--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ৯০ দশকৰ অন্যতম বিখ্যাত অভিনেত্ৰী ৰবীনা টেণ্ডন(Raveena Tandon)। 'টিপ টিপ বৰছা পানী'ত তেওঁৰ নৃত্যৰ লয়লাস ভংগীমাক এতিয়াও মানুহে মনত ৰাখিছে। ৰবীনা টেণ্ডনৰ বয়স বৰ্তমান ৪৭ বছৰ কিন্তু সৌন্দৰ্য আৰু ফিটনেছৰ ফালৰ পৰা আজিৰ যুৱ অভিনেত্ৰীসকলতকৈ তেওঁ কোনো গুণে কম নহয়। আপুনি কেতিয়াবা ভাবিছেনে ৪৭ বছৰ বয়সতো দেখাত ইমান কম বয়সীয়া আৰু ফিট হৈ থাকিবলৈ ৰবীনা টেণ্ডনে কি খায়? যদি আপুনিও তেনে হৈ থাকিবলৈ বিচাৰে তেন্তে আহকচোন জানো ৰবীনা টেণ্ডনৰ ডায়েটৰ গোপন কথা।


ৰবীনাক কম বয়সীয়া দেখাৰ ৰহস্য কি?

ৰবীনাই কয় যে তেওঁ সন্তানৰ সৈতে ঘৰৰ চাদত ৱৰ্কআউট কৰি ভাল পায় আৰু তেওঁ ৱৰ্কআউটৰ বাবে কেতিয়াও জিমলৈ নাযায়। ইয়াৰ বাহিৰেও ৰবীনাই তেওঁৰ এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ বহুত ফল-মূল আৰু প্ৰ’বায়’টিক সেৱন কৰে, যাৰ ফলত তেওঁৰ বয়স অতি কম দেখা যায়। ৰবীনাই দৈ খুব খায়। ৰবীনাই জনোৱা মতে, দৈত এন্টিঅক্সিডেন্ট, লেক্টিক এচিড, ওমেগা ৩ ফেটি এচিড পোৱা যায় যিয়ে ছালৰ কলাজেন বৃদ্ধি কৰাত সহায় কৰে আৰু ছালখন সুস্থ, যৌৱনপুষ্ট কৰি ৰাখে। লগতে দৈ আৰু ফল-মূলে ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে।


ৰবীনাই লগতে জনায় যায় তেওঁ খাদ্যৰ কোনো বাচ-বিচাৰ নকৰে। যি মন যায় সেয়াই খায় ৰবীনাই। তেওঁ অন্য অভিনেত্ৰীৰ দৰে কোনো ধৰণৰ খাদ্য খোৱাৰ পৰা বিৰত নাথাকে। ৰবীনাই দৈনন্দিন খাদ্য তালিকাত মচুৰ দাইল, ভাজি, ৰুটি আৰু দৈ অন্তৰ্ভুক্ত কৰে। ৰবীনা দৈৰ প্ৰতি অতি আকৰ্ষিত আৰু তেওঁ কয় যে দৈয়ে পেটক ঠাণ্ডা কৰি ৰখাৰ কাম কৰে আৰু লগতে হজম কাৰ্য্যতো সহায় কৰে। 

ৰবীনাই কয় যে, মই সকলোধৰণৰ খাদ্য খাওঁ, তেল-মচলাযুক্ত খাদ্যও খাও, মিঠাই খায়ো মই খুব ভালপাওঁ কিন্তু খাদ্য খাই মই শুই-বহি নাথাকো। সময় উলিয়াই মই ব্যায়াম সদায় কৰো। 

ৰবীনাই কৰ’না মহামাৰীৰ সময়ত খাবলৈ আৰম্ভ কৰা এবিধ পানীয়ৰ কথা শ্বেয়াৰ কৰিছে। এই ঘৰতে বনোৱা পানীয় প্ৰস্তুত কৰিবলৈ ৰবীনাই নিজৰ ফাৰ্মৰ জৈৱিক হালধি, লং, আদা, জালুক, অজৱাইন আৰু অলপ ঘিউ ব্যৱহাৰ কৰে। এই টনিকে ৰবীনাক সক্ৰিয় আৰু ফিট কৰি ৰখাই নহয়, তেওঁৰ ওজনকো নিয়ন্ত্ৰণত ৰাখে।

ৰবীনাই সাঁতোৰ, যোগাসন আৰু কাৰ্ডিঅ’ কৰি ভাল পায় আৰু ঘৰতে থাকি এই সকলোবোৰ কৰে। ছ’চিয়েল মিডিয়াতো যোগাসন কৰি থকাৰ সময়ত ৰবীনাই তেওঁৰ বহু ভিডিঅ’ শ্বেয়াৰ কৰিছে। তেওঁ জিম যোৱাত কেতিয়াও প্ৰাধান্য নিদিয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?