--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ৯০ দশকৰ অন্যতম বিখ্যাত অভিনেত্ৰী ৰবীনা টেণ্ডন(Raveena Tandon)। 'টিপ টিপ বৰছা পানী'ত তেওঁৰ নৃত্যৰ লয়লাস ভংগীমাক এতিয়াও মানুহে মনত ৰাখিছে। ৰবীনা টেণ্ডনৰ বয়স বৰ্তমান ৪৭ বছৰ কিন্তু সৌন্দৰ্য আৰু ফিটনেছৰ ফালৰ পৰা আজিৰ যুৱ অভিনেত্ৰীসকলতকৈ তেওঁ কোনো গুণে কম নহয়। আপুনি কেতিয়াবা ভাবিছেনে ৪৭ বছৰ বয়সতো দেখাত ইমান কম বয়সীয়া আৰু ফিট হৈ থাকিবলৈ ৰবীনা টেণ্ডনে কি খায়? যদি আপুনিও তেনে হৈ থাকিবলৈ বিচাৰে তেন্তে আহকচোন জানো ৰবীনা টেণ্ডনৰ ডায়েটৰ গোপন কথা।


ৰবীনাক কম বয়সীয়া দেখাৰ ৰহস্য কি?

ৰবীনাই কয় যে তেওঁ সন্তানৰ সৈতে ঘৰৰ চাদত ৱৰ্কআউট কৰি ভাল পায় আৰু তেওঁ ৱৰ্কআউটৰ বাবে কেতিয়াও জিমলৈ নাযায়। ইয়াৰ বাহিৰেও ৰবীনাই তেওঁৰ এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ বহুত ফল-মূল আৰু প্ৰ’বায়’টিক সেৱন কৰে, যাৰ ফলত তেওঁৰ বয়স অতি কম দেখা যায়। ৰবীনাই দৈ খুব খায়। ৰবীনাই জনোৱা মতে, দৈত এন্টিঅক্সিডেন্ট, লেক্টিক এচিড, ওমেগা ৩ ফেটি এচিড পোৱা যায় যিয়ে ছালৰ কলাজেন বৃদ্ধি কৰাত সহায় কৰে আৰু ছালখন সুস্থ, যৌৱনপুষ্ট কৰি ৰাখে। লগতে দৈ আৰু ফল-মূলে ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে।


ৰবীনাই লগতে জনায় যায় তেওঁ খাদ্যৰ কোনো বাচ-বিচাৰ নকৰে। যি মন যায় সেয়াই খায় ৰবীনাই। তেওঁ অন্য অভিনেত্ৰীৰ দৰে কোনো ধৰণৰ খাদ্য খোৱাৰ পৰা বিৰত নাথাকে। ৰবীনাই দৈনন্দিন খাদ্য তালিকাত মচুৰ দাইল, ভাজি, ৰুটি আৰু দৈ অন্তৰ্ভুক্ত কৰে। ৰবীনা দৈৰ প্ৰতি অতি আকৰ্ষিত আৰু তেওঁ কয় যে দৈয়ে পেটক ঠাণ্ডা কৰি ৰখাৰ কাম কৰে আৰু লগতে হজম কাৰ্য্যতো সহায় কৰে। 

ৰবীনাই কয় যে, মই সকলোধৰণৰ খাদ্য খাওঁ, তেল-মচলাযুক্ত খাদ্যও খাও, মিঠাই খায়ো মই খুব ভালপাওঁ কিন্তু খাদ্য খাই মই শুই-বহি নাথাকো। সময় উলিয়াই মই ব্যায়াম সদায় কৰো। 

ৰবীনাই কৰ’না মহামাৰীৰ সময়ত খাবলৈ আৰম্ভ কৰা এবিধ পানীয়ৰ কথা শ্বেয়াৰ কৰিছে। এই ঘৰতে বনোৱা পানীয় প্ৰস্তুত কৰিবলৈ ৰবীনাই নিজৰ ফাৰ্মৰ জৈৱিক হালধি, লং, আদা, জালুক, অজৱাইন আৰু অলপ ঘিউ ব্যৱহাৰ কৰে। এই টনিকে ৰবীনাক সক্ৰিয় আৰু ফিট কৰি ৰখাই নহয়, তেওঁৰ ওজনকো নিয়ন্ত্ৰণত ৰাখে।

ৰবীনাই সাঁতোৰ, যোগাসন আৰু কাৰ্ডিঅ’ কৰি ভাল পায় আৰু ঘৰতে থাকি এই সকলোবোৰ কৰে। ছ’চিয়েল মিডিয়াতো যোগাসন কৰি থকাৰ সময়ত ৰবীনাই তেওঁৰ বহু ভিডিঅ’ শ্বেয়াৰ কৰিছে। তেওঁ জিম যোৱাত কেতিয়াও প্ৰাধান্য নিদিয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু