--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে আজি নতুন দিল্লীত মছজিদ প্ৰদৰ্শন কৰি মুখ্য ধৰ্মগুৰুৰ সৈতে বৈঠকত মিলিত হয়৷ মোহন ভাগৱত আৰু ইমাম উমেৰ আহমেদ ইলিয়াছিৰ মাজত আজি প্ৰায় এঘণ্টাজুৰি বৈঠক অনুষ্ঠিত হয়৷ 

আজি দিল্লীৰ এটা মছজিদত নিখিল ভাৰত ইমাম সংগঠনৰ মুখ্য মৌলবী উমেৰ আহমেদ ইলিয়াছিক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে সাক্ষাৎ কৰে। এমাহতকৈ অধিক সময়ৰ ভিতৰত মুছলমান বুদ্ধিজীৱীৰ সৈতে আৰএছএছৰ মুৰব্বীগৰাকীৰ এয়া দ্বিতীয়খন বৈঠক। ইয়াৰ পূৰ্বে মোহন ভাগৱতে ‘সাম্প্ৰদায়িক সম্প্ৰীতি শক্তিশালী কৰাৰ’ বাবে পাঁচজন মুছলমান বুদ্ধিজীৱীক সাক্ষাৎ কৰিছিল।

আৰএছএছৰ মুখপাত্ৰ সুনীল আম্বেদকাৰে কয় যে এই বৈঠকখন নিৰন্তৰ আলোচনা প্ৰক্ৰিয়াৰ অংশ আছিল। আৰএছএছৰ মুখপাত্ৰগৰাকীয়ে কয় যে, আৰএছএছৰ সংঘচালকে সকলো স্তৰৰ লোকক সাক্ষাৎ কৰে। এয়া এক নিৰন্তৰ সাধাৰণ আলোচনা প্ৰক্ৰিয়াৰ অংশ।

কস্তুৰবা গান্ধী মাৰ্গ মছজিদত মোহন ভাগৱত আৰু ইমামৰ মাজত এঘণ্টাৰো অধিক সময় ধৰি বৈঠক চলিছিল। সভাত সংঘৰ জ্যেষ্ঠ কৰ্মকৰ্তাসকলো উপস্থিত আছিল। ভাগৱতৰ সৈতে সংঘৰ জ্যেষ্ঠ কৰ্মকৰ্তা কৃষ্ণ গোপাল, ৰামলাল আৰু ইন্দ্ৰেশ কুমাৰ উপস্থিত থাকে।

ইয়াৰ পূৰ্বে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে মুছলমান বুদ্ধিজীৱী, দিল্লীৰ প্ৰাক্তন এল জি নজীব জং আৰু প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰাইশীৰ সৈতে এক বন্ধ দুৱাৰ বৈঠকত মিলিত হৈছিল৷
নূপুৰ শৰ্মাৰ উত্তেজনামূলক ভাষণ বিতৰ্কৰ সৃষ্টি হোৱাৰ পাছতে মোহন ভাগৱতৰ সৈতে এখন বৈঠক বিচাৰিছিল এইসকল মুছলমান বুদ্ধিজীৱীয়ে। সভাত উপস্থিত থকা এজন সদস্যই ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানক জনোৱা মতে, ঘৃণামূলক ভাষণ, জ্ঞানবাপী মছজিদৰ বিষয়, ঘৃণাজনিত অপৰাধৰ বিষয়ে আলোচনা কৰা হৈছিল উক্ত বৈঠকত৷

উক্ত বৈঠকখনৰ পাছতে আৰএছএছৰ মুৰব্বীগৰাকীয়ে কৈছিল প্ৰতিটো মছজিদতে এজন শিৱলিংগ কিয় বিচাৰিব লাগে?আমি হিন্দু আৰু মুছলমানৰ মাজত বিভাজন দূৰ কৰিবলৈ কাম কৰিব লাগিব।

তাৰ পাছতে আজি মোহন ভাগৱতে মছজিদ পৰিদৰ্শন কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ মুছলমান লোকক আকৰ্ষণ কৰা বাবে এনে কাৰ্য কৰিছে নেকি সেই বিষয়েও এতিয়া প্ৰশ্ন উঠিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান