--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাজবাদী পাৰ্টিৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে এটা ভিডিঅ’ক লৈ বিজেপিক কৰিছে তীব্ৰ আক্ৰমণ। এই ভিডিঅ'টোত মহিলা বডি বিল্ডাৰে বিকিনি পিন্ধি প’জ দিয়া দেখা গৈছে কিন্তু মঞ্চত আছে ভগৱান হনুমানৰ মূৰ্তি। ভগৱান হনুমানৰ মূৰ্তিৰ সন্মুখত মহিলা বডি বিল্ডাৰে বিকিনি পিন্ধি প’জ দিয়াৰ সন্দৰ্ভত যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই ভিডিঅ'টো ৰাজনীতিতো চৰ্চাৰ বিষয় হৈ পৰিছে। 

ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছেও এই ভিডিঅ’টোক লৈ মৌনতা অৱলম্বন কৰা নাই। কংগ্ৰেছেও ইয়াৰ সম্যক তদন্তৰ দাবী জনাইছে। এই বডী বিল্ডিং চেম্পিয়নশ্বিপ বিজেপিৰ নেতৃত্বত আয়োজন কৰা হৈছিল। উল্লেখ্য যে কুস্তি বা শৰীৰচৰ্চাত হনুমানক আৰাধ্য দেৱতা বুলি মনা হয়। 

ঘটনা অনুসৰি এই ভিডিঅ’টোত মধ্যপ্ৰদেশৰ ৰাটলামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বডী বিল্ডিং চেম্পিয়নশ্বিপত মহিলা বডি বিল্ডাৰসকলে বিকিনি পিন্ধি ভগৱান হনুমানৰ মূৰ্তিৰ সন্মুখত ৱাক কৰা আৰু প’জ দিয়া দেখা গৈছে। এই বিষয়টোৱে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত সনা বুলি চৰ্চা আৰম্ভ হৈছে।

অখিলেশ যাদৱে এই ভিডিঅ'টোৰ বিষয়ে টুইট কৰি লিখিছে যে- "বিজেপিয়ে ধৰ্মীয় অনুভূতিক অপমান কৰা উচিত নহয়।" সমাজবাদী পাৰ্টিৰ লগতে একে সময়তে সমগ্ৰ ঘটনাক লৈ কংগ্ৰেছেও আপত্তি কৰি বিষয়টোৰ পুংখানুপুংখ তদন্তৰ দাবী জনায়। কংগ্ৰেছে কয় যে বিজেপিয়ে সমাজত অশ্লীলতা বিয়পাইছে আৰু ভাৰতীয় সংস্কৃতিৰ ঠাট্টা-মস্কৰা কৰিছে। কংগ্ৰেছৰ কেইজনমান নেতাই এই স্থলীলৈ গৈ গংগাজল ছটিয়াই শুদ্ধিকৰণ কৰে আৰু হনুমান চালিছা পাঠ কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে