--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হলিউডৰ তাৰকাসকলক যিমানেই গ্লেমাৰে আৱৰি থাকে, সেই অনুপাতে তেওঁলোকে প্ৰচুৰ মানৱীয় সংবেদনশীল অনুভূতিৰো গৰাকী। তাৰ এক উদাহৰণ দাঙি ধৰিছে কেট উইনশ্লেটে।

চেৰিব্ৰাল পালচিত আক্ৰান্ত এগৰাকী কিশোৰীৰ প্ৰাণৰক্ষাৰ বাবে উঠি পৰি লাগিচে টাইটানিকৰ ‘ৰোজ’খ্যাত কেট। দুৰাৰোগ্য ৰোগবিধত আক্ৰন্ত হোৱা ফ্ৰেয়া এজনী বাৰ বছৰ বয়সীয়া কিশোৰী। স্কটলেণ্ডনিবাসী ফ্ৰেয়া বৰ্তমান শয্যশায়ী।

ফ্ৰেয়াক বচাবলৈ লাইফ চাপোৰ্ট যন্ত্ৰৰ সাহাৰ্য লোৱা হৈছে। কিন্তু যন্ত্ৰটোৰ বাবেই বিপুল পৰিমাণৰ বিদ্যুৎ বিল পৰিশোধ কৰিব লগা হৈছে কিশোৰীজনীৰ মাতৃ কেৰ’লিন হাণ্টাৰ।

সংবাদপত্ৰত প্ৰকাশিত বাতৰি অনুযায়ী, এই যন্ত্ৰটো চলোৱাৰ ফলত বছৰি তেওঁলোকে ৬,৫০০ পাউণ্ড টকা খৰচ কৰিব লাগিব। ইয়াৰ পৰিমাণ ভাৰতীয় হিচাপত ৬ লাখ টকাৰো বেছি।

কিন্তু এই পৰিমাণৰ বিদ্যুতৰ মাচুল বহন কৰিবলৈ অক্ষম কেৰ’লিন। যাৰ ফলত সংবাদ মাধ্যমৰ দ্বাৰস্থ হৈ সহায় ভিক্ষা কৰিব ধৰে মাতৃগৰাকীয়ে।

তাৰপাছতে খবৰটো হলিউডৰ তাৰকা কেট উইনশ্লেটৰ চকুত পৰে। এটা বেচৰকাৰী সংস্থাৰ যোগেৰে তেওঁ কিশোৰীগৰাকীৰ মাতৃৰ স’তে যোগাযোগ কৰে।

কেৱল যোগাযোগেই নহয়, কিশোৰীগৰাকীৰ প্ৰাণৰক্ষা কৰিবলৈ ভাৰতীয় মূল্যত মুঠ ১৭ লাখ টকা প্ৰদান কৰে অভিনেত্ৰীগৰাকীয়ে।

কেট উইনশ্লেটৰ এই মহানুভৱতাত উৎফুল্লিত হৈ কিশোৰীগৰাকীৰ মাতৃ কেৰোলিনে কয় যে ভয়-আশংকাৰ মাজেৰে দিন কটাইছিল। কিন্তু কেট উইনশ্লেটৰ দৰে এগৰাকী মানৱদৰদী লোকে এই সহায় কৰাত সুখী তেওঁ।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement