--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বন্ধু ধনুষৰ পদাংক অনুসৰণ কৰা দেখা যাব চাউথৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনক। ধনুষ যেনেকৈ হলিউডত প্ৰৱেশ কৰিছে ঠিক তেনেদৰে ক’ৰবাত আল্লু অৰ্জুনৰো প্ৰস্তুতিৰ কামত ব্যস্ত। আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা: দ্যা ৰাইজ’ বক্স অফিচত জনপ্ৰিয় হোৱাৰ পাছৰে পৰা তেওঁ যাতে হলিউডত প্ৰৱেশ কৰিব পাৰে তাৰ বাবে চেষ্টা চলাইছে। খবৰ অনুসৰি, নিউয়ৰ্কৰ ভাৰত দিৱস পেৰেডত আল্লু অৰ্জুনে বহু ডাঙৰ মানুহক সাক্ষাৎ কৰিছে।

‘পুষ্পা: দ্যা ৰাইজ’ পিংকভিলাত হিট হোৱাৰ পিছত হলিউডত প্ৰৱেশ কৰিব পাৰে আল্লু অৰ্জুনে

বাতৰিসমূহত দাবী কৰা হৈছে যে বিগত কেইবাদিন ধৰি আল্লু অৰ্জুনে ছুপাৰহিৰো ফ্ৰেঞ্চাইজিৰ সৈতে বৈঠকত মিলিত হৈছে। যদি খবৰ বিশ্বাস কৰিব লাগে তেন্তে হলিউডত প্ৰৱেশ কৰা শেহতীয়া তাৰকাৰ তালিকাত অন্তৰ্ভুক্ত হ’ব পাৰে আলু অৰ্জুনক। ছুপাৰহিৰো ফ্ৰেঞ্চাইজি ছবি কৰা ভাৰতীয় অভিনেতাসকলৰ সৈতেও যোগ দিব আল্লু অৰ্জুনে।

শেহতীয়াকৈ ফাৰহান আখতাৰে এম চি ইউত অভিষেক ঘটাইছে। তেওঁ ‘মিছ মাৰ্ভেল’ ধাৰাবাহিকত অভিনয় কৰিছে। শ্বাহৰুখ খানে চিনেমেটিক ইউনিভাৰ্ছতো প্ৰৱেশ কৰিছে। এই ৱেব ছিৰিজত তেওঁৰ নাম আহিছে। ছুপাৰহিৰোৰ কথা ক’বলৈ গ’লে কিছুদিন পূৰ্বে ৰিয়ান গ’ছলিং আৰু ক্ৰীছ ইভান্সৰ সৈতে ‘দ্য গ্ৰে মেন’ ছবিখনত অভিনয় কৰিছে ধনুষে। হলিউডৰ ছবি ‘হাৰ্ট অৱ ষ্টোন’ত ভীল গাদোটৰ সৈতে দেখা যাব আলিয়া ভাটক। যোৱা মাহত ছবিখনৰ শ্বুটিং সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি আহিছিল আলিয়া।

আল্লু অৰ্জুনে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল এখন ফটো, য’ত তেওঁক নিউয়ৰ্কৰ টাইমছ স্কোৱাৰত থিয় হৈ থকা দেখা গৈছিল। পিছফালে বিল ব’ৰ্ডত আছিল আল্লুৰ ফটো। নিউয়ৰ্কত অনুষ্ঠিত ভাৰত দিৱস পেৰেডৰো নেতৃত্ব দিছিল আল্লুৱে। ইয়াৰ উপৰিও ‘পুষ্পা: দ্যা ৰুল’ ছবিখনৰ শ্বুটিং আৰম্ভ কৰিছে আল্লু অৰ্জুনে। ‘পুষ্পা: দ্যা ৰুল’ৰ মুক্তিৰ তাৰিখ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও বিজনেছ টুডেত প্ৰকাশিত এক প্ৰতিবেদনত নিৰ্মাতাসকলে ২০২৩ চনৰ আগষ্টৰ ভিতৰত ছবিখন মুক্তি দিব বিচাৰিছে বুলি প্ৰকাশ কৰিছে। নিৰ্মাতাসকলে লগতে কৈছিল যে এইবাৰ ছবিখন অধিক জোৰদাৰভাৱে বিপণন কৰাৰ পাছত এক ভয়ংকৰ ৰূপত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?