--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাজবাদী পাৰ্টিৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে এটা ভিডিঅ’ক লৈ বিজেপিক কৰিছে তীব্ৰ আক্ৰমণ। এই ভিডিঅ'টোত মহিলা বডি বিল্ডাৰে বিকিনি পিন্ধি প’জ দিয়া দেখা গৈছে কিন্তু মঞ্চত আছে ভগৱান হনুমানৰ মূৰ্তি। ভগৱান হনুমানৰ মূৰ্তিৰ সন্মুখত মহিলা বডি বিল্ডাৰে বিকিনি পিন্ধি প’জ দিয়াৰ সন্দৰ্ভত যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই ভিডিঅ'টো ৰাজনীতিতো চৰ্চাৰ বিষয় হৈ পৰিছে। 

ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছেও এই ভিডিঅ’টোক লৈ মৌনতা অৱলম্বন কৰা নাই। কংগ্ৰেছেও ইয়াৰ সম্যক তদন্তৰ দাবী জনাইছে। এই বডী বিল্ডিং চেম্পিয়নশ্বিপ বিজেপিৰ নেতৃত্বত আয়োজন কৰা হৈছিল। উল্লেখ্য যে কুস্তি বা শৰীৰচৰ্চাত হনুমানক আৰাধ্য দেৱতা বুলি মনা হয়। 

ঘটনা অনুসৰি এই ভিডিঅ’টোত মধ্যপ্ৰদেশৰ ৰাটলামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বডী বিল্ডিং চেম্পিয়নশ্বিপত মহিলা বডি বিল্ডাৰসকলে বিকিনি পিন্ধি ভগৱান হনুমানৰ মূৰ্তিৰ সন্মুখত ৱাক কৰা আৰু প’জ দিয়া দেখা গৈছে। এই বিষয়টোৱে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত সনা বুলি চৰ্চা আৰম্ভ হৈছে।

অখিলেশ যাদৱে এই ভিডিঅ'টোৰ বিষয়ে টুইট কৰি লিখিছে যে- "বিজেপিয়ে ধৰ্মীয় অনুভূতিক অপমান কৰা উচিত নহয়।" সমাজবাদী পাৰ্টিৰ লগতে একে সময়তে সমগ্ৰ ঘটনাক লৈ কংগ্ৰেছেও আপত্তি কৰি বিষয়টোৰ পুংখানুপুংখ তদন্তৰ দাবী জনায়। কংগ্ৰেছে কয় যে বিজেপিয়ে সমাজত অশ্লীলতা বিয়পাইছে আৰু ভাৰতীয় সংস্কৃতিৰ ঠাট্টা-মস্কৰা কৰিছে। কংগ্ৰেছৰ কেইজনমান নেতাই এই স্থলীলৈ গৈ গংগাজল ছটিয়াই শুদ্ধিকৰণ কৰে আৰু হনুমান চালিছা পাঠ কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক