ৰ সুনীল আম্বেদকাৰে কয় যে এই বৈঠকখন নিৰন্তৰ আলোচনা প্ৰক্ৰিয়াৰ অংশ আছিল। আৰএছএছৰ মুখপাত্ৰগৰাকীয়ে কয় যে, আৰএছএছৰ সংঘচালকে সকলো স্তৰৰ লোকক সাক্ষাৎ কৰে। এয়া এক নিৰন্তৰ সাধাৰণ আলোচনা প্ৰক্ৰিয়াৰ অংশ।

কস্তুৰবা গান্ধী মাৰ্গ মছজিদত মোহন ভাগৱত আৰু ইমামৰ মাজত এঘণ্টাৰো অধিক সময় ধৰি বৈঠক চলিছিল। সভাত সংঘৰ জ্যেষ্ঠ কৰ্মকৰ্তাসকলো উপস্থিত আছিল। ভাগৱতৰ সৈতে সংঘৰ জ্যেষ্ঠ কৰ্মকৰ্তা কৃষ্ণ গোপাল, ৰামলাল আৰু ইন্দ্ৰেশ কুমাৰ উপস্থিত থাকে।

ইয়াৰ পূৰ্বে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে মুছলমান বুদ্ধিজীৱী, দিল্লীৰ প্ৰাক্তন এল জি নজীব জং আৰু প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰাইশীৰ সৈতে এক বন্ধ দুৱাৰ বৈঠকত মিলিত হৈছিল৷
নূপুৰ শৰ্মাৰ উত্তেজনামূলক ভাষণ বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছতে মোহন ভাগৱতৰ সৈতে এখন বৈঠক বিচাৰিছিল এইসকল মুছলমান বুদ্ধিজীৱীয়ে। সভাত উপস্থিত থকা এজন সদস্যই ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানক জনোৱা মতে, ঘৃণামূলক ভাষণ, জ্ঞানবাপী মছজিদৰ বিষয়, ঘৃণাজনিত অপৰাধৰ বিষয়ে আলোচনা কৰা হৈছিল উক্ত বৈঠকত৷

উক্ত বৈঠকখনৰ পাছতে আৰএছএছৰ মুৰব্বীগৰাকীয়ে কৈছিল প্ৰতিটো মছজিদতে এজন শিৱলিংগ কিয় বিচাৰিব লাগে?আমি হিন্দু আৰু মুছলমানৰ মাজত বিভাজন দূৰ কৰিবলৈ কাম কৰিব লাগিব।

তাৰ পাছতে আজি মোহন ভাগৱতে মছজিদ পৰিদৰ্শন কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ মুছলমান লোকক আকৰ্ষণ কৰা বাবে এনে কাৰ্য কৰিছে নেকি সেই বিষয়েও এতিয়া প্ৰশ্ন উঠিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু